সাধাৰণতে দেখা যায় যে মহিলাসকল পুৰুষৰ তুলনাত বেছি বয়সলৈ জীয়াই থাকে। কেৱল আয়ুসেই নহয়, শৰীৰ আৰু মস্তিষ্কৰ বার্ধক্যও বহুক্ষেত্রত মহিলাৰ মাজলৈ পলমকৈ আহে। ইয়াৰ কাৰণ সন্দৰ্ভত বিজ্ঞানত আছে এক চমকপ্রদ ব্যাখ্যা।
একাংশ চিকিৎসক তথা গৱেষকৰ মতে, ইয়াৰ অন্তৰালত আছে হৰম’ন, শৰীৰৰ গঠন, জীৱন-যাপন আৰু জিনগত পার্থক্য। একাংশ বিশেষজ্ঞই জনাইছে যে সাধাৰণতে নাৰীৰ তুলনাত পুৰুষ দ্রুত ক্ষয়ৰ দিশে যায়। বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ পেশীৰ শক্তি কমে, হাড় দুৰ্বল হয় আৰু হৃদৰোগৰ আশংকা তুলনামূলকভাবে বেছি দেখা যায়। ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে হৰম’নৰ পাৰ্থক্য। পুৰুষৰ শৰীৰত থকা টেস্টোস্টেৰন হৰম’ন বয়স বৃদ্ধিৰ স’তে দ্রুতগতিৰে কমিবলৈ ধৰে।
ইয়াৰ ফলত পেশীৰ শক্তি কমি যায়, ওজম বাঢ়ে আৰু সামান্য কথাতে ক্লান্ত হৈ পৰাৰ প্ৰৱণতা দেখা যায়। আনহাতে,মহিলাসকলৰ শৰীৰত থকা
ইস্ট্রোজেন হৰম’নে হৃদযন্ত্র আৰু হাড়ক বহু পৰিমাণে সুৰক্ষা দিয়ে। এই হৰম’ন মহিলাৰ শৰীৰত দীর্ঘদিন ধৰি কাৰ্যকৰ হৈ থকাৰ বাবে বাৰ্ধক্যৰ গতি তুলনামূলকভাৱে মন্থৰ হয়।
গবেষণাত লগতে দেখা গৈছে যে পুৰুষৰ মস্তিষ্কৰ বয়সো নাৰীৰ তুলনাত দ্রুতগতিৰে বাড়ে। স্মৃতি, মনোযোগ আৰু সিদ্ধান্ত লোৱা ক্ষমতাৰ স’তে যুক্ত মস্তিষ্কৰ অংশবোৰ পুৰুষৰ ক্ষেত্ৰত আগতে ক্ষয়প্রাপ্ত হ’বলৈ আৰম্ভ কৰে। ফলত বয়সজনিত মানসিক সমস্যাৰ আশংকাও কিছু ক্ষেত্রত বেছিকৈ দেখা যায়।
অৱশ্যে কেৱল শৰীৰ বা হৰম’ন নহয়, জীৱন-যাপনেও বৃহৎ ভূমিকা পালন কৰে। বিশেষজ্ঞৰ মতে, পুৰুষৰ মাজত ধূমপান, সুৰাপান, অনিয়মিত খাদ্য তথা অতিৰিক্ত মানসিক চাপ বেছিকৈ দেখা যায়। বহু পুৰুষেই নিয়মিত স্বাস্থ্য পৰীক্ষা পৰিহাৰ কৰি চলে, যাৰ ফলত ৰোগ পলমকৈ ধৰা পৰে।
এই অভ্যাসবোৰেও বাৰ্ধক্যৰ গতি আৰু বৃদ্ধি কৰে। মহিলাসকলৰ ক্ষেত্ৰত সাধাৰণতে স্বাস্থ্য সচেতনতা কিছু বেছি। নিয়মিতৰূপে চিকিৎসকৰ পৰামৰ্শ লোৱা, খাদ্যৰ প্ৰতি দৃষ্টি ৰখা আৰু সামাজিক মাধ্যমত যোগাযোগ বজাই ৰখাটোৱে তেওঁলোকৰ মানসিক আৰু শাৰীৰিক সুস্থতাত সহায় কৰে।
একাংশ চিকিৎসকৰ মতে, এই ব্যৱধা সম্পূৰ্ণৰূপে হ্রাস কৰিব নোৱাৰিলেও সুস্থ জীৱন-যাপনৰে পুৰুষসকলেও বাৰ্ধক্যৰ গতি কিছু পৰিমাণে কমাব পাৰে।
নিয়মিতৰূপে খোজকঢ়া বা ব্যায়াম, সুষম খাদ্য, ধূমপান-মদ্যপান পৰিহাৰ তথা সময়মতে স্বাস্থ্য পৰীক্ষাই পুৰুষক দীর্ঘদিন সুস্থ হৈ থকাত সহায় কৰিব পাৰে। অর্থাৎ এটা কথাই ক’ব পাৰি যে পুৰুষৰ দ্রুত বয়স বঢ়াৰ কাৰণ কেৱল প্রাকৃতিক নহয়, বৰঞ্চ বহুখিনি জীৱনধাৰাৰ ফল। সচেতন হ’লে এই প্ৰক্ৰিয়াৰ গতি কমোৱাটো সম্ভৱ বুলিয়েই একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে।






























