বছৰৰ আৰম্ভণিতে একপ্ৰকাৰ বিধ্বস্ত হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰ। আনকি বছৰটোৰ প্ৰথম ২১টা দিনতে ছেনছেক্সৰ প্ৰায় চাৰি হেজাৰ পইণ্টৰ পতন ঘটিছে। ফলত লাখ লাখ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছে বিনিয়োগকাৰীসকলে।
দেশৰ শ্বেয়াৰ বজাৰৰ সৃষ্ট এই প্রচণ্ড খহনীয়াৰ একাধিক কাৰণ ব্যাখ্যা কৰিছে বিশেষজ্ঞসকলে। বিশেষজ্ঞসকলৰ মতে, মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে বিশ্বৰে বৃহত্তম দ্বীপ গ্রীণলেণ্ড দখলৰ বাবে আৰম্ভ কৰা যো-জাই বিশ্বব্যাপী ভূ-ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে।
এই অস্থিৰতাৰ প্ৰভাৱ ভাৰতৰ শ্বেয়াৰ বজাৰতো পৰাত সূচকাংকৰ মহাপতন ঘটিছে। তদুপৰি ভাৰতৰ শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীসকলে বৃহৎ হাৰত বিনিয়োগ প্রত্যাহাৰ কৰিছে। চলিত বৰ্ষটোৰ আজিলৈ এইকেইটা দিনতে বিদেশী বিনিয়োগকাৰীসকলে কমেও ৩৩ হেজাৰ কোটি টকাৰ বিনিয়োগ প্ৰত্যাহাৰ কৰি ধন তুলি লৈ গৈছে।
নেচনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেডৰ তথ্য অনুসৰি, যোৱা পহিলা জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীৰ মাজৰ সময়ছোৱাতে বিদেশী সংস্থাসমূহে ২২,৫৩০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰি বজাৰৰ পৰা ধন তুলি লৈ যায়। বিদেশী বিনিয়োগকাৰীসকলৰ এনে ব্যাপক হাৰত বিনিয়োগ প্রত্যাহাৰেও শ্বেয়াৰ বজাৰৰ পতনত ভূমিকা পালন কৰিছে বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰিছে।
লক্ষ্যণীয়ভাবে শ্বেয়াৰ বজাৰত এনে হতাশাৰ পৰিৱেশ বিৰাজ কৰিলেও সোণ-ৰূপৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে। কালি ২৪ কেৰেটৰ প্ৰতি ১০ গ্রাম সোণৰ মূল্য এক লাখ ৫১ হেজাৰ ৫৭৫ টকা হয়। একেদৰে প্ৰতি কিলোগ্রাম ৰূপৰ মূল্য কালি তিনি লাখ ৩৪ হেজাৰ ৮৪০ টকা হয়। ফলত পূর্বে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা বহু বিনিয়োগকাৰীয়ে সোণ-ৰূপৰ বজাৰলৈ ঢাপলি মেলিছে।
শ্বেয়াৰতকৈ সোণ-ৰূপত বিনিয়োগক নিৰাপদ গণ্য কবি অগণন বিনিয়োগকাৰীয়ে সোণ-ৰূপৰ বজাৰত উথত্থপ লগোৱাত দুয়োবিধ ধাতুৰ মূল্য আকাশলংঘী হৈছে। গতিকে শ্বেয়াৰ বজাৰত হতাশাৰ পৰিৱেশ সোণ-ৰূপৰ বজাৰত নাই। ফলত সোণ-ৰূপ ক্রয়কাৰীৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে সোণ-ৰূপৰ মূল্যবৃদ্ধিয়ে বিগত কিছুদিন ধৰি প্রতিদিনেই একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰি আছে।
ফলত দেশৰ পৰা বিদেশী মুদ্রাৰ অধিক বহিঃগমনৰ আশংকা প্রবল হৈছে। কাৰণ ভাৰতৰ দৰে দেশসমূহে বৃহৎ পৰিমাণৰ সোণ আমদানি কৰে। এনে এক অবস্থাতে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ খহনীয়া অধিক বৃদ্ধি পাইছে। টকাৰ মূল্যৰ অৱনমনে বিগত কে’বামাহ ধৰি নিতৌ অভিলেখ সৃষ্টি কৰিছে।
