Massive solar :✒️শান্ত-সমাহিত নহয়, সূর্য এতি একেবাৰে ৰণংদেহি মেজাজত আছে। বিগত ২৪ ঘণ্টাত সৌৰপৃষ্ঠত যি ঘটিছে, তাতেই অশনি সংকেত দেখা পাইছে মহাকাশ বিজ্ঞানীসকলে। বিশালাকাৰ এক ‘ছানস্পট’ বা সৌৰকলংকৰ পৰা দ্রুতগতিত নামি আহিছে জুইৰ শিখা। কাইলৈ পৃথিবীৰ ভাগ্য কি লিখা আছে বুলিয়ে সম্প্রতি চর্চা আৰম্ভ হৈছে।
সম্প্রতি বিজ্ঞানীসকলৰ দৃষ্টি আছে ‘ৰিজন ৪৩৬৬’। এই ‘ছানস্পট’ বা সৌৰকলংকই বিগত দুদিন ধৰি সূৰ্যৰ বুকুত তাণ্ডব চলাই আছে।
দেওবাৰে সন্ধিয়াৰ পৰা তাৰ পৰা সৃষ্টি হৈছে ‘১৮.১’ শ্ৰেণীৰ এক ভয়াৱহ সৌৰশিখা। বিগত কিছু বছৰত ই হৈছে অন্যতম শক্তিশালী বিস্ফোৰণ। ইয়াৰ পূৰ্বে ২০২৪ৰ অক্টোবৰত ‘১৯.০’ মাত্ৰাৰ এক ধুমুহা আছাৰ খাই পৰিছিল। দেওবাৰৰ এই বিস্ফোৰণ তাৰ প্রায় সম পৰ্যায়ৰ।
কাইলৈ কি ঘটিব পাৰে?
মার্কিন সংস্থা ‘এনঅ’এএ’ৰ মহাকাশ বতৰ পূর্বানুমান কেন্দ্রই জনাইছে যে কাইলৈ পৃথিৱীত ভূ-চৌম্বকীয় কার্যকলাপ বা জিঅ’-মেগনেটিক এক্টিভিটি চৰমত উপনীত হ’ব পাৰে।
সূৰ্যৰ পৰা প্লাজমাৰ এক বিশাল মেঘ বা ‘কৰোনেল মাছ ইজেকচন’ (চিএমই) পৃথিৱীৰ দিশে ধাৱমান হৈছে। অৱশ্যে বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এই মেঘে পৃথিৱীত পোনপটীয়াকৈ আঘাত নকৰি কাষেৰে পাৰ হৈ যাব। অৱশ্যে তাৰ প্ৰভাৱ বায়ুমণ্ডলত বিয়পি পৰিব।
ইতিমধ্যেই এই বিস্ফোৰণৰ প্ৰভাৱত দক্ষিণ প্রশান্ত মহাসাগৰীয় অঞ্চলত আংশিক ৰেডিঅ’ ব্লেকআউট দেখা গৈছে। কাইলৈৰ মহাজাগতিক গণ্ডগোলৰ ফলত নিম্ন অক্ষাংশৰ অঞ্চলসমূহত অৰোৰা বা মেরুজ্যোতি দেখা পোৱা যাব পাৰে। অৱশ্যে চিন্তাৰ কাৰণ আন বিষয়তহে।
তীব্ৰ সৌৰ ধুমুহাই বিকল কৰিব পাৰে জিপিএছ ব্যবস্থা। প্রভাৱ পৰিব পাৰে ম’বাইল নেটৱৰ্ক আৰু ছেটেলাইট যোগাযোগতো।
নাছাই আগতেই সতৰ্ক কৰিছিল যে ২০২৪ৰ পৰা ২০২৬ পর্যন্ত সূর্য নিজৰ ‘ছ’লাৰ মেক্সিমাম’ বা সর্বাধিক সক্রিয় পর্যায়ত থাকিব। প্রতি ১১ বছৰৰ অন্তৰালত সূৰ্যৰ এই খঙাল ৰূপ দেখা পোৱা যায়। ২০২৫ৰ নৱেম্বৰত হোৱা ‘X৫.১’ শিখাক অতিক্রম কৰি এতিয়া ‘৪৩৬৬ ছানস্পট’টোৱে নতুন আতংকৰ সৃষ্টি কৰিছে।






























