Bangladesh Chaos:✒️বাংলাদেশত দিপু দাসৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত দিল্লীত বাংলাদেশী উচ্চায়ুক্তৰ বাহিৰত উত্তেজনা । আৰক্ষীৰ বেৰিকেড ভাঙি উচ্চায়ুক্তৰ ফালে আগবাঢ়ি যোৱাৰ চেষ্টা চলায় প্ৰতিবাদকাৰীয়ে।
আনহাতে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে আৰক্ষীয়ে।সমাৱেশক ছত্ৰভংগ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনাৰ কৰাৰ লোৱাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে পৰা দিল্লীত উত্তেজনা সৃষ্টি হয়। তাত থকা বাংলাদেশী উচ্চায়ুক্ততো নিৰাপত্তা কটকটীয়া কৰা হয়।
উচচ আয়োগৰ চৌহদটো তিনিটা স্তৰৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰে । সকলো দিশতে আৰক্ষীৰ বেৰিকেড স্থাপন কৰাৰ লগতে অতিৰিক্ত বাহিনী নিয়োগ কৰা হয়। যদিও দিনটো আগবাঢ়ি যোৱাৰ লগে লগে উচ্চায়ুক্তৰ বাহিৰত উত্তেজনা বিয়পি পৰে আৰু বৃহৎ জনসমাগম হয়।
শ্লোগান দি হাতে হাতে প্লেকাৰ্ড। জনসমাগমৰ মাজতে মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তিও জ্বলাই দিয়া হয়।বাংলাদেশৰ উত্তেজনা ভাৰততো বিয়পি পৰে।
বাংলাদেশত দিপু দাসক প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনা আৰু অধিক তীব্ৰতৰ হৈ পৰে। এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ ভাৰততো প্ৰতিবাদ চলিছে।
মঙলবাৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে কলকাতাৰ লগতে দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীৰ পৰিকল্পনা কৰে। এই পৰিকল্পিত প্ৰতিবাদৰ বাবে বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে।
এই সন্দৰ্ভত নিৰাপত্তাৰ দায়িত্বত থকা এজন আৰক্ষী বিষয়াই কয়, “প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে আমি বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত নিৰাপত্তা বৃদ্ধি কৰিছো। বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰা হৈছে।কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে।”






























