Dhurandhar:✒️এমাহ পূর্বে দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰা চলচ্চিত্র ‘ধুৰন্ধৰ’-এ ৩২ সংখ্যক দিনত ভাৰতত ব্যৱসায়ৰ নতুন অভিলেখ ৰচিলে। এইখন ছবিয়ে ভাৰতৰ বক্স অফিচত ৩২ দিনত মুঠ ৮৩১.৪০ কোটি টকা সংগ্রহ কৰিলে।
ছয় জানুৱাৰীত ‘ধুৰন্ধৰ’-এ ভাৰতত ৫.৭০ কোটি টকা সংগ্রহ কৰাৰ লগতে বিশ্বজুৰি মুঠ ১২৫৩.৮৩ কোটি টকা সংগ্ৰহ কৰিলে। ইয়াৰ জৰিয়তে ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত আদি অভিনীত ‘ধুৰন্ধৰ’-এ ব্যৱসায়ৰ ক্ষেত্ৰত অল্লু অর্জুনৰ ‘পুষ্পা-২’ৰ ব্যৱসায়ৰ অভিলেখ ভংগ কৰি ভাৰতত সৰ্বাধিক ধন উপাৰ্জন কৰা হিন্দী ছবি হিচাপে স্বীকৃতি লাভকৰিলে।
পূর্বে হিন্দী ভাষাত দেশৰ বক্স অফিচত ‘পুষ্পা-২’ ছবিখনে মুঠ ৮২১ কোটি টকাৰ ব্যৱসায় কৰি অভিলেখ ৰচিছিল।






























