Austria:✒️আকাশত সূৰ্য আৰু তলত বৰফৰ ওপৰত আশ্চৰ্যকৰ পোহৰ। সেই পোহৰক দেখিলে এনেকুৱা লাগিব যেন মমবাতিৰ শিখা। ক’ব পাৰি ‘সৌৰ শিখা’। এনে এক অসামান্য দৃশ্যৰ সাক্ষী হ’ল অস্ট্রিয়া।
অৱশ্যে সেই দৃশ্য সবাতোকৈ ভালদৰে দেখা গৈছে বিমানৰ খিৰিকীৰ পৰা। সেই ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এই সৌৰ মমবাতি কি? আচলতে বায়ুমণ্ডলত অনুভূমিকভাবে ভাহি থকা লাখ লাখ ক্ষুদ্র, চেপেটা, প্লেটৰ দৰ ষড়ভূডাকাৰ বৰফ স্ফটিকৰ পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হ’লে সৃষ্টি হয় সৌৰ মমবাতি। এই স্ফটিকবোৰ সততে ছিৰষ্ট্ৰেটাছ মেঘত পোৱা যায়।
যি আৰু নেদাৰলেণ্ডৰ উটৰেখট সম্মিলিতভাৱে বিৰাট, অসম্পূর্ণ আয়নাৰ দৰে আচৰণ কৰে তথা সৌৰ ৰশ্মিক প্রতিফলিত কৰে দৰ্শকৰ চকুত। ইয়াৰ ফলত সৃষ্টি হয় এক জলমলীয়া আভা, যাক দিগন্তৰ তলত সূৰ্যৰ প্ৰতিবিম্বৰ দবে দেখা যায়।
শান্ত বতাহত স্ফটিকবোৰ আলফুলকৈ ঘূৰি ফুৰাৰ সময়ত সিবোৰে সামান্য লৰচৰ কৰিলেই প্রতিফলনটো উলম্বভাৱে প্ৰসাৰিত হয়। ফলত পোহৰৰ এটা দীঘল স্তম্ভ দেখা যায়। যাক দেখিবলৈ মমবাতিৰ শিখাৰ দৰে লাগে।
এই সৌৰ মমবাতি কোন সময়ত দেখা যায়? সাধাৰণতে শীতকালতে এই ধৰণৰ দৃশ্য দেখা পোৱা যায়। বিমানৰ পৰা তলৰ মেঘৰ পাতল চাদৰৰ ফাকেৰে চালে এই আশ্চৰ্যকৰ দৃশ্য সবাতোকৈ ভালদৰে দেখা যায়। তদুপৰি পৰ্বতাৰোহী বা যিসকলে স্কি কৰে, তেওঁলোক পাহাৰৰ চূড়াত স্তম্ভিত হৈ পৰে এই ধৰণৰ দৃশ্য দেখি।
পদার্থবিদ্যাত প্রতিফলন সম্পর্কে আমি ভালদৰেই জ্ঞাত। ইয়াত সেই প্রতিফলনৰে এক অনুপম নিদর্শন সৃষ্টি হয়।যিটো চোৱাৰ বাবে অনেক মানুহেই উন্মুখ হৈ থাকে। এইবাৰ তেনে এক দৃশ্য সৃষ্টি হ’ল অষ্ট্রিয়াত। উল্লেখ্য যে সূৰ্যৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণত এই ধৰণৰ নানা দৃশ্যৰ সৃষ্টি হয়।
প্রতিফলনত যিদৰে সৌৰ মমবাতি সৃষ্টি হয়, সেইদৰে প্ৰতিসৰণৰ ফলত সৃষ্টি হয় ‘ছান ডগ’। নিঃসন্দেহে এই সকলোবোৰ দৃশ্যই সমান চিত্তাকর্ষক।






























