‘আণ্ডাৰৱাটাৰ ফেণ্টম’! যাৰ অৰ্থ হৈছে পানীৰ গভীৰত অবস্থানকাৰী ভূত। এই নামতে সমুদ্ৰৰ গভীৰত এক ৰবট জেলীফিছ মেলি দিছে চীনে। যাৰ সাহায্যত সামুদ্রিক জৈৱ-বৈচিত্র্যৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈয়ে তাৰ পৰিৱেশ পর্যবেক্ষণ কৰিব চীনা বিজ্ঞানীয়ে।
এই ৰবট জেলীফিছ আচলতে এটা ড্র’ন। কোৱা হৈছে যে সাগৰৰ গভীৰত এই ড্র’নক দেখিলে আচল জেলীফিছৰ স’তে পার্থক্যই বিচাৰি পোৱা নাযাব। ৰবটৰ স্বচ্ছ আকৃতি, ছাতিৰ দৰে দেহ আৰু শুৰ তৈয়াৰ কৰা হৈছে হাইড্ৰ’জেলবে। যাৰ ব্যাস ১২০ মিলিমিটাৰ আৰু ওজন মাত্র ৫৬ গ্রাম। নর্থ-ৰেষ্টার্ণ পলিটেকনিকেল ইউনিভাৰছিটিৰ গৱেষক তাও কাইৰ নেতৃত্বাধীন এদন বিজ্ঞানীয়ে এই ৰবটটো নিৰ্মাণ কৰিছে।
সংবাদ মাধ্যমৰ আগত কাইয়ে কয়, ‘প্রায় জীৱন্ত সদৃশ নক্সাৰ এই ৰবটে প্রায় নীৰবে অতি কম বিদ্যুত খৰচতে গভীৰ সাগৰত গোপনে গভীৰ পর্যবেক্ষণ চলাব। ইয়াক এনেদৰে গঢ় দিয়া হৈছে যাতে সাগৰৰ গভীৰ তলিতো সুন্দৰভাৱে কর্মক্ষম হৈ থাকে। ‘জনা গৈছে যে এই ৰবটৰ শৰীৰত আছে এটা ক্ষুদ্র কেমেৰা আৰু এআই শিপ। মেচিন লাৰ্ণিঙৰ সাহায্যত এইবোৰে ভালদৰে ওচৰৰ বস্তু চিনি ল’ব পাৰে।
গৱেষক দলটোৰ এজন সদস্যই জনাইছে যে এই ৰবটিক জেলীফিছৰ সাহায্যত পানীৰ গভীৰত থকা মাছবোৰৰ আচৰণ পৰ্যবেক্ষণ কৰিব পৰা যাব। কোনোপধ্যেই প্রাণীবোৰক বিৰক্ত নকৰাকৈ সিবোৰৰ জীৱনশৈলী সম্পর্কে নতুন নতুন তথ্য আৱিষ্কাৰ কৰাই ইয়াৰ লক্ষ্য।
নর্থ-ৱেষ্টার্ণ পলিটেকনিকেল ইউনিভাৰছিটিৰ বিমান তথা ৰবটিক্স গৱেষণাত ইতিমধ্যে উল্লেখনীয় অৱদান আছে। চৰাই আৰু কীট-পতংগ সদৃশ ৰবট, পানী আৰু বতাহ উভয় মাধ্যমতে সমানে চলাচল কৰিব পৰা ৰবট নিৰ্মাণ কৰি আগতেই চমক দেখুৱাইছিল। এইবাৰ চৰ্চালৈ আহিছে দেখাত সাইলাখ জেলীফিশ্বৰ দৰে ৰবট।






























