Gaziabad Incident:✒️অনলাইন গেম খেলাত বাধা দিয়া লৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এক হৃদয়বিদাৰক ঘটনা। মঙলবাৰে নিশা প্ৰায় দুই বজাৰ সময়ত এটা বহুতলীয়া আবাসনৰ ১০ তলাৰ পৰা একেলগে জাপ দি মৃত্যু হয় ১২, ১৪ আৰু ১৬ বছৰীয়া তিনি নাবালিকা ভগ্নীৰ।
সূত্ৰ অনুসাৰে, কৰ’নাৰ সময়ৰে পৰা মোবাইল গেমত আসক্ত হৈ পৰিছিল তিনিও। সময়ৰ লগে লগে গেম খেলাৰ প্ৰৱণতা ইমানেই বৃদ্ধি পায় যে কেতিয়াবা স্কুলো এৰি দিছিল। এই আচৰণ পছন্দ নাছিল পিতৃ মাতৃৰ। নিশাটোতো গেম খেলাক লৈ ঘৰত অশান্তিৰ সৃষ্টি হয় আৰু পিতৃ মাতৃয়ে গেম খেলিবলৈ তিনিওকে বাধা প্ৰদান কৰে।
ইয়াৰ পাছতেই তিনিও ভগ্নীয়ে একেলগে চূড়ান্ত সিদ্ধান্ত লয় বুলি আৰক্ষীৰ প্ৰাথমিক অনুমান। খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। দেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে। তদন্ত অব্যাহত আছে; মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে ঘটনাৰ স্পষ্টতা নিশ্চিত হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।






























