Union minister Sarbananda Sonowal attended the Ekta Yatra in Vadodara: চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ জন্মবার্ষিকী উপলক্ষে গুজৰাটৰ বডোদৰাত আয়োজিত একতা যাত্রাত অংশগ্ৰহণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

চৰ্দাৰ বল্লভভাই পেটেলে কল্পনা কৰা 'একত্ৰিত ভাৰত' ৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শ্রেষ্ঠ আৰু আত্মনিৰ্ভৰশীল ভাৰতলৈ দেশখনে একতাৰ বাটেৰে আগবাঢ়ি গৈ আছে: সর্বানন্দ সোণোৱাল

sar 1

Union minister Sarbananda Sonowal attended the Ekta Yatra in Vadodara:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে আন নেতাসকলৰ সৈতে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মবার্ষিকী উপলক্ষে গুজৰাটৰ বডোদৰাত আয়োজিত ৰাষ্ট্ৰীয় একতা যাত্ৰাত অংশগ্ৰহণ কৰে । সোণোৱালে কয় যে এই ৰাষ্ট্ৰীয় একতা যাত্রাই “দেশব্যাপী দেশপ্ৰেমৰ এক শক্তিশালী টৌ সৃষ্টি কৰিছে আৰু চৰ্দাৰ বল্লভভাই পেটেলে কল্পনা কৰা ঐক্যবদ্ধ ভাৰত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যুৱসমাজৰ দৃঢ় সংকল্পক প্রকাশ কৰিছে।”

বডোদৰাত এই পদযাত্রাই তৃতীয় দিনটোত প্ৰৱেশ কৰাৰ পাছত সেৱাছীৰ আৰণ্য ল’নত অনুষ্ঠিত উদ্বোধনী সাংস্কৃতিক কার্যসূচীত ভাষণ আগবঢ়াই কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এই যাত্ৰা আমাৰ সামূহিক সংকল্প আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ এক প্ৰমাণ। “আমাৰ যুৱক-যুৱতীসকলৰ উৎসাহে প্ৰমাণ কৰিছে যে এক ভাৰতৰ আত্মাই প্ৰতিগৰাকী নাগৰিকক এতিয়া গভীৰভাৱে অনুপ্রাণিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত ‘শ্ৰেষ্ঠ ভাৰত আৰু বিকশিত ভাৰত’ৰ অভিযানৰ সৈতে আগবাঢ়ি গৈ আছে,” সর্বানন্দ সোণোৱালে কয়।

এই পদযাত্ৰাটোৰ আৰম্ভণি অংক্লাবৰ হৰেকৃষ্ণ মন্দিৰৰ পৰা আৰম্ভণি হৈছিল আৰু ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক দল তথা সমাজসেৱী সংগঠনৰ ব্যাপক অংশগ্রহণ দেখা গৈছিল। ‘মাই ভাৰত’ৰ মতে এই পদক্ষেপৰ অধীনত ইতিমধ্যে ৬২০তকৈও অধিক জিলা আৰু ৪৪০টা লোকসভা সমষ্টিত ১,৫১৪টা পদযাত্রা অনুষ্ঠিত হৈছে, য’ত ১৫ লাখৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰি সৰ্বমুঠ ১০,০০৭ কিল’মিটাৰ পথ অতিক্রম কৰিছে।

উদ্বোধনী কার্যসূচীত “বিথালভাই মণিবেন চৰ্দাৰ” বিষয়বস্তুৰ বিষয়ে চৰ্দাৰ গাথা শীর্ষক কাৰ্যসূচী পৰিবেশন কৰা হয়। তাৰপাছত গ্রামসভা, নৃত্য নাটিকা আৰু ভজন সন্ধ্যাৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰা হয়।

শনিবাৰে এই পদযাত্রা বডোদৰাৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ মাজেৰে আগবাঢ়ি নৱলখী ময়দানত এক বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমাপ্ত হ’ব।

চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত এই ১১ দিনীয়া যাত্ৰাই ৰাষ্ট্ৰীয় সংহতি আৰু আত্মনিৰ্ভৰশীলতাৰ আদৰ্শক লৈ ভাৰতক উজ্জীৱিত কৰি তুলিছে।

উক্ত কার্যসূচীত সর্বানন্দ সোণোৱালৰ সৈতে কেন্দ্রীয় মন্ত্রী মনসুখ মাণ্ড‍্য, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্রী অজয় টামটাৰ লগতে সাংসদ, বিধায়কসকল আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version