মার্কিন বাহিনীয়ে বন্দী কৰা ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিক’লাছ মাদুৰ’ আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছৰ বিৰুদ্ধে মার্কিন আদালতত বিচাৰ চলিব। এই কথা সদৰী কৰিছে মার্কিন মহাধিবক্তা পাম বঙিয়ে।
মার্কিন মহাধিবক্তাই জনোৱা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমিত আমেৰিকাৰ আদালতত শীঘ্রে ভেনিজুৱেলাৰ সপত্নীক ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হ’ব। এই সম্পর্কত তেওঁ সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘মাদুৰ’ক মাদক দ্রব্য-সন্ত্রাসবাদ ষড়যন্ত্র, ক’কেইন আমদানি ষড়যন্ত্র, মেচিনগান আক ধ্বংসাত্মক আহিলা জিম্মাত ৰখা আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে মেচিনগান আৰু ধ্বংসাত্মক আহিলা ৰখাৰ গোচৰত অভিযুক্ত কৰা হৈছে।’
এনে অভিযোগত মাদুৰ’ৰ পত্নীকো অভিযুক্ত কৰিছে মার্কিন প্রশাসনে। নাৱেৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ড্ৰাগছ সৰবৰাহৰ অজুহাত দিও মার্কিন বাহিনীয়ে দেশখনত এই আক্রমণ সংঘটিত কৰে।
মাদুৰ’ৰ পত্নীও ভেনিজুৱেলাৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱশালী মার্কিন বাহিনীৰ হাতত বন্দী হোৱা নিক’লাছ মাদুৰ’ৰ পত্নী চিলিয়া ফ্ল’ৰেছো ভেনিজুৱেলাৰ শাসকীয় ৰাষ্ট্ৰপতি স্বামীসহ ৰাজনৈতিক ক্ষেত্ৰৰ এক প্ৰভাৱশালী চৰিত্ৰ।
এটা দৰিদ্ৰ পৰিয়ালৰ কন্যা চিলিয়াৰ জন্ম হয় ১৯৫৬ৰ ১৫ অক্টোবৰত উত্তৰ-পশ্চিম ভেনিজুবেলাব ক্ষুদ্র নগৰ টিনাকুইলত। তেওঁ ছয় ভাই-ভনীৰ কনিষ্ঠ আছিল। এটা বোকা-ইটাৰে তৈয়াৰী লেতেৰা মজিয়াৰ ঘৰত চিলিয়া ডাঙৰ-দীঘল হয়। তেওঁৰ পিতৃ ‘ছেলছমেন’ আছিল। ঘৰৰ ওচৰ-পাঁজৰৰ নগৰসমূহত তেওঁৰ পিতৃয়ে বিভিন্ন সামগ্রী বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল।
পৰৱৰ্তী সময়ত চিলিয়াৰ পৰিয়ালে উন্নত জীৱিকাৰ পথৰ সন্ধানত কাৰাকাছলৈ উঠি আহে। পৰিয়ালে কাৰাকাছত বাস কৰিবলৈ লোৱাৰ পাছত চিলিয়াই এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত ফৌজদাৰী আইন অধ্যয়নৰ উদ্দেশ্যে নামভর্তি কৰে। আইনজীবীৰূপে চিলিয়াই দক্ষতা পৰিদৰ্শন কৰিবলৈ সক্ষম হয়।
প্রাক্তন ৰাষ্ট্ৰপতি হুগো চাভেজৰ অধিবক্তাৰূপে তেওঁ দেশজোৰা খ্যাতি অর্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ ভেনিজুৱেলাৰ মহাধিবক্তা নিযুক্ত হয়। বহুতে তেওঁক ‘লেডী মেকবেথ’ আখ্যাও দিয়ে। চিলিয়াই নিজকে প্রথম বৈপ্লবিক যোদ্ধা আখ্যা দিয়ে।
শিক্ষা জীৱনত চিলিয়া ৰাজনীতিক লৈ আগ্রহী নাছিল। পঢ়া-শুনাৰ খৰচ উলিয়াবলৈ তেওঁ এখন আৰক্ষী থানাত অংশকালীনভাবে কাম কৰিছিল। এই কামত নিয়োজিত থকাৰ সময়ত তেওঁ বিভিন্ন গোচৰৰ সাক্ষীৰ ভাষ্য অনুবাদ কৰিছিল।
