সন্তানক লৈ সপৰিয়ালে ক’ৰবালৈ দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি আপুনি? বয়সস্থ পিতৃ-মাতৃ আৰু বিদ্যালয়ত পঢ়ি থকা সন্তানক লৈ বছৰৰ এইখিনি সময়ত বহুতেই দূৰ ভ্ৰমণলৈ বুলি ওলায়। সদস্যৰ সংখ্যা বেছি থাকিলে বহুতেই বাছ বা বিমানৰে যাত্ৰা কৰাতকৈ ৰেলৰ জৰিয়তে যাত্ৰা কৰাটো বেছি আৰামদায়ক আৰু সুলভ বিকল্প বুলি গণ্য কৰে।
ৰেলযোগে যাত্রা কৰিব খোজাসকলৰ বাবে বহু সময়ত টিকট বুকিঙৰ বাবে সহজ আৰু নিৰ্ভৰযোগ্য এপ কিছুমান থকাটো অতি জৰুৰী হৈ পৰে। তদুপৰি, নতুন ঠাই এখনলৈ যোৱা বা তালৈ গৈ নতুন নতুন অভিজ্ঞতা লাভ কৰাৰ মজাই সুকীয়াহু ভ্ৰমণৰ জৰিয়তে ঠাই এখনৰ খাদ্যাভ্যাস আৰু বৈচিত্র্যময় সংস্কৃতিক জনাৰ লগতে ভ্রমণ অভিজ্ঞতাবোৰে ব্যক্তিৰ জীৱনক অধিক স্মৰণীয়, আকর্ষণীয় আৰু ঐশ্বর্যশালী কৰি তোলে।
কিন্তু এইখিনি অভিজ্ঞতা বুটলিবলৈ ব্যক্তি এজন কিছু কিছু ক্ষেত্রত বিশেষভাৱে দায়বদ্ধ হ’ব লাগে। তাৰ ভিতৰত ভ্রমণ বীমাও এটা। প্রথম দৃষ্টিত ভ্রমণ বীমা অপ্রয়োজনীয় খৰচ যেন লাগিলেও প্রকৃতার্থত ই অত্যন্ত জৰুৰী।
আইআৰচিটিচি ৰেল কানেক্ট এপ হৈছে ভাৰতীয় ৰেল বিভাগৰ নিজাববীয়া এপ। ইয়াত তৎক্ষণাত বুকিং, টিকটৰ নিশ্চিতকৰণ অৱস্থা পৰীক্ষা, আসন নির্বাচন, ৰেলৰ সময়সূচী আৰু পিএনআৰ স্টেটাছ আদি চোৱাৰ সুবিধা লাভ কৰিব পাৰিব পাৰি। একেদৰে কনফার্ম টিকেট নামৰ এপটোরে সহজে নিশ্চিত টিকটৰ সুবিধা প্রদান কৰে। যদি কোনো গ্রাহকৰ টিকট অপেক্ষা তালিকাত আছে, তেন্তে এই এপে টিকট নিশ্চিত হোৱাৰ সম্ভাৱনা অনুমান কৰাত সহায় কৰে।
ইয়াৰ উপৰি এই এপৰ জৰিয়তে তৎকাল টিকটো বুক কৰিব পাৰি। অনলাইন পেমেন্ট আৰু বুকিঙৰ বাবে বিখ্যাত পেটিএম এপৰ জৰিয়তেও ৰেলৰ টিকট বুকিং কৰিব পাৰি। ইকেছবেক অফাৰ আৰু নিশ্চিতকৰণ ভবিষ্যদ্বাণীৰ দৰে সুবিধা প্রদান কৰে। মেক মাই ট্রিপ নামৰ এপটোৰ জৰিয়তে গ্রাহকে ৰেল, বিমান, বাছ আৰু হোটেল আদি বুকিঙৰ সুবিধা সকলো প্লেটফর্মতে পাব পাৰে।
ইয়াত গ্রাহকে ৰেলৰ টিকট বুক কৰিলে বিভিন্ন অফাৰ আৰু বেহায়ো পাব পাৰে। লগতে ইয়াত ভ্রমণ বীমাৰ সুবিধাও দিয়া হৈছে, যাৰ ফলত যাত্রা অধিক নিৰাপদ হৈ পৰিব পাৰে। ওপৰত উল্লেখ কৰি অহা আনবোৰ এপৰ দৰে আন এটা জনপ্রিয় এপ হৈছে গ’ ইবিব’।
ইয়াত ৰেলৰ সময়সূচী, পিএনআৰৰ অৱস্থা পৰীক্ষা আৰু নিশ্চিতকৰণ ভবিষ্যদ্বাণীৰ দৰে সুবিধা লাভ কৰিব পাৰি। এই এপটোত বহু ধৰণৰ অফাৰ আৰু কেছবেকো উপলব্ধ, যাৰ ফলত টিকটৰ বুকিং সস্তা হয়।
ভ্রমণকাৰীসকলে কেতিয়াবা অপ্রত্যাশিতভাবে জৰুৰীকালীন চিকিৎসাৰ বাবে, যাত্রা বাতিল হ’লে, লাগেজ আদি হেৰুৱালে বা ৰাজনৈতিক অশান্তিৰ সৃষ্টি হ’লে ভ্রমণ বীমাৰ সুবিধা ল’ব পাৰে। উপৰোক্ত কাৰণবোৰৰ ফলত ভ্রমণ পৰিকল্পনাত ব্যাঘাত জন্মিলে ভ্রমণ বীমা কামত আহে।
