Messive Wild fire Broke in Dzukou Valley:
বিধ্বংসী বনজুইৰ কৱলত পৰা নগালেণ্ডৰ মনোৰম জক’ উপত্যকাৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। এই জুই চুবুৰীয়া মণিপুৰলৈও বিয়পিছে। উল্লেখ্য যে যোৱা ২৮ জানুৱাৰীত ক’হিমা জিলাৰ অন্তৰ্গত মনোৰম প্ৰাকৃতিক পৰিৱেশৰ জক’ উপত্যকাৰ জংঘলত আকস্মিকভাৱে বনজুইৰ সূত্রপাত ঘটে। এফালৰ পৰা জুয়ে পাহাৰক আগুৰি ধৰাৰ সময়তো ৩০ জনৰো অধিক পৰ্বতাৰোহী ঘটনাস্থলীত আছিল। এই পর্বতাৰোহীসকলক নিৰাপদে উদ্ধাৰ কৰা হৈছে বুলি চৰকাৰী বিষয়াবর্গই প্রকাশ কৰিছে। বনজুইৰ ভয়াৱহতালৈ লক্ষ্য কৰি চৰকাৰে জাখামা আৰু ৱিছেমাৰ প্ৰৱেশস্থলীতে জক’ উপত্যকাত পর্বতাৰোহণ সাময়িকভাৱে স্থগিত কৰিছে। গছ-বন-লতাই সুন্দৰ পৰিৱেশ গঢ়া জক’ উপত্যকাৰ এই বনজুই মণিপুৰলৈও বিয়পি পৰাত চুবুৰীয়া ৰাজ্যখনৰ প্রশাসনো উদ্বিগ্ন হৈছে। এই বিধ্বংসী জুয়ে মণিপুৰৰ সৰ্বোচ্চ শৃংগ মাউন্ট এছীলৈও ভাবুকিৰ সৃষ্টি কৰিছে। লক্ষ্যণীয় যে সেউজীয়া মসৃণ পাহাৰ আৰু বিৰল লিলি ফুলৰ বাবে বিখ্যাত উপত্যকাটোত বনজুইৰ সূত্রপাত হোৱাৰ পাছতে অগ্নি নির্বাপণৰ চেষ্টা কৰা হয় যদিও সফল নহ’ল। একপ্ৰকাৰ সমগ্ৰ উপত্যকাটোক আগুৰি ধৰা এই জুই নিয়ন্ত্ৰণলৈ অনাৰ উদ্দেশ্যে অৱশেষত চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সহায় লয়। বিগত তিনিদিন ধৰি বায়ুসেনাৰ কে’বাখনো হেলিকপ্টাৰে জুই নুমুৱাবলৈ চেষ্ট কৰি আছে। ‘বাম্বি বাকেট’ অভিযান আৰম্ভ কৰি বায়ুসেনাই পদমপুখুৰী আৰু ছঞ্জি হ্ৰদৰ পৰা পানী কঢ়িয়াই নি অগ্নি নির্বাপণৰ চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্রত কিঞ্চিৎ সফলতাও দেখা গৈছে। কাৰণ জক’ উপত্যকাৰ হেলীপেডৰ ওচৰত কমেও ৭০ শতাংশ অগ্নিকাণ্ড নিয়ন্ত্রণলৈ আহিছে। তৎসত্ত্বেও আন অঞ্চলসমূহত জুই নিয়ন্ত্ৰণৰ বাহিৰত আছে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি চৰকাৰী বিষয়াই জনোৱা মতে, উপত্যকাটোৰ অতি থিয় দক্ষিণ অঞ্চলৰ পাহাৰৰ তলত অগ্নি নির্বাপণ বাহিনীয়ে অৱস্থান কৰি জুই নুমুওৱাৰ চেষ্টা চলোৱাটো সম্ভৱ নহয়। একে মতেই পোষণ কৰিছে এই অগ্নিকাণ্ডৰ দুর্যোগ মোকাবিলাত নিয়োজিত ৰাষ্ট্ৰীয় দুর্যোগ উপশম বাহিনী (এনডিআৰএফ) আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে।
#সেউজ পাহাৰত কেনেদৰে সূত্রপাত ঘটিল বিধ্বংসী বনজুইৰ
অভিজ্ঞসকলৰ মতে, মানুহৰ কাম-কাজ আৰু পৰিৱেশৰ অৱস্থাই মিলি প্রায়ে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ২,৪৩৮ মিটাৰ উচ্চতাত অৱস্থিত জক’ উপত্যকাত বনজুইৰ সূত্রপাত ঘটায়। তৎসত্ত্বেও উপত্যকাটো সর্বদা সেউজীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাভাৱিকতে বনজুইৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে তদন্তৰ প্ৰয়োজন। এইবাৰৰ বনজুইৰ কাৰণ পোহৰলৈ অহা নই। বর্তমানেও বিষয়টো তদন্তাধীন হৈ আছে। অৱশ্যে একাংশৰ মতে, শীতৰ মাহকেইটাত এই উপত্যকা শুকান ঘাঁহ-বন আৰু বাঁহৰে ভৰি পৰে। শাক-পাচলিৰ কৃষিকৰ্মও বনজুইৰ এক পূর্ণাংগ ইন্ধনৰূপে আখ্যা দিয়ে। স্থানীয় লোকৰ মতে, এই অঞ্চলত ডাঙৰ বনজুইৰ সূত্রপাতৰ কাৰণ হৈছে পৰ্বতাৰোহীসকলে কৰা কাম-কাজ। কোনো পৰ্বতাৰোহীয়ে পাহৰি বা দুর্ঘটনাবশতঃ শিবিৰত জ্বলন্ত এঙাৰ এৰি গ’লেও বনজুইৰ সূত্রপাত ঘটে। জুইৰ ফিৰিঙতি ওফৰি শুকান ঘাঁহ-বনত পৰিলে মুহূৰ্তৰ ভিতৰতে দ্রুততবে জুয়ে বিস্তীর্ণ অঞ্চলক আগুৰি ধৰে।
