বিশ্বকাপ জয় কৰিলেও সলনি নহয় ভাৰতীয় মহিলা ক্রিকেট দলৰ স্থিতি।বিশ্বকাপ জয়ৰ পাছতো হৰমনপ্রীত কৌৰৰ দলে পৰৱৰ্তী খেলৰ বাবে ১০৫টা দিন অপেক্ষা কৰিব লাগিব। ইয়াৰ মূলতে হৈছে বিচিচিআয়ে পূর্বে নির্ধাৰণ কৰি থোৱা ক্রীড়াসূচী। এই বছৰ আৰু ভাৰতীয় মহিলা ক্রিকেট দলৰ কোনো খেল নাই।চাৰে তিনি মাহৰ পাছত ভাৰতীয় দলে ফেব্ৰুৱাৰীত অস্ট্রেলিয়া ভ্রমণ কৰিব।
সেই ভ্রমণত দুই দলে এখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলিব। ১৫ ফেব্ৰুৱাৰীৰ পৰা শৃংখলা আৰম্ভহ’ব। সেই শৃংখলাৰ আঢ়ৈ মাহৰ পাছত ভাৰতৰ মহিলা দল যাব ইংলণ্ডলৈ। সেই ভ্রমণ হ’ব ২৮ মে’ৰ পৰা ১৩ জুলাইলৈ। দুই জুনলৈকে দল দুটাই তিনিখন টি-২০ মেচ খেলিব। তাৰ পাছতে খেলিব ইংলণ্ডতে হ’বলগীয়া টি-২০ বিশ্বকাপত।
উল্লেখ্য যে বিশ্বকাপৰ শ্রেষ্ঠ খেলুৱৈ দীপ্তি শর্মাই বঁটা বিতৰণী অনুষ্ঠানতে মহিলা দলৰ ক্রীড়াসূচী বৃদ্ধি কৰিবলৈ বিচিচিআইক আহ্বান জনায়। হয়তো পৰৱৰ্তী ক্রীড়াসূচী নির্ধাৰণ কৰাৰ সময়ত ব’র্ডে তাৰ প্ৰতি দৃষ্টি ৰাখিব।






