এই ধৰণৰ বীমা আচলতে বিভিন্ন ভ্ৰমণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম। ভ্রমণলৈ গৈ কেনেবাকৈ যদি বেমাৰত পৰিবলগীয়া হয়, তেন্তে তেনে ক্ষেত্রত বৃহৎ আর্থিক চাপ সৃষ্টি হ’ব পাৰে। ভ্ৰমণ বীমা কৰালে অতিৰিক্ত খৰচ নকৰাকৈ বেলেগ ৰাজ্য বা বিদেশতো উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিব পাৰি। আনহাতে, বিভিন্ন কাৰণত ভ্ৰমণৰ পৰিকল্পনা ব্যাহত হ’লে বা ভ্রমণ বাতিল কৰিবলগীয়া হ’লে বীমাই নন-ৰিফাণ্ডেবল খৰচ পৰিশোধ কৰাত সহায় কৰে। ফলত অতিৰিক্ত টকা খৰচ নকৰাকৈ পাছত পুনৰবাৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পৰা যায়।
একেদৰে, ভ্রমণ বীমাই যাত্রাকালত হেৰোৱা, চুৰি হোৱা বা গন্তব্য স্থান গৈ পাওতে পলম হোৱা লাগেজৰ ক্ষতিপূৰণো প্ৰদান কৰে। ফলত ভ্রমণকাৰীয়ে এটা চাপমুক্ত যাত্রা উপভোগ কৰিব পাৰে। তদুপৰি, কেতিয়াবা ভ্রমণকাৰীয়ে প্রাকৃতিক দুর্যোগ বা ৰাজনৈতিক অশান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিত কেতিয়াবা লগে লগে ঠাইখন খালী কৰাৰ নিৰ্দেশ আহিব পাৰে। ভ্ৰমণৰ সময়ত এনে পৰিস্থিতিৰ সন্মুখীন হ’লে ভ্রমণ বীমা কৰা থাকিলে বিশেষ ক’ভাৰেজ লগে লগে ইপিএফঅ’ত অভিযোগ দাখিল কৰিব পাৰে।
আনকি শ্রমিক আদালত বা গ্রাহক আদালততো অভিযোগ দাখিল কৰিব পাৰে। যদি উপভোক্তাৰ অভিযোগে মান্যতা পায়, তেতিয়া ইপিএফ আইনৰ অধীনত নিয়োগকাৰী সংস্থাক জৰিমনাকে ধৰি একাধিক শাস্তি বিহা হ’ব পাৰে।
বহু ক্ষেত্ৰত বিমান যাত্ৰাৰ সময় পলম হোৱাৰ বাবেও সমগ্র ভ্রমণ পৰিকল্পনা নষ্ট হৈ পৰে। ইয়াৰ বাবে হোৱা অতিৰিক্ত খৰচৰ বাবেও ভ্রমণ বীমাই ক’ভাৰেজ প্ৰদান কৰে।
ৰেলযোগে দূৰ ভ্ৰমণ কৰিলে সকলোৰে মনলৈ অহা প্রথম চিন্তাটো হ’ল- পছন্দৰ আসন পাব নে নাই আৰু এই পছন্দৰ আসনখন হ’ল ৰেলৰ মজিয়াৰ বাৰ্থ যাক ল’ৱাৰ বাৰ্থ বুলি কয়। আঠ বছৰীয়া শিশুটোৰ পৰা ৮০ বছৰীয়া বৃদ্ধলৈ, কোনেও ল’ৱাৰ বাৰ্থৰ জনপ্ৰিয়তাক অস্বীকাৰ কৰিব নোৱাৰে।
আঁঠুৰ বিষ, কঁকালৰ বিষ আদি বিভিন্ন সমস্যাত ভুগি থকা যাত্রীয়ে যদি কেনেবাকৈ ওপৰৰ বার্থত আসন পায় তেন্তে গোটেই যাত্ৰাটোৱেই কষ্টকৰ হৈ পৰে। আনহাতে, যদিহে যাত্রীজন বয়সীয়াল হয় নাইবা শাৰীৰিকভাৱে অসুস্থ হয় তেনেহ’লেতো ল’ৱাৰ বাৰ্থৰ বাদে কোনো বিকল্পয়ে নাথাকে।
মনকৰিবলগীয়া, জ্যেষ্ঠ নাগৰিকৰ বাবে ল’ৱাৰ বাৰ্থ ৬০ বা তাৰ ঊর্ধ্বৰ লোকৰ বাবে উপলব্ধ। আনহাতে, মহিলাসকলৰ বাবে বয়সৰ সীমা ৪৫ বছৰ। দলীয় যাত্ৰাৰ সময়ত যদি একে সময়তে এজন বা দুজনতকৈ অধিক যাত্রী জ্যেষ্ঠ নাগৰিক হয় আৰু আনজন যাত্রী জ্যেষ্ঠ নাগৰিক নহয়, তেনেহ’লে তেওঁৰ বাবে ল’ৱাৰ বাৰ্থ উপলব্ধ নহয়।






























