poliovirus:✒️জামানীৰ হামবার্গত সম্প্রতি পানীৰ নমুনাত বন্য পলিঅ’ ভাইৰাছ (Wild Polio Virus Type 1-WPV1) চিনাক্ত হোৱা ঘটনাই সেই অঞ্চলত নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। বিগত অক্টোবৰৰ দ্বিতীয় সপ্তাহত সংগৃহীত এক নমুনাত এই ভাইৰাছ পোৱা যায়। পাছত বিষয়টো ‘গ্ল’বেল পলিঅ’ ইৰাডিকেচন ইনিচিয়েটিভ’ক অৱগত কৰা হয়।
যদিও এই পর্যন্ত এই ভাইৰাছ কেৱল মাত্ৰ পানীৰ মাজতে পোৱা গৈছে, তথাপি মানৱদেহত সংক্ৰমণৰ কোনো ঘটনা বা পক্ষাঘাতগ্রস্ত ৰোগীৰ সন্ধান পোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তথ্য অনুসৰি, ইয়া পূর্বে শেষবাৰলৈ ২০২৫ৰ ২৪ আগষ্টত আফগানিস্তানৰ কান্দাহাৰত সংগৃহীত নমুনাত WPV1 চিনাক্ত হৈছিল। সেই হিচাপত জার্মানীত তিনি দশকৰো অধিক সময়ৰ পাছত পানীত বন্য পলিঅ’ ভাইৰাছ ধৰা পৰিল।
মানুহৰ শৰীৰত বন্য পলিঅ’ৰ সংক্ৰমণৰ অন্তিম ঘটনাটো ঘটিছিল ৩০ বছৰৰ পূর্বে। ২০২১ত নিৰীক্ষণ আৰম্ভ হোৱাৰ পাছত এই প্রথমবাৰলৈ জার্মানীৰ পানীত পলিঅ’ ভাইৰাছ চিনাক্ত হ’ল। একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে যে এই নিৰীক্ষণৰ কাৰণেই ভাইৰাছটো একেবাৰে প্রাথমিক পর্যায়তে চিনাক্ত কৰাটো সম্ভৱ হৈছে। হামবার্গ প্রশাসনে ইতিমধ্যেই এক বিশেষ টাস্ক ফ’র্চ গঠন কৰিছে, যি সংক্রমণ নিয়ন্ত্রণত প্রয়োজনীয় পদক্ষেপ লোৱাৰ বাবে জার্মানীৰ ৰবাট কখ ইনষ্টিটিউটৰ মুখ্য জনস্বাস্থ্য সংস্থাৰ স’তে ঘনিষ্ঠভাবে কাম কৰিব। পানীৰ আৰু নমুনা সংগ্ৰহ কৰা হ’ব বুলিও জনোৱা হৈছে।
টাস্ক ফ’ৰ্চৰ ভূমিকা হ’ব সম্ভাব্য সংক্ৰমণৰ পথ নিৰ্ণয়, ভৱিষ্যৎ সমস্যা মূল্যায়ন আৰু – জনস্বাস্থ্য নিৰাপত্তা নিশ্চিত কৰা। – বিশেষজ্ঞসকলৰ মতে, আগতীয়াকৈ – চিনাক্তকৰণৰ ফলত প্ৰশাসনৰ হাতত দ্রুত আৰু কাৰ্যকৰ পদক্ষেপ ল’ব পৰাকৈ সময় ৰৈ গৈছে। বিশেষজ্ঞসকলে একেমুখে কৈছে যে সংক্ৰমণৰ আশংকা কম, কাৰণ জার্মানীত পলিঅ’ টীকাকৰণৰ হাৰ অত্যন্ত উচ্চ।
অধিকাংশ নাগৰিতেই শৈশৱতে পলিঅ’ৰ বিৰুদ্ধে পূর্ণ টীকাকৰণ সম্পূৰ্ণ কৰে। ফলত ভাইৰাছটো পানীত থাকিলেও ব্যাপক সংক্রমণ বা প্রাদুৰ্ভাৱৰ সম্ভাৱনা অত্যন্ত ক্ষীণ। তেওঁলোকৰ মতে, পানীত ভাইৰাছ চিনাক্ত হোৱা মানে পৰিৱেশগত নিৰীক্ষণ কাৰ্যকৰ হৈছে, যি জনস্বাস্থ্য ৰক্ষাত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এই ঘটনাই বিশ্বব্যাপী পলিঅ’ নির্মূলৰ সংগ্ৰামখনত নতুনকৈ সতর্কতাৰ বাৰ্তা দিছে। ‘হু’ আৰু ‘জিপিই ১’ৰ তৰফৰ পৰা বাৰে বাৰে সতৰ্ক কৰি আছে যে যেতিয়ালৈকে পৃথিৱীৰ সকলো দেশ পলিঅ’মুক্ত নহয়, তেতিয়ালৈকে কোনো দেশেই সম্পূৰ্ণৰূপে নিৰাপদ নহয়।
বিশেষজ্ঞসকলৰ ভাষাত, ‘পলিঅ’ নির্মূলৰ শেষ পর্যায় সবাতোকৈ কঠিন। কোনো এখন দেশৰ নিৰীক্ষণ দুৰ্বল হ’লেই ভাইৰাছ পুনৰ ঘূৰি আহিব পাৰে।’ হামবাৰ্গৰ অপৰিষ্কাৰ পানীত WPV1 চিনাক্ত হোৱাটো উদ্বেগজনক হ’লেও পৰিস্থিতি এই মুহূর্তত নিয়ন্ত্রণত আছে।
শক্তিশালী টীকাকৰণ অভিযান, দ্রুত চিনাক্তকৰণ আৰু কঠোৰ নিৰীক্ষণে জার্মানীক লডাঙৰ কোনো বিপদৰ পৰা ৰক্ষা কৰিছে। অৱশ্যে এই ঘটনাই বিশ্বক স্মৰণ কৰালে যে পলিঅ’ নির্মূলৰ সংগ্রামখন এতিয়াও শেষ হোৱা নাই।






























