Food poisoning:
কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলত অঘটন। খাদ্যত বিষক্রিয়া হোৱাৰ ফলত অসুস্থ পৰে ১৪ গৰাকীকৈ শিক্ষার্থীক। অসুস্থ শিক্ষাৰ্থী সকলক বহু সময় ধৰি বিদ্যালয়ৰ পৰা চিকিৎসালয়লৈ নিয়া নাছিল ৷অৱশ্যে ঘটনাৰ সম্ভেদ লাভ কৰা সাংবাদিকৰ তৎপৰতাত অসুস্থ ১৪ শিক্ষাৰ্থী ভৰ্তি কৰা হয় হাওৰাঘাটৰ অসামৰিক চিকিৎসালয়ত। সম্প্ৰতি আটাইকেই গৰাকী শিক্ষাৰ্থীৰ অৱস্থা সুস্থিৰ বুলি সদৰি কৰে চিকিৎসকে ।
উল্লেখ্য যে, শিক্ষাৰ্থীক যোগান ধৰা খাদ্যত বিষক্রিয়া হোৱাৰ ফলত এইদৰে অসুস্থ হ’বলগীয়া হয় শিক্ষাৰ্থী সকল ৷ আনহাতে খাদ্য নিম্নমানৰ হোৱাৰ সন্দৰ্ভত বিদ্যালয় খনৰ ছাত্ৰৰ বিদ্যালয়ৰ কৰ্তৃপক্ষক বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ পিছতো কৰা নাছিল কোনো সময়োচিত ব্যৱস্থা।
অৱশ্যে বিষক্ৰিয়াৰ ঘটনা সংঘটিত হোৱাৰ পিছত সাংবাদিককৰ উপস্থিতিতহে হাওৰাঘাট পৌৰসভাৰ ৱাৰ্ড কমিচনাৰে খাদ্য সলনি ৷
উল্লেখ্য যে বহুদিন ধৰি বিদ্যালয় খনত খাদ্য যোগানৰ নামৰ ব্যাপক অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ সময়ে সময়ে উদ্থাপিত হৈ আহিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই লোৱা নাছিল কোনো ধৰণৰ কাৰ্যব্যৱস্থা।
ADVERTISEMENT




































