Accident in Guwahati:
মহানগৰীত মৃত্যুদূতৰ ৰূপত ডাম্পাৰ । ডাম্পাৰৰ সন্ত্ৰাসত ত্ৰাহিমধুসূদন দেখিছে মহানগৰবাসী ৷ চালক আসনত কমবয়সীয়া যুৱকৰ নিয়ন্ত্ৰণত চলা ডাম্পাৰে ইটোৰ পিছত সিটোকৈ সংঘটিত কৰি গৈছে দুৰ্ঘটনা ৷ ফুট গধূলিৰ পৰা মাজনিশালৈকে মহানগৰৰ প্ৰায়বোৰ সদাব্যস্ত পথ- উপ- পথত ডাম্পাৰৰ সঘনে আহযাহত ইতিমধ্যে সংঘটিত হৈছে কে’বাটাও পথ দুৰ্ঘটনা।
পুৱতি নিশা তেতেলীয়াৰ ৰেডিছন ব্লু হোটেলৰ সন্মুখত পুনৰ ডাম্পাৰৰ খুন্দাত নিহত হ’ল এজন বাইক আৰোহী ।থিতাতে নিহত বাইক আৰোহী মনোজ সূত্ৰধৰ বুলি চিনাক্ত কৰা হয় ৷ আনহাতে দুৰ্ঘটনাটোত আহত হয় নলবাৰীৰ মিন্টু দাস ৷ তেওঁক সংকটজনক অৱস্থাত ভৰ্তি কৰা হয় এখন ব্যক্তিগত চিকিৎসালয়তো ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা ড্ৰাম্পাৰ গৰি পলায়ন কৰে চালকজন ৷




































