Zubeen Garg:✒️অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ কায়িক অনুপস্থিতিৰ মাজত তেজপুৰৰ ৩০ খন বিহুতলীত জুবিনৰ উপস্থিতি সজীৱ কৰি ৰাখিবলৈ জুবিন অনুৰাগী তথা সদৌ অসম ছাত্র সন্থাৰ একালৰ একাংশ বিষয়ববীয়াৰ দুকুৰি জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া দিনটোত এক ব্যতিক্রমী শ্রদ্ধাঞ্জলি যাত্ৰাৰে নাহৰ পুলি ৰোপণ কৰি প্ৰত্যেকখন বিহুতলী আগন্তুক সময়ৰ বাবে সজীৱ কৰি ৰখাৰ দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰে।
উল্লেখ্য যে জুবিন অনুৰাগী এই দলটোৱে তেজপুৰৰ ৩০ খন বিহুতলীৰ লগতে তেজপুৰৰ ৪০ খন বিশেষ স্থানত ৰোপণ কৰে জুবিনৰ প্ৰিয় নাহৰগছৰ পুলি। জুবিনৰ আদৰ্শ শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি সমন্বয় ক্ষেত্রত প্রথমে নাহৰপুলি ৰোপণ কৰি বৃহত্তৰ তেজপুৰৰ লুইতপাৰ বিহু পথাৰ, মাজগাঁও জাতীয় ছহিদ বাকৰি, পতিয়া চুবুৰি, ডেকাৰগাঁও, বৰুৱা চুবুৰি, দেউৰী গাঁও, কেতেকীবাৰী, বাম পৰ্বতীয়া, দেবীসিং ঘাট, গহন উদ্যান, মিলনপুৰ পদ্মনাথ গোহাঞি বৰুৱা ৰংগমঞ্চ প্রাংগণ, বালিপুখুৰী তিনিআলিৰ বিহু পথাৰ, তেলেৰীয়া বিহুতলী, পাৰ্বতী নগৰ, চাৰ্ছ ফিল্ড ,জয়মতী পথাৰৰ পৰা ৩০খন বিহুতলীত দুটাকৈ নাহৰ পুলি ৰোপণ কৰি এই যাত্ৰা সমাপন কৰে তেজপুৰৰ কলেজিয়েট হাইস্কুলৰ খেলপথাৰত।
উল্লেখ্য যে ৪০ জনীয়া এই জুবিন অনুৰাগীৰ দলটোত আছিল সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়া তথা গুৱাহাটী বিশ্ববিদ্যালয় আৰু দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক মনজিৎ শর্মা, প্রতিম শইকীয়া, জ্যোতিষ্ময় গোস্বামী, লক্ষ্যজ্যোতি দাস, হিতেশ কলিতা, দিপাংকৰ দাস, অমৰজ্যোতি শইকীয়া, মনোজ চহৰীয়া, গুঞ্জন বৰা, অপু শইকীয়া, অভিনন্দন ভূএগ, জয়দীপ শইকীয়া, অনুপম দাস, নাদিম হুছেইন, অনির্বাণ দাস, অবিনাশ শইকীয়া, চিন্ময় কুণ্ডু, প্ৰণৰ দে’, সুমিত আহমেদ, শশাংক কলিতা, নিশান্ত দাস, নৱজিৎ ঠাকুৰীয়া, বিশাল ওজা, মৌস্তাক কুৰেছী, হিমাংক ফুকন, ৰূপজ্যোতি বৰা, হৃষীকেশ শইকীয়া, অসীম জ্যোতি কলিতা, আৰিফ আহমেদ, জীৱন ডেকা, সুৰুয শইকীয়া, জোনাক নেওগ, পল শইকীয়া, বিভূতি দাস, দিগন্ত দাস, মনোজ তাঁতী, অম্লান সাগৰ কাশ্যপ, বিজিত ডেকা, শিৱ ডেকা আৰু জ্যোতি প্ৰসাদ বৰা।
এই ৪০ জনীয়া জুবিন অনুৰাগীৰ মাজৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় আৰু দৰং মহাবিদ্যালয় ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্রীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া মনজিৎ শৰ্মাই সাংবাদিকৰ আগত কয় যে জুবিন গাৰ্গৰ কায়িক অৱস্থিতিৰ অবিহনে অসমৰ বিহুতলীসমূহ চিৰদিনৰ কাৰণে যাতে উকা হৈ থাকিব লগা নহয় তাৰ বাবে আমি তেজপুৰৰ সকলো বিহুতলীত জুবিনৰ প্ৰিয় নাহৰ গছৰ পুলি দুটাকৈ ৰোপণ কৰি জুবিনৰ উপস্থিতি সদায় সজীৱ কৰি ৰাখিবৰ বাবেই এই সিদ্ধান্ত গ্রহণ কৰো। এই নাহৰ গছৰ পুলিখিনি আপডাল কৰাৰ ক্ষেত্ৰত আমি নিজাববীয়াকৈ প্রচেষ্টা হাতত লোৱাৰ লগতে প্রত্যেকখন বিহুতলীৰ বিষয়ববীয়াক আহ্বান জনোৱা হৈছে বুলিও মনজিৎ শৰ্মাই সদৰী কৰে।
আনহাতে, জুবিনৰ মৃত্যুৰ এমাহৰ কালিৰ দিনটোৰ পৰা তেজপুৰ আর্টিষ্ট ফ’ৰামৰ একাংশ বিষয়ববীয়া আৰু সদস্য তথা তেজপুৰৰ চিত্রশিল্পী একাংশই তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিৰ সন্মুখত ১৫ ফুট দীঘল আৰু পাঁচ ফুট বহলৰ এখন কেনভাচত জুবিনৰ এখন অনুপম চিত্র অংকন কৰি কালি সমাপ্ত কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী জনায়।
উল্লেখ্য যে তেজপুৰ আৰ্টিষ্ট ফ’ৰামৰ হৈ অসম চৰকাৰৰ শিল্পী পেন্সন প্রাপক বিশিষ্ট চিত্র-ভাস্কর্য শিল্পী জ্ঞানেন্দ্র নাথ বৰা, হৰেশ্বৰ শইকীয়া, দশমুকুট কেওট, অলকা শর্মা, ৰাজু মণি দাস, মুকুট মহন্ত, মণিমালা বৰা, বিশ্বজিৎ বৰা, অংশুমান পাল, দীপাংশু শইকীয়া, প্রণিতা ভূঞা আৰু দেবশ্রী তামুলীয়ে যৌথভাবে এই বিশেষ চিত্রখন অংকন কৰি জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে।
আনহাতে, তেজপুৰ চহৰৰ ভৈৰৱ নগৰ নামঘৰীয়া ৰাইজ আৰু পূজা সমিতিৰ যুটীয়া উদ্যোগ আৰু ৰাইজৰ সহায় সহযোগত সকলো লোক একত্ৰ হৈ প্ৰাণৰ বিশ্বশিল্পী জুবিনৰ আত্মাৰ চিৰশান্তি কামনা কৰি এভাগ গীতা পাঠৰ কাৰ্যসূচী মঙলবাৰে নিশা পালন কৰে।






























