ক্ষেপণাস্ত্ৰ প্ৰযুক্তিত আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল’লে ভাৰতে। সফলভাৱে পৰীক্ষামূলক উৎক্ষেপণ কৰা হ’ল ৰামজেট শক্তিসম্পন্ন ক্ষেপণাস্ত্ৰ। শত্রুপক্ষৰ বিমানত নিখুঁতভাৱে আঘাত হানিব পৰা এই অত্যাধুনিক ক্ষেপণাস্ত্ৰই দেশৰ আকাশ-সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে।
ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা সংস্থা ডিআৰডিঅ’ৰ দ্বাৰা নিৰ্মিত এই ক্ষেপণাস্ত্ৰত ব্যৱহৃত হৈছে ৰামজেট নামৰ বিশেষ জেট ইঞ্জিন। এই ইঞ্জিন চুপাৰছনিক, অৰ্থাৎ শব্দৰ গতিতকৈ অধিক গতিসম্পন্ন ক্ষেপণাস্ত্ৰত ব্যৱহাৰ কৰা হয়। বিশ্বৰ অতি কম দেশৰ হাততেই এই উন্নত প্ৰযুক্তি আছে।
ৰামজেট ইঞ্জিনৰ বিশেষত্ব হ’ল,ইয়াত কোনো জটিল টাৰ্বাইন নাথাকে। ফলত ক্ষেপণাস্ত্ৰটো তুলনামূলকভাৱে পাতল হয় আৰু অত্যন্ত উচ্চ গতিত লক্ষ্যবস্তুত আঘাত হানিব পাৰে। ইঞ্জিনটোৱে সন্মুখৰ পৰা আহি থকা বায়ু ব্যৱহাৰ কৰি শক্তিশালী ‘থ্ৰাষ্ট’ সৃষ্টি কৰে।
ডিআৰডিঅ’ৰ দ্বাৰা উন্নীত ‘চলিড ফুৱেল ডাক্টেড ৰামজেট’ প্ৰযুক্তিয়ে দূৰপাল্লাৰ ক্ষেপণাস্ত্ৰৰ গতি আৰু কাৰ্যক্ষমতা কেইগুণ বৃদ্ধি কৰিব পাৰে।
মঙলবাৰে পুৱা ১০টা ৪৫ বজাত ওড়িশাৰ চাঁদিপুৰৰ পৰা এই ৰামজেট শক্তিসম্পন্ন ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষামূলক উৎক্ষেপণ কৰা হয়। ডিআৰডিঅ’ই জনাইছে যে পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰটোৰ সকলো প্ৰযুক্তিগত মাপকাঠি নিখুঁতভাৱে কাম কৰিছে। ইয়াৰ লগে লগে এই অত্যাধুনিক প্ৰযুক্তিৰ অধিকাৰী দেশৰ তালিকাত ভাৰতো অন্তৰ্ভুক্ত হ’ল।
অপাৰেচন সিন্দূৰ আৰু ভাৰত-পাকিস্তান উত্তেজনাৰ পাছত দেশৰ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে কেন্দ্ৰ। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিৰক্ষা খাতত ৭.৮৫ লক্ষ কোটি টকাৰ অভিলেখ পৰিমাণৰ নিৰ্ধাৰিত ঘোষণা কৰা হৈছে। ইয়াৰ মাজতে ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰক হাইপাৰছনিক ৰূপ দিয়াৰ পৰিকল্পনাও চলি আছে। তাৰেই মাজতে ৰামজেট প্ৰযুক্তিসম্পন্ন ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষাই ভাৰতৰ প্ৰতিৰক্ষা শক্তিক নতুন উচ্চতালৈ লৈ গ’ল।






























