Volcano Erupts:✒️ভয়াৱহ বায়ু প্রদূষণক লৈ দিল্লী ককবকাই থকাৰ সময়তে সুদূৰ আফ্রিকাৰ দেশ ইথিঅ’পিয়াৰ এক আগ্নেয়গিৰি উদ্গীৰণে ভাৰততো একপ্রকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সম্প্ৰতি ইথিঅ’পিয়াৰ উত্তৰ-পূবৰ আফাৰ অঞ্চলস্থিত হায়লি গুব্বি আগ্নেয়গিৰিব ভয়াবহভাৱে উদ্গীৰণ ঘটে।
ইয়াৰ লগে লগে আগ্নেয়গিবিৰ চৌপাশৰ অঞ্চলেই নহয়, সুদূৰ ভাৰতৰ বৃহৎ অংশ তথা পৃথিৱীৰ কে’বাখনো মহাদেশৰ আকাশমার্গ বিষাক্ত ছাই মহলি ডাঠ ডাৱৰে আগুৰি ধৰে। সমগ্র লোহিত সাগৰৰ য়েমেন আৰু অ’মানৰ ফালে ন মাইল পর্যন্ত উচ্চতালৈ এই ধোঁৱা উঠে। উল্লেখ্য যে বিশেষজ্ঞসকলৰ মতে বিগত ১২ হেজাৰ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইবাৰ হায়লি গুব্বি আগ্নেয়গিৰিৰ উদ্দ্গীৰণ ঘটে। অর্থাৎ এই আগ্নেয়গিৰি এটা সুপ্ত আগ্নেয়গিৰি আছিল।
আগ্নেয়গিৰিটোৰ উদ্দ্গীৰণৰ ফলত লাভা আৰু ক’লা ধোঁৱাই চৌপাশ আগুৰি ধৰে। আনকি এই ছাই মিহলি ডাৱৰে উৰি আহি দিল্লীসহ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলকে ধৰি ৰাজস্থান, গুজৰাট আৰু পঞ্জাৱৰ আকাশ ঢাকি ধৰে। পৰিস্থিতি ইমানেই জটিল হৈ উঠে যে বিভিন্ন ভাৰতীয় বিমান সংস্থাই আজি বিমানৰ চলাচলো বাতিল কৰিবলগীয়া হয়। ভাৰতীয় অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’, আকছা এয়াৰ আদি বিমান সংস্থাই বহু বিমানৰ চলাচল বাতিল কৰে।
যাত্রা বাতিল হোৱা এই বিমানসমূহৰ মাজত দেশৰ ভিতৰত চলাচল কৰা আৰু বিদেশলৈ যাতায়াত কৰা বিমান আছে। তদুপৰি একাংশ আন্তর্জাতিক বিমানৰ যাত্রাপথ সলনি কৰা হয়। উল্লেখ্য যে বিগত দীপাৱলীৰ পৰা ভয়াৱহ প্ৰদূষণৰ কৱলত আছে দিল্লী। নির্মল বায়ুৰ বাবে দিল্লীবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। বায়ু প্ৰদূষণমুক্ত কৰি তোলাত ব্যর্থতা স্বীকাৰ কৰা কেন্দ্ৰ আৰু দিল্লীৰ চৰকাৰৰ বিৰুদ্ধে প্রতিবাদো গঢ় লৈ উঠিছে।
এনে অৱস্থাতে ইথিঅ’পিয়াৰ আগ্নেয়গিৰিটোৰ উদ্দ্গীৰণৰ ফলত কেন্দ্রীয় শাসিত অঞ্চলটোৰ আকাশমাৰ্গও ক’লা ধোঁৱাই ছানি ধৰে। একেই অৱস্থাৰ সৃষ্টি হয় য়েমেন, অ’মান, পাকিস্তানকে ধৰি বিশ্বৰ বহুসংখ্যক দেশত। আগ্নেয়গিৰিটোৰ উদ্গীৰণৰ ফলত ছাই মিহলি ক’লা ধোঁৱাই লোহিত সাগৰৰ মুক্ত আকাশমাৰ্গৰে বিস্তীর্ণ অঞ্চল আগুৰি ধৰে। স্বাভাৱিকতে এই অভাবনীয় ঘটনাই উদ্বিগ্ন কৰি তোলে বিশ্বৰ বিজ্ঞান জগতক।
