Ashok Singhal:
সোণাপুৰত জুবিনক্ষেত্ৰৰ সমীপৰ ভূমি অতি নিকৃষ্ট কৌশলেৰে মন্ত্রী অশেক সিংহল বাহিনীয়ে জনজাতীয় আবেষ্টনীৰ বাহিৰলৈ নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জীপ নোহোৱা, মানচিত্র নথকা জনজাতীয় অধ্যুষিত অঞ্চলৰ ভূমি খননৰ অনুমোদন কিদৰে লাভ কৰিছিল মন্ত্রী সিংহলৰ কোম্পানীৰ সঞ্চালক মনোজ জালানে? যি ভূমিৰ কোনো জৰীপ কৰা হোৱা নাই অথবা নথিভুক্ত কৰা হোৱা নাই এনে অ-নথিভুক্ত ভূমি কাটিবলৈ অনুমোদন দিয়াটো গভীৰ ৰহস্যৰ বিষয় বুলি আজি পুনৰ প্ৰতিক্রিয়া প্রকাশ কৰে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে।
সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ সমীপৰ বৃহৎ পৰিমাণৰ খালী ভূমি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ নামত থকাৰ তথ্য উন্মোচিত হোৱাৰ পাছত অব্যাহত আছে প্রতিক্রিয়া। মন্ত্রী সিংহলক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই আজি পুনৰ প্ৰতিক্রিয়া প্রকাশ কৰে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। সমিতিৰ সম্পাদক ৰাজু তাঁতীয়ে কালি মন্ত্রী সিংহলক প্রত্যাহ্বান জনাই কয়, ‘জুবিন গাৰ্গৰ সমাধিৰ পাছফালে থকা ১১২ নম্বৰ দাগৰ ৩৫ বিঘা ১৪ লেচা মাটি আছিল নন কেডেস্ট্রেল (নন কে)। কেইদিনমান আগতে এইখিনি কেডেস্ট্রেল কৰা হৈছে। ইয়াৰ পূৰ্বে মাটিখিনি চৰকাৰী আছিল। এই ভূমিখিনি যিহেতু জনজাতীয় অধ্যুষিত অঞ্চলৰ সেয়েহে তেওঁলোকে ভূমিখিনি ৰূপান্তৰ কৰোতে জনজাতীয় বেষ্টনীৰ অধীনলৈ আনিব লাগিছিল। আমাৰ প্ৰশ্ন হ’ল যে ২০২৩ত তেওঁলোকে মনোজ জালান নামৰ মানুহ এজনৰ জৰিয়তে মাটিখিনি কটাৰ নির্দেশ উলিয়াই মাটিখিনি কাটিলে। কেনেকৈ নন কেডেস্ট্রেল মাটি কাটিব পাৰিলে? আমি জানো যে মনোজ জালান নামৰ মানুহজন অশোক সিংহল বাহিনীৰ এজন গুৰুত্বপূৰ্ণ সদস্য।
নন কেডেষ্ট্ৰেল মাটিৰ যিহেতু কোনো মেপ নাথাকে তেনেস্থলত মেপ নথকা মাটি কাটিবলৈ কিদৰে তেওঁলোকে অনুমোদন পালে- এইটো এটা ৰহস্যজনক বিষয়।’ তাঁতীয়ে পুনৰ প্ৰশ্ন কৰে, ‘তেওঁলোকে কাটিব নোৱৰা মাটি কাটিবলৈ কিদৰে অৰ্ডাৰ উলিয়াব পাৰিলে? কোনখন নথিৰ অধীনত এই অনুমোদন তেওঁলোকে লাভ কৰিলে। আমি জানো যে ২০২৩ত মনোজ জালানৰ নামতে মাটি কটাৰ অৰ্ডাৰ উলিয়াইছিল। পৰৱৰ্তী সময়ত মাটিখিনি যেতিয়া কেডেস্ট্রেল হ’ল অর্থাৎ ই নথিভুক্ত হ’ল তেতিয়া ইয়াক জনজাতীয় বেষ্টনীৰ বাহিৰলৈ নিয়া বুলি আমি জানিব পাৰিছো।
মাত্র কিছুদিন পূর্বে এই ভূমিৰ ৰূপান্তৰ কৰা হৈছে। এইটো কিদৰে হ’ল? এই অঞ্চলত জনজাতীয় লোক বসবাস কৰে। সমগ্র ডিমৰীয়া অঞ্চল জনজাতীয় ব্লক আৰু বেষ্টনীৰ অধীনৰ। তাৰ পাছতো কিদৰে এই ভূমিখিনি বাহিৰলৈ কিদৰে নিয়া হ’ল। আমি ইয়াৰ তদন্ত দাবী কৰিছো।’ তেওঁ কয় যে জনজাতীয় ভূমিৰ জৰীপ কৰি জনজাতীয় লোকক ভূমি প্ৰদানৰ নজিব নাই। তাঁতীয়ে কয়, ‘১৯৬৪ৰ পাছত ইয়াত ট্রাইবেল বেল্টত কোনো ধৰণৰ জৰীপ হোৱা নাই। তেওঁলোকে লকনং লাটৰ দুই নম্বৰ লকনং নাম দি মাটিখিনি ৰূপান্তৰ কৰিছে আৰু ট্রাইবেল বেল্টৰ আওতাৰ বাহিৰত ৰাখিছে। কাৰণ আমি দেখিছো তাত বহু বণিক গোষ্ঠীৰ লোকে মাটি কিনিছে।
কমাৰকুছি ‘ননকে-ত’ তেওঁলোকে একেদৰে কমাৰকুছি ননকে-২ নাম দি জৰীপ কৰি ট্ৰাইবেল বেল্টৰ আওতাৰ বাহিৰত ৰখাৰ চেষ্ট কৰিছে। কাৰণ তেওঁলোকে জানে যে ট্রাইবেল বেল্টত তেওঁলোকৰ যোগ্যতা নাই। কাৰণ তেওঁলোকে ভালদৰে জানে, অশোক সিংহল নামৰ ব্যক্তি বা তেওঁৰ কোম্পানী নাইবা মনোজ জালানেই নহওক কিয় কোনো কাৰণতে যোগ্যতা নাই।
সেয়ে ট্রাইবেল বেল্টৰ আওতাৰ বাহিৰলৈ লৈ যোৱা বুলি আমাৰ সন্দেহ হৈছে। এই চৰকাৰী মাটি আবদ্ধ কৰি ৰখাৰ তেওঁলোকৰ কোনো অধিকাৰ নাই, মাটিখিনি তেওঁলোকে এৰি দিব লাগে। জুবিনক্ষেত্ৰৰ নামত এই ভূমি সন্নিবিষ্ট হ’ব লাগে।’ এইদৰে দাবী উত্থাপন কৰিছে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। অতি কৌশলগতভাবে বৃহৎ চক্রান্তৰে জনজাতীয় আবেষ্টনীৰ বাহিৰলৈ ভূমি হস্তান্তৰৰ তীব্ৰ বিৰোধ কৰিছে সমিতিয়ে।




































