জীৱন বীমা পলিচী বিক্ৰী কৰা সংস্থাসমূহৰ ভিতৰত ভাৰতীয় জীৱন বীমা নিগম বা এলআইচি হৈছে দেশৰ ভিতৰতে আটাইতকৈ জনপ্রিয় সংস্থা। ভাৰতীয় জীবন বীমা নিগমে গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি সময়ে সময়ে বিভিন্ন পলিচী মুকলি কৰি আহিছে। সংস্থাটোৰ এনে বহু পলিচী আছে য’ত বীমা আৰু সঞ্চয় দুয়োটাৰে সুবিধা লাভকৰিব পাৰি। তেনে এক জনপ্রিয় আঁচনিৰ নাম হৈছে ‘জীবন লাভ প্লেন ৯৩৬’।
এই আঁচনিখন মূলতঃ এক এনডাউমেন্ট আঁচনি, য’ত বোনাছকে ধৰি এক নির্দিষ্ট পৰিমাণৰ ধনৰাশি এটা নির্দিষ্ট সময়ৰ পাছত উপলব্ধ হয়। এই আঁচনিত গ্রাহকে প্রতিমাহে ৭,৫৭২ টকাকৈ সঞ্চয় কৰিব পাৰে আৰু মেচিউৰিটিৰ পাছত ৫৪ লাখ টকাৰ বৃহৎ পৰিমাণৰ ধনৰাশি লাভকৰিব পাৰে।
পলিচীখনৰ বিশেষত্বঃ জীবন লাভপ্লেন ৯৩৬ নামৰ এই পলিচীখনৰ বিশেষত্ব এয়ে যে ইয়াত বিনিয়োগকাৰীয়ে নিজৰ পছন্দ অনুসৰি প্রিমিয়ামৰ পৰিমাণ আৰু সময়সীমা বাছি লোৱাৰ বিকল্প লাভকৰে।
পলিচীখনৰ চৰ্তসমূহঃ যদি এই আঁচনিৰ গ্ৰাহক বা পলিচীধাৰীজন ম্যাদ পূর্ণ হোৱালৈ জীয়াই থাকে তেন্তে তেওঁ বীমা আৰু বোনাছকে ধৰি অন্যান্য সুবিধাৰ স’তে বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পাৰে। ইয়াৰ বিপৰীতে, ম্যাদ পূৰ্ণ হোৱাৰ পূর্বেই যদি পলিচীধাৰীৰ মৃত্যু হয়, তেন্তে তেনে ক্ষেত্রত পলিচীধাৰীৰ দ্বাৰা মনোনীত ব্যক্তিয়ে মুঠ ধনৰাশি (ছাম এছিয়র্ড) আৰু বোনাছ লাভকৰিব।
বয়সৰ সীমা: এলআইচিৰ জীৱন লাভ পলিচী ক্ৰয় কৰিবলৈ এজন গ্রাহকৰ ন্যূনতম বয়স হ’ব লাগে ১৮ বছৰ। আনহাতে, এই আঁচনিত বিনিয়োগৰ বাবে এজন গ্রাহকৰ সর্বোচ্চ বয়স হৈছে ৫৯ বছৰ।
পলিচীখনৰ সুবিধাসমূহঃআঁচনিখনৰ নিয়ম অনুসৰি যদি কোনো এজন গ্রাহকে তেওঁৰ ২৫ বছৰ বয়সত আগন্তুক ২৫ বছৰৰ বাবে জীৱন লাভৰ পলিচী লয় তেন্তে তেওঁ প্রতিমাহে ৭.৪০০ টকা বা প্রতিদিনে ২৪৬ টকাকৈ বিনিয়োগ কৰিব লাগিব। অর্থাৎ বছৰি বিনিয়োগ কৰা মুঠ ধনৰাশিৰ পৰিমাণ হ’ব ৮৬,৯৫৪ টকা। এইদৰে বিনিয়োগ কৰি গ’লে পৰৱৰ্তী ২৫ বছৰ পাছত অর্থাৎ মেচিউৰিটিৰ সময়ত বিনিয়োগকাৰীজনে প্রায় ৫২,৫০,০০০ টকা লাভ কৰিব। লগতে থাকিব ছাম এছিয়র্ড, বিভার্চনেৰী বোনাছ আৰু ফাইনেল এডিচনেল বোনাছ আদিৰ সুবিধাও।




































