Nagaon:
গীত-মাতেৰে আজি মুখৰিত হ’ল নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰি চাৰিআলি । অঞ্চলটোৰ সুনীল শইকীয়া সংগীত মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি পুৱাৰে পৰা সন্ধিয়ালৈকে প্ৰতিষ্ঠানটিৰ বাকৰিত অনুষ্ঠিত হয় ৰাগ-সংগীতৰ বিশেষ অনুষ্ঠান । বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰবীন অনাতাঁৰ শিল্পী গম্ভীৰ নাথ, সমাজকৰ্মী ধেনুৰাম নাথ আৰু খগেন নাথে । ইয়াৰ পিছতে সংগীত মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীয়ে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটিক গতি প্ৰদান কৰে । সঞ্জীৱ সাগৰ চৌধুৰী আৰু পুষ্পজ্যোতি নাথে যুটীয়াভাৱে আঁতধৰা এই অনুষ্ঠানটিতে সুনীল শইকীয়া সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তৰুণ শইকীয়াৰ সুৰাৰোপিত আৰু তেওঁ কণ্ঠদান কৰা ‘অসমী আই’ নামৰ এটা দেশপ্ৰেমমূলক গীত উন্মোচন কৰা হয় । নয়নজ্যোতি শইকীয়াৰ কথা আৰু শান্তি বৰদলৈৰ সংগীত সমৃদ্ধ গীতটি উন্মোচন কৰে বিশিষ্ট সংগীতজ্ঞ কৃষ্ণ দুলাল বৰুৱাই । ইয়াৰ পিছতে সংগীত শিক্ষাৰ প্ৰতিষ্ঠানটিৰ প্ৰায় দুকুৰি শিক্ষাৰ্থীয়ে বিভিন্ন গীত-মাত পৰিৱেশন কৰে ।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱা, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্ত, সাংস্কৃতিক সংগঠক দিব্যজ্যোতি মেধি, পংকজ নাথ, প্ৰদীপ বৰা, সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, কল্যাণ কুমাৰ বৰা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে । মুকুল বৰা, দুল বৰা, বিশ্বজিৎ(ৰাজীৱ)বৰঠাকুৰ, বাবুল বৰা, দেৱজিৎ মেধি, ৰঞ্জন গোহাঁই আৰু ৰূপান্তৰ হাজৰিকাই বাদ্যযন্ত্ৰ সংগত কৰা এই বিশেষ সংগীতমধুৰ অনুষ্ঠানটিতৰ শেষ পৰ্যায়ত নগাঁৱৰ বহু কেইগৰাকী পৰিচিত আৰু জ্যেষ্ঠ শিল্পীয়ে গীত পৰিৱেশন কৰে ।




































