Lionel Messi:✒️মেছি জ্বৰত আক্ৰান্ত কলকাতা। শুকুৰবাৰে নিশা কলকাতাত ভৰি দিলে লিয়নেল মেছিয়ে। স্বাভাৱিকতে যুৱ ভাৰতী ক্ৰীড়া কমপ্লেক্স আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলবোৰ উন্মাদনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আশা কৰা মতে বিপুল জনসমাগম চম্ভালিবলৈ সষ্টম কলকাতা আৰক্ষী।
মেছি সম্পৰ্কীয় অনুষ্ঠানৰ আশে-পাশে যুৱ ভাৰতী আৰু কাষৰীয়া অঞ্চলসমূহত যাতায়তৰ বিশেষ বাধা আৰোপ কৰা হৈছে।
সূত্ৰ অনুসৰি অনুষ্ঠানৰ সময়ত আৰু পূৰ্বে কেবাটাও গুৰুত্বপূৰ্ণ পথত যাতায়ত সম্পূৰ্ণৰূপে বা আংশিকভাৱে নিয়ন্ত্ৰণ কৰা হ’ব।
ষ্টেডিয়ামৰ কাষৰীয়া পথ, জে বি ষ্টেডিয়াম ৰোড, ডি এফ ব্লক এলেকা, মেট্ৰ’ চেনেল ৰোড আৰু অন্যান্য গুৰুত্বপূৰ্ণ সংযোগী পথসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হ’ব। কেৱল সাধাৰণ গাড়ীয়েই নহয়, মালবাহী বাহনৰ চলাচলতো সময়ভিত্তিক বাধা আৰোপ কৰা হৈছে।
মেছিৰ আগমনত কলকাতা আৰক্ষীয়ে নাগৰিকসকলক যিমান পাৰি ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে। ব্যক্তিগত গাড়ীৰে যুৱ ভাৰতীৰ দিশে গ’লে নিৰ্দিষ্ট পাৰ্কিং লটতহে গাড়ী ৰখাব পাৰিব। অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে আৰক্ষীয়ে।
নিৰাপত্তাৰ ক্ষেত্ৰতো কোনো সুৰুঙা এৰি দিয়া হোৱা নাই। যান-বাহন আৰক্ষীৰ লগতে অতিৰিক্ত আৰক্ষী জোৱান আৰু স্বেচ্ছাসেৱক মোতায়েন কৰা হ’ব।
মহানগৰীৰ কেবাটাও গুৰুত্বপূৰ্ণ ছেক্সনত অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। পৰিস্থিতি অনুসৰি প্ৰয়োজন হ’লে তৎক্ষণাত ৰুট ডাইভাৰচন কৰা হ’ব।
কলকাতা আৰক্ষীয়ে সাধাৰণ জনতাক যান-বাহনৰ নিৰ্দেশনা মানি চলি অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে।
তথ্য অনুসৰি,ফুটবলৰ উন্মাদনাৰ এই ঐতিহাসিক দিনটোত চহৰখনৰ স্বাভাৱিক ছন্দ অটুট ৰখাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখযোগ্য যে মেছিৰ এয়া দ্বিতীয়বাৰৰ বাবে কলকাতা ভ্ৰমণ। ইয়াৰ মাজতে বিধায়ক সুজিত বসুৰ তত্বাৱধানত লেক টাউনত মহানগৰীত ৭০ ফুট ওখ তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
২০১১ চনত কলকাতালৈ আহি ভেনিজুৱেলাৰ বিৰুদ্ধে প্ৰীতি মেচ খেলিছিল আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে।






