অৱশেষত তেওঁ দীর্ঘদিনীয়া প্রেমিকৰ স’তে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ প্ৰেমিকজন আৰক্ষীৰ চোৰাংচোৱা আছিল। তেওঁৰে বিবাহসূত্রে চিলিয়া তিনিটি সন্তানৰ মাতৃ হয়। আইনৰ ডিগ্রী গ্ৰহণ কৰাৰ পাছত তেওঁ এক ব্যক্তিগত প্রতিষ্ঠানৰ অধিবক্তাৰূপে এক দশক কাম কৰে।
পৰৱৰ্তী সময়ত ১৯৮৯ত ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে। তেতিয়া ভেনিজুবেলাত ইন্ধনৰ মূল্যবৃদ্ধিক লৈ কাৰাকাজ’ নামৰ এলানি সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষই তেওঁৰ অন্তত সুপ্ত হৈ থকা বৈপ্লবিক চেতনাক জাগ্রত কৰে বুলি এক সাক্ষাৎকাৰত চিলিয়াই জানিবলৈ দিছিল। এই সংঘর্ষই তেতিয়াৰ শীর্ষ সেনা বিষয়া হুগো চাভেজকো এক অভ্যুত্থান ঘটাবলৈ অনুপ্রাণিত কৰে।
সেই অনুসৰি চাভেজে ১৯৯২ত এক অভ্যুত্থান ঘটায়। অৱশ্যে এই অভ্যুত্থান ব্যর্থ হয়। চাভেজৰ এই বিদ্রোহে চিলিয়াৰ অন্তৰ স্পৰ্শ কৰে। তেওঁ ৰাজধানী কাৰাকাজ’ৰ চৌপাশে চাভেজৰ নাম অংকন কৰে। তাতে ক্ষান্ত নাথাকি তেওঁ চাভেজক আইনী সাহায্য আগবঢ়াব বুলি এক পত্ৰ প্ৰেৰণ কৰে। তেওঁৰ এই প্ৰস্তাৱ চাভেজে গ্ৰহণ কৰে।
সেই অনুসৰি তেওঁ চাভেজক আইনী সাহায্য আগবঢ়াবলৈ লয়। তেনে অবস্থাতে নিক’লাছ মাদুৰ’ৰ স’তে তেওঁৰ পৰিচয় ঘটে। তেতিয়া মাদুৰ’ কাৰাকাছৰ শ্রমিক সংঘৰ নেতা আছিল। মাদুৰ’য়ো চাভেজক আইনী পৰামৰ্শ দিছিল। সাক্ষাতৰ কিছু বছৰ পাছত মাদুৰ’বে চিলিয়াক জুই সদৃশ চৰিত্ৰ আখ্যা দিয়ে। এনেদৰে দুয়োৰে মাজত সম্পর্ক গঢ়ি উঠিবলৈ ধৰে।
তেতিয়া দুয়োৰে বিবাহ বিচ্ছেদৰ কাম-কাজ চলি আছিল। অৱশেষত ২০১৩ত দুয়ো বিবাহপাশত আবদ্ধ হয়। আনহাতে ১৯৯৪ত চাভেজক ৰাষ্ট্রপতিয়ে ক্ষমাদান কৰে। তেতিয়া চিলিয়া আৰু অন্যান্যসকলে তেওঁক পৰামৰ্শ দিয়ে যে চাভেজে সামৰিক ভাবমূর্তি ত্যাগ কৰি দৰিদ্ৰ জনতাক সহায় কৰাৰ উদ্দেশ্যে নিজকে অসামৰিক নেতারূপে গঢ়ি তোলা উচিত।
পৰৱৰ্তী সময়ত চিলিয়া চাভেজৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশত পৰিণত হয়। এই একে সময়তে মাদুৰ’ জন প্রতিনিধিৰূপে নির্বাচিত হয়। ২০০০ত চিলিয়াও ৰাষ্ট্ৰীয় সংসদলৈ নির্বাচিত হয়। সংসদৰ ভিতৰত চিলিয়াই এক কঠোৰ ভাবমূর্তি গঢ়ি তোলে। ২০০৭ত তেওঁ ৰাষ্ট্ৰীয় সংসদৰ নেত্ৰী নিৰ্বাচিত হয়। চিলিয়াই বিৰোধী সাংসদসকলক পাপী বুলিও আখ্যা দিছিল।
আনহাতে, ২০১২ত চাভেজে চিলিয়াক দেশখনৰ মহাধিবক্তা নিযুক্তি দিয়ে। এই পদত তেওঁ ২০১৩ লৈকে কার্যনির্বাহ কৰে। ২০১৩ৰ মাৰ্চত চাভেজৰ বিয়োগৰ পাছত মাদুৰ’ ৰাষ্ট্রপতি নির্বাচিত হয়। উক্ত বছৰৰ জুলাইত চিলিয়াৰ স’তে তেওঁ বিবাহপাশত আবদ্ধ হয়। প্রথম মহিলাৰূপে চিলিয়াই ৰাষ্ট্ৰপতি প্রাসাদৰ পৰিৱৰ্তন সাধন কৰে। মাদুৰ’ৱে ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰাৰ কিছুদিন পাছতে চৰকাৰী কাম-কাজতো বৃহৎ ভূমিকা পালন কৰিবলৈ ধৰে।






























