Lionel Messi:✒️এতিয়াও একপ্ৰকাৰ মেছিৰ জুৰত আক্রান্ত হৈ আছে সমগ্ৰ ভাৰত। যোৱা ১৩ৰ পৰা ১৫ ডিচেম্বৰলৈ দেশৰ বিভিন্ন মহানগৰ ভ্ৰমণ কৰা ফুটবলৰ ৰাজপুত্ৰ লিয়’নেল মেছিৰ এই ভ্রমণক লৈ দেশত চর্চা অব্যাহত আছে। এতিয়াও মেছিৰ অগণন অনুৰাগী বা ফুটবল প্রেমীসকল একপ্ৰকাৰ জ্বৰত আক্রান্ত হৈ আছে।
এনে অৱস্থাতে চৰ্চালৈ আহিছে ফুটবলৰ ৰাজপুত্ৰৰ ‘উৰন্ত প্রাসাদ’ৰ কথা। দৰাচলতে এই উৰন্ত প্রাসাদ হৈছে মেছিৰ ব্যক্তিগত বিমানখন। তেওঁৰ এই বিমান হৈছে গাল্ফষ্ট্রীম ভি। এই বিমান অত্যন্ত বিলাসী তথা ব্যয়বহুল। বিমানখনৰ ভিতৰতে শোৱাৰ ঘৰৰ পৰা ৰন্ধনশালালৈকে আছে। এই বিমানত উঠি যোৱা শুকুৰবাৰে পুৱতি নিশা ১-৩০ বজাত ফুটবলৰ ৰাজপুত্ৰই কলকাতাৰ বিমানকোঠত পদার্পণ কৰে।
ফুটবল তাৰকাজনৰ এই ব্যক্তিগত বিমান ২০০৪ত তৈয়াৰ কৰা হয়। ২০১৮৩ মেছিয়ে এই বিমান ক্রয় কৰে। তেওঁৰ এই বিমানে ৫১ হেজাৰ ফুট উচ্চতাতো উৰিব পাৰে। এই শ্ৰেণীৰ মূল বিমানতকৈ মেছিৰ বিমানখন উন্নত। বিমানখনৰ ৰেঞ্জ প্রায় ৬,৫০০ নটিকেল মাইল।
বিমানখনে নিউয়ৰ্কৰ পৰা টকিঅ’ অথবা লণ্ডনলৈ নতুবা ছিংগাপুৰলৈ বিৰতিবিহীনভাৱে যাত্ৰা কৰিব পাৰে। অৰ্থাৎ হেজাৰ হেজাৰ মাইল যাত্রা কৰিলেও বিমানখনক জিৰণি দিয়াৰ প্ৰয়োজন নাই। এই বিমানে ঘণ্টাত ৫৫০ মাইল বা ৮৮৫ কিলোমিটাৰ বেগত গতি কৰিব পাৰে।
বিমানখনৰ ভিতৰত মেছিৰ জাৰ্চিৰ নম্বৰ খোদিত কৰি ৰখা হৈছে। তদুপৰি ফুটবল তাৰকাজনৰ পত্নী এন্টোনেলা আৰু তেওঁলোকৰ তিনি সন্তানৰ নামো বিমানখনৰ ভিতৰত খোদিত কৰি ৰখা হৈছে। ক্লাব বা আন্তর্জাতিক প্রতিযোগিতাত অংশ ল’বলৈ গ’লে মেছি এই বিমানত যায়। দীর্ঘ ভ্ৰমণৰ ক্ষেত্ৰত এই বিমান অত্যন্ত নিৰ্ভৰযোগ্য।
কাৰণ ইয়াৰ ইঞ্জিন উচ্চ ক্ষমতাসম্পন্ন। এই বিমানৰ ইঞ্জিন হৈছে ৰ’লছ-ৰয়চ টাৰ্বোফোন ইঞ্জিন। প্রতিটো ইঞ্জিনত ১৫ হেজাৰ পাউণ্ড থ্রাস্ট সৰৱৰাহ ঘটে। গতিকে এই বিমান দীর্ঘদূৰত্ব ভ্ৰমণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য।
বিমানখনৰ ভিতৰত ১৪ খন আসন আছে। ইয়াৰে ছখন আসনক বিছনাৰূপেও ব্যৱহাৰ কৰিব পাৰি। বিমানখনৰ দৈৰ্ঘ প্রায় ৯৬.৪ ফুট। ইয়াৰ উচ্চতা ২৬.৮৫ ফুট। বিমানখনৰ ভিতৰতে এটা বন্ধনশালা আৰু দুটি শৌচাগাৰো আছে। তদুপৰি বিমানখনৰ ভিতৰতে মাইক্ৰ’ৱেভ, কনভেকচন অ’ভেন, ছিংক, কফি মেকাৰ আদিও আছে।
এই বিমান ১.৫ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১৩২ কোটি টকাত মেছিয়ে ক্রয় কৰে। এই বিলাসী বিমানৰ চোৱা-কপালত উঠা চিতাৰ খৰচো চকু ধৰণৰ। প্ৰতিবাৰ দীর্ঘদূৰত্ব উৰণৰ পাছত বিমানখনৰ চোৱা-চিতাৰ বাবদ ভাৰতীয় মুদ্ৰাৰ হিচাপত কমেও ১৬ কোটি টকা খৰচ হয়। বিমানখন এটা বেচৰকাৰী সংস্থাই তদাৰক কৰি আহিছে।






























