Ram Sutar:✒️ভাৰতৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান। গুজৰাটত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি ষ্টেচু অৱ ইউনিটিৰ ডিজাইন কৰিছিল ৰাম সুতাৰে। বুধবাৰে নিশা নয়ডাস্থিত নিজা বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। বার্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। তেওঁৰ পুত্ৰ অনিল সুতাৰে বৃহস্পতিবাৰে সংবাদ মাধ্যমক পিতৃৰ মৃত্যুৰ কথা প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত তেওঁ লিখিছে, “শ্ৰী ৰাম সুতাৰ জীৰ মৃত্যুত গভীৰভাৱে শোকাহত।এজন অসাধাৰণ ভাস্কৰ্য শিল্পী যাৰ দক্ষতাই ভাৰতক ষ্টেচু অৱ ইউনিটিকে ধৰি কেবাটাও ল্যাণ্ডমাৰ্ক দিছে। ভাৰতৰ ইতিহাস, সংস্কৃতি, সামূহিক মনোভাৱৰ শক্তিশালী প্ৰকাশ হিচাপে তেওঁৰ এই কৰ্মৰাজি সদায় প্ৰশংসিত হৈ থাকিব।’
লগতে তেওঁ লিখিছে, “তেওঁৰ পৰিয়াল, অনুৰাগী আৰু তেওঁৰ অসাধাৰণ জীৱন আৰু কৰ্মৰ দ্বাৰা প্ৰভাৱিত হোৱা সকলোকে মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।”






