# মণিপুৰলৈ জুই বিয়পোৱাৰ কাৰণ
একাংশ বিশেষজ্ঞই জক’ উপত্যকাৰ পৰা বনজুই মণিপুৰলৈ বিয়পি পৰাৰ কাৰণ ব্যাখ্যা কৰিছে। এই বিশেষজ্ঞসকলৰ মতে, এই বনজুই বিয়পি পৰাৰ দুটা কাৰণ আছে। ইয়াৰে প্ৰথমটো কাৰণ হ’ল তাপ গতিবিজ্ঞান আৰু স্থানীয় বতাহৰ গাঁথনি। পাহাৰীয়া বা পার্বত্য অঞ্চলত জুই বিয়পি পৰাৰ ক্ষেত্ৰত বতাহে এটা ডাঙৰ ভূমিকা পালন কৰে। দিনৰ সময়ছোৱাত বায়ু গৰম হয় আৰু ওপৰলৈ উঠে। এনে বায়ুয়ে জুইৰ শিখা ওপৰলৈ তুলি নিয়ে। যিহেতু জক’ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা দুহেজাৰৰো অধিক মিটাৰ উচ্চতাত অৱস্থিত। সেয়েহে অক্সিজেনৰ স্তৰ আৰু বতাহৰ গতিয়ে এক চিমনি প্ৰভাৱৰ সৃষ্টি কৰে। উল্লেখ্য যে চিমনি প্রভাব মানে হৈছে মুকলি স্থানত বায়ুৰ স্বাভাৱিক গতি। এনে স্থানত গৰম বায়ু ওপৰলৈ উঠে আৰু শীতল বায়ু তললৈ নামে। গৰম বায়ু শীতল বায়ুতকৈ পাতল। সেয়েহে গৰম বায়ু ওপৰলৈ উঠিলে শীতল বায়ু তললৈ আহিবলৈ বাধ্য হয়। বনজুইৰ ক্ষেত্ৰত চিমনি প্রভাবে এক প্রাকৃতিক পৰিঘটনাৰ দৰে কাম কৰে। অর্থাৎ ইয়ে জুইৰ প্রকোপ বৃদ্ধি কৰে। যেতিয়া কোনো পাহাৰৰ আধাৰ অথবা পাহাৰৰ একোটা খাজত বনজুইৰ সূত্রপাত ঘটে, তেতিয়া এই জুইৰ ওপৰত থকা বায়ু দ্রুততৰে গৰম হয়। যিহেতু গৰম বায়ুৰ ঘনত্ব তুলনামূলকভাবে কম হয়, গতিকে ই ওপৰলৈ উঠি যায় আৰু নামনিত এক শক্তিশালী শূন্যতাৰ সৃষ্টি কৰে। এই শূন্যতাই সতেজ তথা প্ৰচুৰ অক্সিজেনযুক্ত বায়ু শুহি চৌপাশৰ ব্যৱধান পূৰ্ণ কৰে। এই প্রক্রিয়া একেৰাহে অব্যাহত থাকিলে ইয়ে জুইশালসদৃশ এক উলম্ব স্থানৰ সৃষ্টি কৰে। এই উলম্ব স্থানে দহন বৃদ্ধি কৰে আৰু জুইৰ শিখাক ক্ষিপ্ৰ বেগেৰে উচ্চতালৈ তুলি নিয়ে। এনে জুই ভূমিত চেপেটাকৈ আগবাঢ়ি যোৱাতকৈ অধিক বেগেৰে আগবাঢ়ে। বিশেষজ্ঞসকলৰ মতে, সম্প্রতি শক্তিশালী ঋতুকালীন বতাহে জক’ উপত্যকাৰ বনজুই দক্ষিণ ফালে অৰ্থাৎ মণিপুৰৰ মাউন্ট এছী শৃংগৰ দিশে দ্রুততৰে ধাৱমান কৰাইছে। শীত আৰু এঙাৰ সিঁচৰতি কৰি শক্তিশালী ঋতুকালীন বতাহে জুই বিয়পাইছে। অগ্নিকাণ্ড সূত্রপাত হোৱা স্থান ওখ আৰু দুৰ্গম টিলাত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত জুই নুমুওৱাৰ উপায় বিচাৰি উলিয়াব পৰা নাই চৰকাৰে। গতিকে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা আছে। এই সম্পর্কত কহিমাৰ উপায়ুক্ত বি হেনক বুচেমে জনায় যে উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে এটা গোট গঠন কৰা হৈছে। জুই নুমুওৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ ওচৰত উপলব্ধ সকলো সমলেই নিয়োগ কৰা হৈছে বুলিও উপায়ুক্ত বুচেমে জনায়।




































