Bjp Joining:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত শাসকীয় বিজেপি দলে আৰম্ভ কৰিছে ব্যাপক কুজকাৱাজ ৷ ইতিমধ্যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে কে’বাজনো প্ৰাক্তন আছু নেতা। শনিবাৰে গেৰুৱা বসন পিন্ধিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ বৰুৱাৰ স’তে একেলগে যোগদান কৰিব আন সাতজন প্ৰাক্তন আছু নেতাই।
ADVERTISEMENT
উল্লেখ্য যে আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীত আছুৰ প্ৰাক্তন সাধাৰণসম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে বিভিন্ন সংগঠনৰ ১৯ জনকৈ প্ৰাক্তন নেতাই যোগদান কৰিব বিজেপিত।




































