মহাবাহুৰ বুকুত বিলীন হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম

Zubeen Garg ashes immersed in Brahmaputra 3

Zubeen Garg:✒️মহাবাহুৰ বুকুত বিলীন হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আজি মহানগৰীৰ লাচিত ঘাটত জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত জুবিনৰ চিতাভস্ম বিসৰ্জন কৰা হয়।

লগত আছিল ভগ্নী পামী বৰঠাকুৰৰ লগতে পৰিয়ালৰ আন বহুতো।জাহাজখনত উপস্থিত আছিল জুবলী, পাৰ্থসাৰথি মহন্তৰ লগতে আনবহু লোক ।

ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি হিয়া ধাকুৰি কান্দিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ।

উল্লেখ্য যে, গুৱাহাটীৰ ওপৰিও যোৰহাটতো ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় জুবিনৰ চিতাভস্ম । যোৰহাটত চিতাভস্ম বিসৰ্জন দিয়ে অৰুণ গাৰ্গে ।

Exit mobile version