কৃত্রিম উপগ্রহীয় ফটোত দেখিবলৈ পোৱা মতে আগ্নেয়িগিৰি উদ্দ্গীৰণ ঘটাৰ লগে লগে ক’লা ডাঠ ধোঁৱাই আকাশমার্গ ছানি ধৰে। সৌভাগ্যবশতঃ এই ভয়ানক কাণ্ডৰ পৰা কোনোমতে ওচৰ-পাঁজৰৰ লোকসকলৰ প্ৰাণৰক্ষা পৰে। অৱশ্যে আগ্নেয়গিৰি উদ্গীৰণৰ ফলত ওচৰ-পাঁজৰৰ অঞ্চলৰ বিস্তীর্ণ চৰণীয়া পথাৰৰ ঘাঁহ-বন নষ্ট হয়। উত্তপ্ত লাভাই এই চৰণীয়া পথাৰসমূহ পুতি পেলোৱাত স্থানীয় গৰু-ম’হ পালকসকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা বুলি প্রকাশ কৰিছে স্থানীয় প্রশাসনিক বিষয়া মহম্মদ ছেইদে।
বোমা বিস্ফোৰণৰ দৰে শব্দৰ সৃষ্টি হৈছিল: স্থানীয় লোক
আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত এক ভয়ানক বিস্ফোৰণৰ দৰে শব্দই চৌপাশ কঁপাই তোলে বুলি স্থানীয় লোকসকলে সংবাদ মাধ্যমক জনায়। স্থানীয় বাসিন্দা আহমেদ আব্দেলাই কয়, ‘মোৰ এনে অনুভৱ হৈছিল যে যেন কোনোবাই ধোঁৱা আৰু ছাইৰ স’তে এটা বোমা দলিয়ালে। হঠাতে ঘটা বোমা বিস্ফোৰণৰ দৰে মই অনুভৱ কৰিছিলো।’ মার্কিন মহাকাশ গবেষণা সংস্থা ‘নাছা’ৰ ফটোতো দেখিবলৈ পোৱা গৈছে উদ্দ্গীৰণৰ ফলত নির্গত ধূলি-ধোঁৱাই সমগ্র লোহিত সাগৰৰ আকাশমার্গ ছানি ধৰা। তীব্র বেগত এই ধোঁৱা আৰু ছাই ধাৱমান হৈ ভাৰতৰ আকাশমাৰ্গও ছানি ধৰে।
১৫০ কিলোমিটাৰ বেগত দিল্লীৰ আকাশলৈ উৰি আহিল
বিগত ১০ হেজাৰ বছৰ ধৰি সুপ্ত হৈ থকা হায়লি গুব্বি আগ্নেয়গিৰি উদ্গীৰণৰ ফলত নির্গত ছাই মিহলি ক’লা ধোঁৱাই ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত উৰি আহি ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰে। বিশেষজ্ঞসকলৰ মতে মানুহ আৰু আন প্রাণীৰ বাবে ক্ষতিকাৰক এই ধোঁৱাত ছালফার-ডাই-অক্সাইড মিহলি হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি যোৱা নিশা ১১ বজাত এই ছাই মিহলি ধোঁৱাৰ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ ঘটে। ক্রমে এই ধোঁৱা পূবমুৱাকৈ ববলৈ ধৰে। উল্লেখ্য যে ইথিঅ’পিয়াৰ আফাৰ অঞ্চলৰ ইটা এলে অঞ্চলত এলানি আগ্নেয়গিৰি অৱস্থিত। এই অঞ্চলৰ একেবাৰে দক্ষিণত অৱস্থিত হায়লি গুব্বি আগ্নেয়গিৰিৰ পৰা ইথিঅ’পিয়াৰ ৰাজধানী আদ্দি আবাবালৈ দূৰত্ব প্রায় আঠশ কিলোমিটাৰ। এই আগ্নেয়িগিৰি অৱস্থিত অঞ্চলৰ ভূভাগত গভীৰ ভূতাত্ত্বিক কার্যকলাপ চলি থকা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
