সম্প্রতি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্রযুক্তিৰ ৰমৰমীয়া প্রয়োগ। এইবাৰ হেনো সলনি হৈ পৰিবলৈ ওলাইছে মানুহৰ জন্মৰ ধাৰণাও। মাতৃগর্ভত নহয়, আগন্তুক দশকত মানুহৰ জন্ম সম্পূৰ্ণৰূপে লেবৰেট’ৰীতে সম্ভৱ হ’ব। কৃত্রিম গৰ্ভত আৰু উন্নত ষ্টেম চেল প্ৰযুক্তিৰ সাহায্যত পিতৃ-মাতৃৰ উপস্থিতি অবিহনেই সম্পূর্ণ ‘কাষ্টমাইজড্ ডিএনএ’ত সৃষ্টি হ’ব পাৰে শিশু।
সাম্প্রতিক সময়ত সামাজিক মাধ্যম আৰু কেতবোৰ অনলাইন প্রতিবেদনত এনে চমকপ্রদ দাবী কৰা হৈছে। এই খবৰ ওলোৱাৰ লগে লগে বহুতে প্রশ্ন কৰিছে যে এয়া জানো সঁচাকৈয়ে সম্ভব? নে কেৱল ভৱিষ্যতৰ কল্পনা? বিজ্ঞানে অৱশ্যে কৈছে যে এই দাবী এতিয়াও সম্পূৰ্ণৰূপে সত্য নহয়। অৱশ্যে প্রযুক্তিৰ অগ্রগতিয়ে ভৱিষ্যতৰ বাবে কিছু ইংগিত দিছে। বিশ্বব্যাপী বিজ্ঞানীসকলে বিগত কিছু বছৰৰ পৰা কৃত্রিম গর্ভ প্রযুক্তিত বৃহৎ সাফল্য অৰ্জন কৰিছে। ইজৰাইল, জাপান আৰু আমেৰিকাৰ বিভিন্ন গবেষণাগাৰত ভেড়া আৰু এন্দূৰৰ ভ্রূণক প্লাষ্টিকৰ থৈলাৰ দৰে যন্ত্ৰত কৃত্ৰিম তৰলৰ মাজত ৰাখি বৃদ্ধি কৰাটো সম্ভৱ হৈছে।
এই পদ্ধতিত ভ্রূণটো মাতৃগর্ভ অবিনেই বিকশিত হৈছে। অৱশ্যে মানুহৰ ক্ষেত্ৰত এই প্রযুক্তি এতিয়াও সম্পূর্ণৰূপে পৰীক্ষামূলক পর্যায়তে আছে।আনহাতে, ষ্টেম চেল প্রযুক্তিতো দ্রুত অগ্রগতি সাধন হৈছে। বিজ্ঞানীসকলে প্ৰাণীৰ দেহকোষৰ পৰা কৃত্রিম শুক্রাণু আৰু ডিম্বাণু সৃষ্টি কৰিব পাৰিছে। সেয়ে ভৱিষ্যতে হয়তো কোনো দম্পতী অবিহনেই লেবৰেটৰীত ভ্রূণ সৃষ্টি সম্ভৱ হ’ব পাৰে; কিন্তু বাস্তৱত এতিয়াও মানুহৰ ক্ষেত্ৰত সেয়া অনুমোদিত নহয়।
২০১৮৩ চীনৰ বিজ্ঞানী হে জিয়ানকুইয়ে দুটি শিশুৰ জিন সম্পাদনা কৰিছিল, যাতে সেই শিশু দুটি জন্মৰ পৰাই এইছআইভি প্ৰতিৰোধী হয়। ঘটনাটোক কেন্দ্র কৰি বিজ্ঞানজগতত তীব্র সমালোচনা আৰম্ভ হয়। সেই বিজ্ঞানীজনক তিনি বছৰৰ বাবে কাৰাদণ্ড দিয়া হয় তথা বিশ্বব্যাপী মানৱ ভ্রূণৰ জিন সম্পাদনা আইনত নিষিদ্ধ ঘোষণা কৰা হয়।
একাংশ বিশেষজ্ঞৰ মতে, জিন সম্পাদনাই মানৱ জাতিৰ ভৱিষ্যৎ সলাই দিব পাৰে; কিন্তু ইয়াৰ নৈতিক আৰু নিৰাপত্তাজনিত আশংকা ভয়াৱহ।বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে কৃত্রিম গৰ্ভ আৰু জিন সম্পাদনাৰ দৰে প্ৰযুক্তিৰ ব্যৱহাৰক লৈ আন্তর্জাতিক আইন আৰু নীতি তৈয়াৰ কৰাটো জৰুৰী।
বিশেষজ্ঞৰ মতে, ইয়াৰ ফলত সামাজিক বৈষম্য, জেনেটিক বৈষম্য আৰু ‘ডিজাইনাৰ বেবী’ সংস্কৃতিৰ সৃষ্টি হ’ব পাৰে, যি সমাজত গভীৰ প্রভাৱ পেলাব।
সম্প্রতি এনে কোনো প্রযুক্তি নাই, যি মানুহৰ ভ্রূণক সম্পূর্ণ কৃত্রিম গৰ্ভত ডাঙৰ কৰিব পাৰে। আগন্তুক ১০ বছৰ বা ২০৩৫ৰ ভিতৰত এই প্রযুক্তি যে বাস্তৱত প্রয়োগযোগ্য হ’ব, এনে প্রমাণো এতিয়ালৈকে নাই। সেয়ে বিজ্ঞানীসকলৰ মতে, ‘লেবত সৃষ্ট শিশু’ এতিয়াও বিজ্ঞান কল্পকাহিনীৰ ওচৰতে আছে।
যদিও ভৱিষ্যতে এনে সম্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি। এই কথা ঠিক যে মানৱজাতিৰ প্ৰজননৰ ক্ষেত্ৰত প্রযুক্তিয়ে অভাৱনীয় দ্রুততাৰে আগবাঢ়ি গৈ আছে। অৱশ্যে নৈতিক অনুমোদন অবিহনে ইয়াক বাস্তৱত প্রয়োগ বিপজ্জনক।






























