Bhubaneswa:✒️গোৱাৰ পাছত এইবাৰ ভুৱনেশ্বৰ! উৰিষ্যাৰ ৰাজধানী চহৰৰ এখন বাৰত ভয়ংকৰ অগ্নিকাণ্ড। জ্বলি ছাই হ’ল ৰুফটপ বাৰ ।শুকুৰবাৰে পুৱা বাৰখনত সংঘটিত হয় এই অগ্নিকাণ্ড। বৰ্তমানলৈকে এই ঘটনাত কোনো লোক আহত বা হতাহতি হোৱা নাই।
অগ্নিনিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন তৎপৰতাত জুই নিৰ্বাপন কৰে।
শুকুৰবাৰে পুৱা ভুৱনেশ্বৰৰ সত্যবিহাৰ অঞ্চলৰ বাসিন্দাসকলে পানশালা খনৰ পৰা ধোঁৱা ওলোৱা লক্ষ্য কৰে। জুইয়ে দ্ৰুতগতিত ৰেষ্টুৰেণ্টখন আগুৰি ধৰিলে আৰু ছাদৰ ওপৰৰ বাৰখন মূহুৰ্ততে ছাইলৈ পৰিণত হ’ল।
ঘটনাটোৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়।ইয়াৰ পাছতে কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ অভিযান আৰম্ভ কৰে।
জনবহুল অঞ্চলটোৰ কাষৰীয়া অট্টালিকাবোৰলৈ জুই বিয়পি পৰাৰ আশংকা আছিল। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎকালীন ব্যৱস্থাৰ বাবেই এক বৃহৎ দুৰ্যোগ ৰোধ হোৱা বুলি স্থানীয় লোকে জনায়।
অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ প্ৰাৰম্ভিক অনুমান অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে। কিন্তু ইয়াৰ আঁৰত অন্য কাৰণ আছে নেকি তাক পৰীক্ষা কৰিছে তদন্তকাৰীয়ে ।





























