Moran:
অসমৰ পঞ্চায়ত ব্যৱস্থাত পাৰিতোষিক বিচাৰি মৰাণত সোমবাৰে প্ৰাক্তন জনপ্ৰতিনিধিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ সংবাদমেলত প্ৰাক্তন পঞ্চায়ত জনপ্ৰতিনিধিৰ নেতৃবৰ্গই কয়, ২০১৩ চনৰ পৰা ২০১৮ চনলৈকে প্ৰতিনিধিত্ব কৰি অহা (PRI) সদস্য-সদস্যা, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীসকলে ৪ বছৰ ৬ মাহৰ পাৰিতোষিক নাপালে |
এই সন্দৰ্ভত ২০১৯ চনত দুবাৰকৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰতিনিধিসকল । উচ্চ ন্যায়ালয়ে তিনিটা মাহত তিনিটা কৃষ্টিত সেই পাৰিতোষিক দি শেষ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছিল । কিন্তু চৰকাৰে ডিব্ৰুগড় জিলাত এটা কৃষ্টি ২ কোটি ৮৫ লাখ ৫৯ হাজাৰ দিয়ে দায়িত্ব সামৰিলে ।
পাবলগীয়া দ্বিতীয় আৰু তৃতীয় কৃষ্টি ৯৯,৯৫৬৫,০০০ টকা আজিও মুকলি কৰি দিয়া নাই চৰকাৰে ৷ এই ধন পাৰিতোষিক হিচাপে প্ৰতিজন (PRI) সদস্য-সদস্যাকে নিজ নিজ প্ৰাপ্য অনুসৰি দিবলৈ চৰকাৰক দাবী জনাইছে প্ৰাক্তন জনপ্ৰতিনিধি সকলে ।




































