Zubeen Garg:✒️জুবিন গাৰ্গৰ হত্যাৰ গোচৰত বিশেষ তদন্তকাৰী গোট (এছআইটি) ৰ আগত দুদিন ভাষ্য প্রদান কৰি ছিংগাপুৰলৈ উভতিল প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা। ছিংগাপুৰৰ সাগৰত শিল্পীগৰাকীৰ লগত সংঘটিত ঘটনাৰ প্রত্যক্ষদর্শী ৰূপকমল এনেদৰে ভাষ্য প্রদান কৰি উভতি যাবলৈ সুযোগ লাভ কৰাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।
আৰক্ষী সূত্ৰই দাবী কৰা অনুসৰি, প্রয়োজনীয় সময়ত ভাৰতীয় নাগৰিক ৰূপকমল পুনৰ এছআইটিৰ সন্মুখীন হ’ব লাগিব পাৰে। নিজৰ বাবে ভৱিষ্যতৰ দুৱাৰ খোলা ৰাখি ৰূপকমল অন্ততঃ প্রথমবাৰলৈ উভতি যাবলৈ সক্ষম হ’লেও দেশখনত থকা জুবিনৰ মৃত্যুৰ ঘটনাৰ প্রত্যক্ষদর্শী আন প্রবাসী অসমীয়া কেইজনৰ স্থিতি কি হ’ব, সেয়া এই পর্যন্ত মুঠেই স্পষ্ট হোৱা নাই।
ছিংগাপুৰৰ সেইসকল প্রবাসী অসমীয়াই হিয়াৰ আমঠ শিল্পীগৰাকীৰ তদন্তত কিমানদূৰ সহযোগ কৰিব, তাক লৈ চৰকাৰ-আৰক্ষী কোনোপক্ষই নিশ্চিত হ’ব পৰা নাই। যদিহে তেওঁলোকে তদন্তত সহযোগ নকৰে, তেন্তে জুবিনে ন্যায় পোৱাৰ বাট মাজতে বন্ধ হৈ পৰিব বুলি শংকাৰ সৃষ্টি নোহোৱাকৈ থকা নাই।
সাক্ষী নাহিলেও নির্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ’বই বুলি শীর্ষ আৰক্ষী সূত্রত প্রকাশ; সেয়ে হ’বলৈ হ’লে সেই অভিযোগনামা অসম্পূৰ্ণ হৈ ৰ’ব বুলি আশংকাৰ সৃষ্টি হৈছে। আজি ৰূপকমল কলিতা নিচেই পুৱাতে ছিংগাপুৰলৈ ৰাওনা হয়। তাৰ বাবে যোৱা নিশা আৰক্ষীয়ে নিৰাপত্তাৰ মাজেৰে ৰূপকমলক বৰঝাৰৰ বিমানকোঠত থৈ আহে।
বিমানকোঠতো নিৰাপত্তাৰ মাজতে থাকে সংঘটিত ঘটনাৰ অন্যতম প্রত্যক্ষদর্শীজন। চর্চা অনুসৰি, ৰূপকমলৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰে আৰক্ষীয়ে আনসকল প্রবাসী নির্ভয়ে অসমলৈ আহিব পাৰিব বুলি এক বার্তা দিব বিচাৰিছে। ইয়াৰ বাবে পৰিৱেশ গঢ়ি তুলিবলৈ ৰূপকমলক চৰকাৰী ব্যয়ত অসমলৈ অনা হয়।
চর্চা অনুসৰি, ৰূপকমলৰ আত্মীয় এজন শাসকীয় বিজেপিৰ নেতা। সেই সূত্রে ৰূপকমলৰ লগত যোগাযোগ স্থাপন কৰি চৰকাৰৰ সম্পূৰ্ণ খৰচত অসমলৈ অনা হয়। অসমৰ পৰা ঘূৰাই পঠিওৱাৰো নিশ্চিত প্রতিশ্রুতি আগতীয়াকৈ দিয়া হয়। তাৰ লগতে নিৰাপত্তাৰ দিশটোও নিশ্চিত কৰিব বুলি ৰূপকমলক আশ্বস্ত কৰা হয়।
সেই প্রতিশ্রুতি অনুসৰিয়ে তেওঁক ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ অনা হয়। বিমানকোঠৰ পৰা কঠোৰ নিৰাপত্তাৰ মাজেৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিথিশালাত ৰখা, অতিথিশালাৰ পৰা চিআইডিৰ কাৰ্যালয়লৈ নিয়া আদি সকলোতে পৰিকল্পনা অনুসৰি ব্যৱস্থা গ্রহণ কৰা হয়।
এনে ব্যৱস্থাৰ অংশৰূপেই ৰূপকমলক এছআইটিৰ সম্মুখত বক্তব্য দিবলৈ লৈ যোৱাৰ সময়ত বাহনখন চিআইডিৰ মুখ্য কাৰ্যালয়ৰ একেবাৰে চোতাললৈ লৈ যোৱা হয়। তাৰ পৰা উলিয়াই অনাৰ সময়তো কাৰ্যালয়ৰ চোতালতে গাড়ীত উঠোৱা হয়। কোনো লোকে যাতে ঢুকি নাপায়, তাৰ বাবেই এনে কঠোৰ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰে। সেয়েহে এই ক্ষেত্রত কোনো ৰহস্য থকা বুলি বিভিন্ন মহলে সন্দেহ প্রকাশ কৰিছে।





























