Post Office’s Superhit Scheme:✒️বিনিয়োগ কৰাৰ বাবে ডাকঘৰত বিভিন্ন ধৰণৰ লাভজনক আঁচনি আছে। তাৰ ভিতৰত এনে কেতবোৰ জমা আঁচনিও আছে য’ত বেংকৰ তুলনাত অধিক পৰিমাণৰ সুত উপাৰ্জন কৰিব পাৰি। যিকোনো ব্যক্তিয়ে ডাকঘৰত সাধাৰণ জমা একাউন্ট, ৰেকাৰিং ডিপ’জিট একাউন্ট, ৰাজহুৱা ভবিষ্য নিধি (পিপিএফ), মাহিলি আয় আঁচনি আদিৰ আওতাত একাউন্ট খুলিব পাৰে।
পিছে আজি এনে দুখন আঁচনিৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো, য’ত বিনিয়োগ কৰিলে দুগুণ ৰিটাৰ্ণ ঘূৰি অহাটো একপ্ৰকাৰে নিশ্চিত বুলি ধৰি ল’ব পাৰে।
কিষাণ বিকাশ পত্র (কেভিপি):কিষাণ বিকাশ পত্র ভাৰত চৰকাৰৰ এক বিশেষ এককালীন বিনিয়োগ আঁচনি। এই আঁচনিৰ আওতাত এক নির্দিষ্ট সময়ৰ বাবে টকা জমা ৰাখিলে সেই টকা দুগুণ হৈ গ্ৰাহকৰ হাতলৈ আহে। কেভিপি আঁচনি দেশৰ সকলোবোৰ ডাকঘৰ আৰু বেংক শাখাতে উপলব্ধ। ইয়াৰ মেচিউৰিটী পিৰিয়ড বা ম্যাদ হৈছে ১১৫ মাহ। আনহাতে, লক ইন পিৰিয়ড হৈছে দুবছৰ ছয় মাহ। অর্থাৎ আঁচনিত বিনিয়োগ কৰাজনৰ মৃত্যুক বাদ দি উক্ত সময়সীমাৰ পূর্বে কোনো কাৰণতে এই আঁচনিৰ পৰা ধন উলিয়াব নোৱাৰি। ন্যূনতম মাত্র ১০০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পৰা আঁচনিখনত জমা ৰখা টকাৰ পৰিমাণৰ কোনো ঊর্ধ্বসীমা নাই। কেভিপিৰ বাৰ্ষিক সুতৰ হাৰ ৭.৫ শতাংশ। এই আঁচনিৰ সকলোতকৈ ডাঙৰ সুবিধাটো এই যে ইয়াত ম্যাদ পূৰণ হোৱাৰ অন্তত বিনিয়োগৰ পৰিমাণৰ দুগুণ বেছি ৰিটাৰ্ণ পোৱাৰ নিশ্চয়তা থাকে।
ডাকঘৰৰ টাইম ডিপ’জিট (POTD): ডাকঘৰৰ টাইম ডিপ’জিট প্রকল্পক চমুকৈ পিঅ’টিডি বুলি জনা যায়। এই আঁচনিত বিনিয়োগ কৰাটো এই সময়ৰ বিভিন্ন বিনিয়োগ ক্ষেত্ৰসমূহৰ ভিতৰত তুলনামূলকভাৱে লাভজনক বিকল্প হ’ব পাৰে। পিঅ’টিডিৰ আওতাত এক,দুই, তিনি আৰু পাঁচ বছৰৰ বাবে বিভিন্ন ম্যাদত বিনিয়োগৰ সুবিধা থাকে। এবছৰৰ বাবে কৰা টাইম ডিপ’জিটত গ্রাহকে ৬.৯ শতাংশ, দুবছৰত সাত শতাংশ, তিনি বছৰত ৭.১ শতাংশকৈ সুত পাব পাৰে। ইয়াৰ বিপৰীতে পাঁচ বছৰৰ বাবে বিনিয়োগ কৰিলে ৭.৫ শতাংশ হাৰত সুত পাব পৰা যায়। আনহাতে, ম্যাদ পূৰ হোৱাৰ পূৰ্বেই যদি কোনো গ্রাহকে টাইম ডিপ’জিট একাউন্ট ভাঙি টকাখিনি উলিয়াই নিব খোজে তেন্তে ডাকঘৰৰ জমা একাউণ্টৰ হিচাপত সুত লাভকৰিব। উল্লেখ্য যে পাঁচ বছৰৰ বাবে কৰা টাইম ডিপ’জিটত আয়কৰ আইনৰ ৮০চি ধাৰা অনুযায়ী কৰ ৰেহাইৰো সুবিধা আছে।






























