প্রযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ বিকাশে বহু নতুন ব্যবসায়ৰ দুৱাৰ মুকলি কৰিছে। অলপ পৰিকল্পনা, দক্ষতা আৰু অনলাইন ব্যৱহাৰৰ দ্বাৰা আপুনি নিজৰ ঘৰৰ পৰাই কিছুমান স্মার্ট ব্যবসায় আৰম্ভ কৰিব পাৰে, যিয়ে এফালে সময় ৰাহি কৰে আৰু আনফালে আয়ৰ নিশ্চিত পথ নিশ্চিত কৰে। আজি এনে কেইটামান স্মার্ট ব্যবসায়িক ধাৰণাৰ বিষয়ে উল্লেখ কৰা হৈছে, যিবোৰ ঘৰৰ পৰাই আৰম্ভ কৰি দৈনিক ১৫০০ টকা পর্যন্ত উপার্জন কৰিব পৰা যায়…
উপহাৰৰ টোপোলা: জন্মদিন,বিবাহ বার্ষিকী বা বিশেষ দিনত উপহাৰৰ টোপোলাৰ চাহিদা এতিয়া অতি বেছি। হাতেৰে বনোৱা মিঠাই, চাবোন, কফি, মমবাতি, মেছেজ কার্ড আদিৰে ঘৰৰ পৰাই কাষ্টম গিফ্ট বক্স বনাই অনলাইনত বিক্রী কৰিব পাৰে। এনে একোটা উপহাৰৰ টোপোলাৰ পৰা ৩০০-৫০০ টকা উপার্জন সম্ভব।
ছ’চিয়েল মিডিয়াৰ একাউন্ট মেনেজমেন্ট: বহুতো ক্ষুদ্র ব্যৱসায়ী, ইউটিউবাৰ বা ইনস্টাগ্রামৰ প্রভাবশালী ব্যক্তিয়ে নিজৰ পেজ পৰিচালনা কৰিবলৈ মানুহ বিচাৰে। যদি আপুনি কন্টেন্ট পোষ্টিং, কমেন্ট ৰিপ্লাইং, বীল আপলোডিং ইত্যাদি ভালদৰে বুজি পায়, তেন্তে ফ্রীলান্স ভিত্তিত ছ’চিয়েল মিডিয়া চম্ভালি দৈনিক ১৫০০ টকা অনায়াসে উপাৰ্জন কৰিব পাৰে।
ডিজিটেল প্রডাক্ট ডিজাইন: যদি আপোনাৰ গ্রাফিক ডিজাইনৰ অভিজ্ঞতা আছে, তেন্তে আপুনি ঘৰৰ পৰাই কেনভা, ফটোশ্বপ বা ফিগমা ব্যৱহাৰ কৰি ল’গ’, প’ষ্টাৰ, বেনাৰ ডিজাইন কৰি অনলাইন বজাৰত বিক্ৰী কৰিব পাৰে। Fiverr, Freelancer বা Facebookত ক্লায়েন্ট বিচাৰি নিয়মীয়াকৈ উপার্জন কৰা সম্ভৱ। অনলাইন বি-চেলিং: অনলাইন বজাৰ বা পাইকাৰী বিক্রেতাৰ পৰা কাপোৰ, গহনা, হেণ্ডবেগ আদি বিভিন্ন সামগ্রী সংগ্ৰহ কৰি ফেচবুক, ইনস্টাগ্রাম পেজ বা হোৱাটছএপ গ্ৰুপত বিক্ৰী কৰিব পাৰে। এই ব্যৱসায়ত নিজৰ কোনো ষ্টক ৰখাৰ প্রয়োজন নাই- অৰ্ডাৰ আহিলে যোগানকাৰীয়ে ইয়াক প্ৰেৰণ কৰিব। প্ৰতিটো সামগ্ৰীৰ বিপৰীতে কমেও ১৫০-৩০০ টকাকৈ উপাৰ্জন কৰিব পৰা যায় এই ব্যৱসায়ত।
শিশুৰ বাবে গল্প কোৱা বা অনলাইন থিয়েটাৰ শ্ৰেণী: যদি আপুনি অভিনয় ভাল পায় বা সুন্দৰকৈ কাহিনী ক’ব পাৰে, তেন্তে আপুনি জুম অথবা গুগল মিট প্লেটফৰ্মত শিশুৰ বাবে অনলাইন গল্প কোৱাৰ শ্ৰেণী আৰম্ভ কৰিব পাবে। পাঁচ-১০ জন ল’ৰা-ছোৱালীৰ দল লৈ প্রতিদিনে এটা-দুটাকৈ শ্রেণী ল’লে আয় সহজেই ১০০০-১৫০০ টকা পর্যন্ত হ’ব পাৰে।
বৰ্তমানৰ বজাৰত এই নতুন ধাৰণাবোৰৰ চাহিদা অত্যন্ত বেছি আৰু ঘৰৰ পৰাই অতি সহজে আৰম্ভ কৰিব পাৰি। যদি আপুনি নিজৰ দক্ষতাক সঠিকভাবে ব্যৱহাৰ কৰিব পাৰে তেন্তে আপোনাৰ ঘৰখনো আপোনাৰ নতুন কার্যালয় আৰু উপাৰ্জনৰ উৎস হৈ পৰিব পাৰে।






