ইয়াৰ কাৰণ হৈছে অঞ্চলটোৰ ভূভাগত দুখন শৈলমণ্ডলীয় ফলকৰ মিলন ঘটিছে। আফাৰ অঞ্চল সাগৰপৃষ্ঠৰ পৰা পাঁচশ মিটাৰ উচ্চতাত অৱস্থিত। অৱশ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে এই ছাই মিহলি ধোঁৱা বহু ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত ইয়ে দিল্লীৰ প্ৰদূষণজনিত সমস্যা অধিক শোচনীয় নকৰে। এই সম্পৰ্কত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্রই কয়, ‘মানুহ আতংকিত হোৱাৰ প্ৰয়োজন নাই। আমি কোনো পৰামর্শ আগবঢ়োৱা নাই। অৱশ্যে বিজ্ঞান সংস্থাসমূহৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি এই ধোঁৱাত থকা ছাইৰ ঘনত্ব অধিক হয় তেতিয়া ডাৱৰৰ সৃষ্টি হ’ব। দিল্লীৰ প্ৰদূষণৰ ওপৰত এই ছাই মিহলি ধোঁৱাই কোনো প্রভার নেপেলায়।’ তৎসত্ত্বেও এনে অনাকাংক্ষিত পৰিস্থিতিক লৈ বহু বিশেষজ্ঞ উদ্বিগ্ন হৈ আছে। আনহাতে, একাংশ বিশেষজ্ঞৰ মতে আজি নিশা ৭-৩০ বজাৰ পৰা পৰিস্থিতি উন্নত হয়। অর্থাৎ এই ক’লা ধোঁৱাৰ পৰা ভাৰতৰ আকাশ মুক্ত হ’বলৈ ধৰে। ইয়াৰ পূর্বে আজি বিভিন্ন বিমান সংস্থাই বহু সংখ্যক বিমানৰ চলাচল বাতিল কৰে। আনকি কেৰালাৰ কন্নুৰৰ পৰা আবু ধাবিগামী ইণ্ডিগ’ৰ ৬ই১৪৩৩ বিমানৰ যাত্রাপথ সলনি কৰা হয়। এই অভাৱনীয় পৰিস্থিতিৰ বাবে গুজৰাটৰ আহমেদাবাদ বিমানকোঠত বিমানখন অৱতৰণ কৰা হয়। যাত্রীসকলক কন্নুৰলৈ ওভতাই নিয়া হয় বুলি ইণ্ডিগ’ই প্রকাশ কৰিছে। একেদৰে কেৰালাবে কোচিৰ পৰা অন্ততঃ দুখন আন্তর্জাতিক বিমানৰ যাত্রা বাতিল কৰা হয়। আমস্ট্রাডামৰ পৰা দিল্লী অভিমুখী কেএল৮৭১ আৰু বিপৰীতমুখী কেএল৮৭২ বিমান দুখনৰ যাত্রা বাতিল কৰা হয়। এনেদৰে দিল্লী আন্তর্জাতিক বিমানকোঠতে বহুসংখ্যক বিমানৰ উৰণ-অৱতৰণ বাতিল কৰা হয়। পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি বিমান সংস্থাসমূহে প্রকাশ কৰিছে।
১৯ খন আন্তর্জাতিক বিমানৰ চলাচল বাধাগ্রস্ত
