New Movies:✒️জানুৱাৰীৰ দ্বিতীয়টো সপ্তাহত দেশৰ চিত্ৰগৃহত কে’বাখনো বহু প্রতীক্ষিত ছবিয়ে মুক্তি লাভ কৰিব। বলিউডৰ বাবে এই সপ্তাহটো বাণিজ্যৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
চলিত সপ্তাহত বলিউডত সাতখনকৈ বিগ বাজেটৰ ছবিয়ে মুক্তি লাভ কৰিব। মূলত কমেডী আৰু একচন, থ্রিলাৰ ছবিয়ে চিত্রগৃহত এই সপ্তাহত ভিৰ কৰিব।
১৪ জানুৱাৰীত মুক্তি লাভ কৰিব তামিল একচন থ্রিলাৰ ছবি ‘বা ভাথিয়াৰ’-এ। ছবিখনৰ হিন্দী সংস্কৰণো একেদিনাই প্রদর্শিত হ’ব। তামিল একচন-ড্রামা ‘দ্রৌপদী-২’-এ মুক্তি লাভ কৰিব ১৫ জানুৱাৰীত।
১৬ জানুৱাৰীত চিত্রগৃহত ভুমুকি মাৰিব কমেডী ছবি ‘ৰাহু কেতু’-এ। আনহাতে, একেদিনাই ‘হেপ্পী পটেল’ নামৰ আন এখন ছবিয়েও মুক্তি লাভ কৰিব। এইখন ছবিত আমিৰ খানে দ্বৈত ভূমিকাত অভিনয় কৰিছে।
১৬ জানুৱাৰীত ‘বিহু এটেক’ নামৰ ছবিখনেও মুক্তি লাভ কৰিব। চাইক’লজিকেল থ্রিলাৰ ‘মায়াসভা’-এ মুক্তি লাভ কৰিব ১৬ জানুৱাৰীত। একেদিনাই মুক্তি লাভ কৰিবলগীয়া আন এখন দৰ্শকৰ প্রতীক্ষিত ছবি হৈছে ‘বান টু চা চাচা’।






























