Wild Elephant:
মহানগৰীৰ বতাহঘূলিত এটা বন্যহস্তীৰ মুক্ত বিচৰণ ৷ কে’বাদিন ধৰি অঞ্চলটোত অৱস্থান কৰি বিচৰণ কৰি আছে যদিও কোনো উপদ্ৰৱ কৰা নাই। হাতীটোৰ এখন ভৰি আঘাত প্ৰাপ্ত বাবে খাদ্যৰ সন্ধানত দূৰলৈ যাব নোৱাৰি পাহাৰৰ দাঁতিতে বিচৰণ কৰি আছে ৷ আনহাতে স্থানীয়লোকে আঘাত প্ৰাপ্ত হাতীটোৰ সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ অঞ্চলবাসীৰ I
ADVERTISEMENT




































