Latvia’s Male Crisis:✒️কাহিনী কোনো চিনেমাৰ দৰে লাগিলেও কিন্তু সম্পূর্ণ বাস্তৱ। দেশখনত পুৰুষৰ সংখ্যা ইমানেই নগণ্য যে বিবাহৰ বাবে হাহাকাৰ কৰিব লাগে যুৱতীয়ে। যাৰবাবে বিবাহযোগ্যা মহিলাই অস্থায়ী স্বামী ভাড়া কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ বিকল্পই হেনো নাই।
ইউৰোপৰ বহু দেশতে জনসংখ্যা যে কম সেই কথা বহুতেই জানে। তাৰ মাজতো লাটভিয়াৰ অৱস্থা অতি শোচনীয়। লাটভিয়াত মহিলা আৰু পুৰুষৰ অনুপাতত বিস্তৰ তাৰতম্য আছে। ‘দ্য নিউ য়র্ক প’ষ্ট’ৰ এক প্রতিবেদনত দাবী কৰিছে যে লাটভিয়াত পুৰুষৰ তুলনাত ১৫.৫ শতাংশ বেছি মহিলা আছে। যিটো ইউৰোপৰ আন দেশসমূহৰ গড় ব্যৱধানৰ প্ৰায় তিনি গুণ অধিক।
এনে পৰিস্থিতিত ‘ভাড়াতীয়া স্বামী’ৰ বিকল্প বিচাৰি পোৱা নাই দেশখনৰ অবিবাহিতা যুৱতীসকলে। অর্থাৎ বাধ্য হৈয়েই যুৱতীসকলে ‘অস্থায়ী স্বামী’ৰ ব্যৱস্থা কৰিছে। উক্ত প্রতিবেদন অনুসৰি, দেশখনৰ অৱস্থা এনেকুৱা যে এজন পুৰুষে ১০-১২গৰাকী মহিলাৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰে। সমীক্ষাত লগতে জনা গৈছে যে কেৱল যুৱক-যুৱতীৰ অনুপাততে যে বিশাল ব্যৱধান, সেয়া নহয়। বৰঞ্চ বয়স্কসকলৰ ক্ষেত্রতো একেই অৱস্থা। ৬৫ বছৰৰ ঊর্ধ্বৰ বয়সৰ ক্ষেত্ৰতো লাটভিয়াত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা তিনি গুণ অধিক।
প্রতিবেদনত কোৱা হৈছে যে সৰ্বত্রে এই তাৰতম্যৰ প্ৰভাৱ পৰিছে। কৰ্মক্ষেত্ৰৰ পৰা শিক্ষাক্ষেত্র, সকলোতে মহিলাসকল সংখ্যাগুৰু। পৰিস্থিতি এনেকুৱা হৈছে যে বহু মহিলাই হেনো পুৰুষ সংগীৰ সন্ধানত বিদেশলৈ ৰাওনা হয়। আনকি সর্বশেষ কাণ্ডটো হৈছে, পুৰুষ সংগীৰ অভাৱত অনেক নাৰীয়ে ‘অস্থায়ী স্বামী’ ভাড়া কৰিবলৈ লৈছে। তদুপৰি লাটভিয়াৰ মহিলাসকলে সম্প্রতি এনে কিছুমান কাম কৰিবলৈ বাধ্য হৈছে, যিটো আগতে নকৰিছিল।
যেনে জোতা মেৰামতি, ঘৰ ৰং কৰা, সামগ্ৰী মেৰামতিৰ কৰ্মী ইত্যাদি। সুযোগৰ সদ্ব্যৱহাৰ কৰিছে একাংশ বাণিজ্যিক সংস্থায়ো। মহিলাৰ প্রয়োজন অনুসৰি তেওঁলোকে দক্ষ পুৰুষ সৰবৰাহ কৰাটো আৰম্ভকৰিছে। ইয়াৰ বাবে শকত অংকৰ পাৰিশ্রমিকো লাভ কৰে ‘ভাড়াতীয়া’ পুৰুষে।






