এক সূত্ৰৰ মতে, আজি কমেও ১৯ খন আন্তর্জাতিক বিমানৰ চলাচলত ব্যাঘাত জন্মে। ইয়াৰে সাতখন বিমানৰ চলাচল বাতিল কৰা হয় আৰু ১২ খনৰ যাত্ৰা পলম হয়। যাত্রা বাতিল হোৱা আন্তর্জাতিক বিমানসমূহৰ অন্যতম হৈছে নেৱাৰ্কৰ পৰা দিল্লী, নিউয়ৰ্কৰ পৰা দিল্লী, ডুবাইৰ পৰা হায়দৰাবাদ, ডোহাৰ পৰা মুম্বাই, ডুবাইৰ পৰা চেন্নাই, দম্মামৰ পৰা মুম্বাই, ডোহাৰ পৰা দিল্লী, চেন্নাইৰ পৰা মুম্বাই আৰু হায়দৰাবাদৰ পৰা দিল্লীমুখী বিমান। ইয়াৰ পূৰ্বে দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহলৈ পৰামৰ্শ জাৰি কৰে। ইয়াৰ ভিত্তিত বিমান সংস্থাসমূহে বিমানৰ চলাচল বাতিল কৰে বা যাত্রাপথ সলনি কৰে। একেদৰে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগেও বিমান উৰণ-অৱতৰণৰ ফলত সতর্কবাণী প্রকাশ কৰে। ফলত আজিৰ দিনটোত ভাৰতকে ধৰি বিশ্বৰ এই বৃহৎ অংশত বিমানৰ নিয়মীয়া চলাচল বাধাগ্রস্ত হয়।
হতভম্ব বিজ্ঞানীসকল
সুদীর্ঘ ১২ বছৰৰ পাছত হায়লি গুব্বি আগ্নেয়গিৰিৰ উদ্দ্গীৰণক লৈ ভূবিজ্ঞানীসকল হতভম্ব হৈছে। এই সম্পর্কত ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী জুলিয়েট বিগছে কয়, ‘ইয়াৰ পূৰ্বে যদি সঁচাকৈয়ে এই আগ্নেয়গিৰৰ উদ্গীৰণ অন্তিম উদ্গীৰণ ১২ হেজাৰ বছৰ পূৰ্বে ঘটিছিল, তো মই দিকৈয়ে আচৰিত হ’ম। এটা ডাঙৰ ছাতিৰ দৰে ধোঁৱাই আকাশমাৰ্গ ছানি ধৰাৰ ঘটনা এই অঞ্চলত সঁচাকৈয়ে বিবল।’ উল্লেখ্য যে এই আগ্নেয়গিৰিৰ উদ্গীৰণৰ সময়ত ইথিঅ’পিয়াতে আছিল ব্রিটেইনৰ ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী ডেৰেক কেইৰ। এই বিষয়ত তেওঁ অধ্যয়ন আৰম্ভ কৰিছে।
১৯ খন আন্তর্জাতিক বিমানৰ চলাচল বাধাগ্রস্ত
এক সূত্ৰৰ মতে, আজি কমেও ১৯ খন আন্তর্জাতিক বিমানৰ চলাচলত ব্যাঘাত জন্মে। ইয়াৰে সাতখন বিমানৰ চলাচল বাতিল কৰা হয় আৰু ১২ খনৰ যাত্ৰা পলম হয়। যাত্রা বাতিল হোৱা আন্তর্জাতিক বিমানসমূহৰ অন্যতম হৈছে নেৱাৰ্কৰ পৰা দিল্লী, নিউয়ৰ্কৰ পৰা দিল্লী, ডুবাইৰ পৰা হায়দৰাবাদ, ডোহাৰ পৰা মুম্বাই, ডুবাইৰ পৰা চেন্নাই, দম্মামৰ পৰা মুম্বাই, ডোহাৰ পৰা দিল্লী, চেন্নাইৰ পৰা মুম্বাই আৰু হায়দৰাবাদৰ পৰা দিল্লীমুখী বিমান। ইয়াৰ পূৰ্বে দেশৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে