যাৰ বিষয়ে জনাবলৈ লোৱা হৈছে, তেওঁ গোটেই জীৱন কৃত্রিম বুদ্ধিমত্তা (Artificial intelligence বা AI)ক লৈয়েই কাম কৰি একাধিক স্বীকৃতি আৰু বঁটা লাভকৰিছে। কিন্তু মানুহজনে তেওঁৰ সেই কামৰ বাবে এতিয়া নিজকে অনুতপ্ত বুলি অকপটে স্বীকাৰ কৰে।
মানুহজন আন কেনো নহয়, বিখ্যাত কম্পিউটাৰ বিজ্ঞানী তথা কৃত্রিম বুদ্ধিমত্তাৰ ‘গডফাদাৰ ‘স্বৰূপ জিঅ’ফ্রে হিল্টন। কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰ ব্যাপক ব্যৱহাৰৰ বাবে ভবিষ্যতে সৃষ্টি হ’ব পৰা পৰিস্থিতিক লৈ শংকিত হিন্টন। অদূৰ ভবিষ্যতে আহিব পৰা বিপদ-সমস্যা আদিৰ বিষয়ে সমাজক সতর্ক কৰিবলৈ আৰু সেই বিষয়ে সকলো কথা মুকলিকৈ আৰু দ্বিধাহীনভাবে ক’বলৈ তেওঁ ইতিমধ্যে গুগলৰ পৰা পদত্যাগো কৰিছে।
মনকৰিবলগীয়া, আইটি কোম্পানী গুগলত এক দশক পূর্বেই যোগদান কৰা বিশেষজ্ঞজন গুগল এৰাৰ পাছত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ এটা টুইট কৰি এইদৰে লিখিছিল, ‘মই গুগল এৰিলো, যাতে কৃত্রিম বুদ্ধিমত্তাই সৃষ্টি কৰা বিপদৰ বিষয়ে মুক্তভাৱে ক’ব পাৰো। গুগলত ইয়াৰ প্ৰভাৱ নপৰিবলৈ মই কোম্পানীটোৰ পৰা পদত্যাগ কৰিলো। কিন্তু মই স্বীকাৰ কৰিব লাগিব যে গুগলে এআই ব্যৱহাৰৰ ক্ষেত্রত অতি দায়িত্বশীলভাৱে কাম কৰিছে।”
উল্লেখ্য যে এআই বিশেষজ্ঞ হিন্টনে ২০১৮ত কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত কৰা যুগান্তকাৰী কামৰ বাবে ‘টুৰিং বঁটা’ লাভকৰিছিল। কিন্তু এতিয়া এই বিজ্ঞানীজনে দাবী কৰিছে যে, তেওঁ যি প্রযুক্তিক লৈ কাম কৰি আছিল তাৰ পৰিণতি ভয়ানক। ‘দ্য নিউয়র্ক টাইমছ’ কাকতৰ স’তে হোৱা এক সাক্ষাৎকাৰত হিল্টনে কয় যে সমাজৰ এটা শ্রেণীয়ে কৃত্রিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ অব্যাহত ৰাখিছে।
ভুৱা ছবি আৰু বাতৰি সৃষ্টিৰ বাবে এআইৰ ব্যৱহাৰক লৈও হিল্টনে উদ্বেগ প্রকাশ কৰে।ইপিনে, নিয়োগৰ ওপৰত কৃত্রিম বুদ্ধিমত্তাৰ নেতিবাচক প্রভাৱৰ বিষয়েও হিন্টন চিন্তিত। তেওঁ স্বীকাৰ কৰে যে কৃত্রিম বুদ্ধিমত্তাৰ আনকি মানুহৰ বুদ্ধিমত্তাকো অতিক্ৰম কৰাৰ ক্ষমতা আছে। ফলত বিশ্বৰ বিভিন্ন সংস্থাত ক্রমান্বয়ে চাকৰিৰ পৰা অপসাৰণৰ হাৰ বৃদ্ধি পাব পাৰে। চাকৰিৰ অভাৱে দেখা দিব পাৰে।
হিন্টনে উল্লেখ কৰে যে এআই উদ্যোগত বৃদ্ধি পোৱা প্রতিযোগিতাৰ বাবে সকলোৱে নতুন নতুন কৃত্রিম বুদ্ধিমত্তাক লৈ কাম কৰি আছে। ফলত ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাটো অসম্ভৱ হৈ পৰিছে। তেওঁ দাবী কৰে যে কৃত্রিম বুদ্ধিমত্তাই পৃথিৱীখনক এনে এটা অৱস্থালৈ লৈ গৈছে য’ত ক্রমান্বয়ে কি ‘সঁচা’ আৰু কি ‘মিছা’ সেইটো বিচাৰি উলিওৱাটো কঠিন হৈ পৰিব।






