বুধবাৰেও এই ক্ষেত্রত অভিলেখ স্থাপন হয়। বুধবাৰে সন্ধিয়ালৈ এক ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯১.৭৪ টকা হয়। কালি পুৱা ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৯১.০৫ টকা আছিল। সময় আগবঢ়াৰ লগে লগে পুনৰ খহনীয়া আৰম্ভ হয়। অৱশেষত সন্ধিয়ালৈ ৭৭ পইচা হ্রাস পাই এক ডলাৰৰ মূল্য ভাৰতীয় মুদ্রাত ৯১.৭৪ টকা হয়। টকাৰ মূল্যৰ এই পতনে বিভিন্ন সামগ্ৰীৰ মূল্য আকাশলংঘী কৰাৰ আশংকা আছে।
গতিকে দেশৰ অৰ্থনীতিৰ সাম্প্রতিক অবস্থা উদ্বেগজনক বুলি একাংশ অর্থনীতিবিদে মন্তব্য কৰিছে। এনে অৱস্থাতে ট্রাম্প প্রশাসনে ভাৰতকে ধৰি একাংশ দেশৰ ৰপ্তানিজাত সামগ্ৰীৰ ওপৰত পাঁচশ শতাংশ শুল্ক আৰোপৰ হুংকাৰো দি আছে।
উল্লেখ্য যে ২০২৫ বছৰটোত বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় বজাৰৰ পৰা মুঠ ১.৬৬ লাখ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰি ধন তুলি নিয়ে। বিদেশী বিনিয়োগকাৰীসকলৰ এনে আচৰণ নতুন বছৰতো অব্যাহত আছে। অৱশ্যে শ্বেয়াৰ বজাৰৰ এই উত্থান-পতন স্বাভাৱিক বুলি মন্তব্য কৰিছে বিত্তীয় সংস্থা স্মিফছ লিমিটেডৰ জ্যেষ্ঠ উপাধ্যক্ষ কুনাল আচার্যই।
সংবাদ মাধ্যমৰ আগত আচার্যই কয়, ‘শ্বেয়াৰ সূচকাংকৰ বহু উত্থান ঘটিছিল, গতিকে এই উত্থান-পতন স্বাভাৱিক। পৰিস্থিতি পুনৰ স্বাভাৱিক হ’ব।’ আগন্তুক দিনত বেংকিং, বিত্তীয়, বিৰল খনিজ পদাৰ্থৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ শ্বেয়াৰে ভাল ফল দিব বুলি আশা প্রকাশ কৰিছে বিশেষজ্ঞজনে। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে, নতুন দিল্লী আৰু ৱাশিংটনৰ মাজত বাণিজ্যিক চুক্তিৰ নিষ্পত্তি নোহোৱালৈকে শ্বেয়াৰ বজাৰ নিম্নমুখী হৈ থকাৰ আশংকা আছে।
লক্ষ্যণীয়ভারে ট্রাম্পে ভাৰতীয় সামগ্ৰীত ৫০ শতাংশ শুল্ক আৰোপৰ পাছৰে পৰা দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিক লৈ আলোচনা আৰম্ভহয় যদিও আজিলৈ এই চুক্তি স্বাক্ষৰ হোৱা নাই। তাৰ পৰিৱৰ্তে চুক্তিখনক লৈ অনিশ্চয়তা বিৰাজ কৰি আছে। চুক্তি কেতিয়ালৈ স্বাক্ষৰ হ’ব তাৰ কোনো নিশ্চয়তা এটা পক্ষয়ো দিয়া নাই। ফলত শ্বেয়াৰ বজাৰত অনিশ্চয়তা সৃষ্টি হৈ আছে।
আনহাতে, বিশেষজ্ঞসকলৰ মতে, ২০২৫ৰ বছৰটোত বিশ্বৰ বজাৰত সোণ আৰু ৰূপৰ চাহিদা ক্রমে ৭০ শতাংশ আৰু ১৬০ শতাংশ বৃদ্ধি পায়। ভাৰতত ইয়াৰ পৰিমাণ সোণৰ ক্ষেত্ৰত ৭৩ শতাংশ আৰু ৰূপৰ ক্ষেত্ৰত ১৬৪ শতাংশ হয়। গতিকে সোণ-ৰূপৰ মূল্য গগনচুম্বী হৈ আছে।






