বিমান সংস্থাসমূহলৈ পৰামৰ্শ জাৰি কৰে। ইয়াৰ ভিত্তিত বিমান সংস্থাসমূহে বিমানৰ চলাচল বাতিল কৰে বা যাত্রাপথ সলনি কৰে। একেদৰে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগেও বিমান উৰণ-অৱতৰণৰ ফলত সতর্কবাণী প্রকাশ কৰে। ফলত আজিৰ দিনটোত ভাৰতকে ধৰি বিশ্বৰ এই বৃহৎ অংশত বিমানৰ নিয়মীয়া চলাচল বাধাগ্রস্ত হয়।
হতভম্ব বিজ্ঞানীসকল
সুদীর্ঘ ১২ বছৰৰ পাছত হায়লি গুব্বি আগ্নেয়গিৰিৰ উদ্দীৰণক লৈ ভূবিজ্ঞানীসকল হতভম্ব হৈছে। এই সম্পর্কত ইংলণ্ডৰ ব্রিস্টল বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী জুলিয়েট বিগছে কয়, ‘ইয়াৰ পূৰ্বে যদি সঁচাকৈয়ে এই আগ্নেয়গিৰৰ উদ্দ্গীৰণ অন্তিম উদ্গীৰণ ১২ হেজাৰ বছৰ পূৰ্বে ঘটিছিল, তেন্তে মই সঁচাকৈয়ে আচৰিত হ’ম। এটা ডাঙৰ ছাতিৰ দৰে ধোঁৱাই আকাশমাৰ্গ ছানি ধৰাৰ ঘটনা এই অঞ্চলত সঁচাকৈয়ে বিৰল।’ উল্লেখ্য যে এই আগ্নেয়গিৰিৰ উদ্গীৰণৰ সময়ত ইথিঅ’পিয়াতে আছিল ব্রিটেইনৰ ছাউদাম্পটন বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞানী ডেৰেক কেইৰ। এই বিষয়ত তেওঁ অধ্যয়ন আৰম্ভকৰিছে।
কেনেদৰে ভাৰতলৈ আহিল বিষাক্ত ছাই
ইথিউপিয়াৰ সুপ্ত আগ্নেয়গিৰি হায়লি গুব্বি হঠাৎ কালি সাৰ পাই উঠাত দূৰদূৰণিৰ আকাশমার্গো ছাইযুক্ত ক’লা ধোঁৱাই আগুৰি ধৰে। ক্রমে ভাৰতৰো বিস্তৃীর্ণ অঞ্চলৰ আকাশমার্গ ছানি ধৰে এই বিষাক্ত ধোঁৱাই। ছালফাৰ-ডাই-অক্সাইড মিহলি এই ঘন ছাই মেঘ পশ্চিম দিশৰ পৰা প্ৰথমে গুজৰাটত প্ৰৱেশ কৰে। তাৰ পাছতে ক্রমে ৰাজস্থান, দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু উত্তৰ পশ্চিম মহাৰাষ্ট্ৰৰ আকাশমার্গত এই ক’লা ডাঠ ধোঁৱা দেখিবলৈ পোৱা যায়। এই সম্পৰ্কত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহাপাত্রই কয় যে আজি সন্ধিয়া এই বিষাক্ত ধোঁৱাই উত্তৰ-পূব ভাৰত হৈ চীনৰ দিশে গতি কৰে। ভূ-পৃষ্ঠৰ পৰা এই ছাই মেঘ ১৫ হেজাৰৰ পৰা ৪৫ হেজাৰ ফুট উচ্চতাত আছে বুলিও মহাপাত্রই সদৰী কৰে। গতিকে মানুহ তথা আন প্ৰাণীৰ ক্ষতি এই ছাই মেঘে নকৰে বুলি তেওঁ ক’বলৈ বিচাৰে। অৱশ্যে এই সংক্রান্তত কোনো চিকিৎসকে মন্তব্য কৰা নাই।






























