SCERT SCAM:
বহুচৰ্চিত এছচিইআৰটিৰ ১০৫ কোটিটকীয়া কেলেংকাৰিৰ প্ৰধান অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাৰ সম্পত্তি অৱশেষত বাজেয়াপ্ত কৰিলে ইডি- এ ৷
নিলম্বিত আইএএছ বিষয়াগৰাকীৰ ৬ কোটি ৪০ লাখ টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে ইডি- এ ৷ উল্লেখ্য যে ইডিৰ ক্ষিপ্ৰ তদন্তত ধৰা পৰিছিল নিলম্বিত আইএএছ বিষয়া গৰাকীৰ আয়বহির্ভূত সম্পত্তিৰ বহুবোৰ তথ্য ৷ইডি- এ বাজেয়াপ্ত কৰা ৬ কোটি ৪০ লাখ টকাৰ অবৈধ সম্পত্তিৰ আয়ৰ নাছিল কোনো উৎস l
স্মতৰ্ৱ্য যে ১০৫ কোটিটকীয়া বিয়াগোম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেৱালী দেৱী শর্মা।
লক্ষণীয় যে সমগ্র কেলেংকাৰীত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল এছচিইআৰটিৰ বহু বিষয়া-কৰ্মচাৰীৰ লগতে আৰটিআইৰ কর্মী সহ সাংবাদিকো I




































