Veteran journalist Baikuntha Goswami passes away:
:প্ৰবীণ সাংবাদিক বৈকুন্ঠ গোস্বামীৰ দেহাৱসান ৷ মহানগৰীৰ হেঙেৰাবাৰীৰ হাউছিং কল’নীৰ বাসগৃহত ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ বহু কেইখন কাকতৰ স্তম্ভ লেখক গোস্বামীয়ে ৷
বৰ্ষীয়ান সংবাদিক গৰাকী এসময়ত ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী ইউএনআইৰ বিহাৰৰ ব্যুৰ’ চীফ ৰূপে নিয়োজিত আছিল ৷ একেদৰে গোস্বামীয়ে দৈনিক অগ্ৰদূত,নিউজ ষ্টাৰ কাকতত সাংবাদিকতা কৰাৰ লগতে অধুনালুপ্ত নীলাচল কাকতো সম্পাদনা কৰিছিল ৷ মৃত্যুৰ সময়লৈকে গোস্বামী সাপ্তাহিক অসমভূমি কাকতৰ সম্পাদক ৰূপে কাৰ্যৰত হৈ থকাৰ লগতে মুক্ত সংবাদ সেৱাৰ স’তে জড়িত আছিল।সংবাদ মাধ্যমৰ স্বাধীনতা,জ্ঞানমালা,নিবন্ধচয়ন,অসমীয়া জাতিয়তাবাদ,অসমীয়াৰ সংজ্ঞা আদি গ্ৰন্থ ৰচনা কৰিছিল প্ৰবীন সাংবাদিক গৰাকীয়ে ৷
বৈকুন্ঠ গোস্বামী গুৱাহাটী প্ৰেছ ক্লাবৰ বিদায়ী সভানেত্ৰী সুস্মিতা গোস্বামীৰ পিতৃ ৷ বৰ্ষীয়ান সাংবাদিক গৰাকীৰ মৃত্যুক শোকস্তব্ধ ৰাজ্যৰ সংবাদ মহল ৷ দৈনিক অগ্ৰদূত’তৰফৰ পৰা তেখেতলৈ জনোৱা হ’ল গভীৰ শ্ৰদ্ধাঞ্জলী ৷
ADVERTISEMENT




































