বৰফৰ তলত জুই! কথাষাৰ শুনিলে সম্ভৱতঃ কোনোৱেই বিশ্বাস নকৰিব। কিন্তু অবিশ্বাস্য হ’লেও সত্য যে শেহতীয়াভাৱে একাংশ চীনা বিজ্ঞানীয়ে বৰফাবৃত দক্ষিণ মেৰু মহাদেশ বা এন্টার্কটিকাত ২০৭ টা আগ্নেয়গিৰি আৱিষ্কাৰ কৰিছে।
যোৱা তিনি ফেব্ৰুৱাৰীৰ সংখ্যাৰ আৰ্থ-ছায়েন্স ৰিভিউ শীর্ষক এক আন্তর্জাতিক পত্রিকাত চীনা বিজ্ঞানীসকলৰ এই আৱিষ্কাৰৰ সবিশেষ তথ্য প্রকাশ পাইছে। এই বিজ্ঞানীসকলে দক্ষিণ মেৰু মহাদেশত ২০৭ টা উপ-হিমবাহী আগ্নেয়গিৰি চিনাক্ত কৰিছে।
উক্ত পত্রিকাৰ জৰিয়তে এই বিজ্ঞানীসকলে এএনটি-এছজিভি-২৫ শীর্ষক এক তালিকাৰ সংযোজন ঘটাইছে। এই তালিকা হৈছে দক্ষিণ মেৰুৰ উপ-হিমবাহী আগ্নেয়গিৰি সম্পৰ্কীয় বিশ্বৰ প্ৰথম ব্যাপক ডিজিটেল আর্কাইড। চীনা বিজ্ঞানীসকলে এই আগ্নেয়গিৰিসমূহৰ অস্তিত্ব উদ্ধাৰ কৰে মহাদেশখনৰ শুকুলা বৰফৰ তলত।
চীনৰ প’লাৰ ৰিছাৰ্চ ইনষ্টিটিউট অৱ চাইনা (পিআৰআইচি) শীর্ষক প্ৰতিষ্ঠানৰ স’তে সহযোগিতাৰে এই বিজ্ঞানীসকলে দক্ষিণ মেৰু মহাদেশত এই বৃহৎ আৱিষ্কাৰ সম্পন্ন কৰিছে। সংশ্লিষ্ট বিজ্ঞানীসকলৰ মতে এই আগ্নেয়গিৰিসমূহ সুপ্ত হৈ থাকিলেও দৰাচলতে যিটো অঞ্চলত এই আগ্নেয়গিৰিসমূহ আৱিষ্কাৰ কৰা হৈছে সেই অঞ্চল আগ্নেয়গিৰিৰ কেন্দ্ৰস্বৰূপ।
তেওঁলোকে উদ্ধাৰ কৰা তথ্যত বিশ্লেষণৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে যে বৰফৰ চাদৰৰ তলত এই ২০৭ টা আগ্নেয়গিৰি আছে। আনহাতে, এই আগ্নেয়গিৰিসমূহৰ অগ্ন্যুৎপাত ঘটিলে এইসমূহৰ ওপৰত আৰু চৌপাশে থকা বৰফ গলাৰ আশংকা আছে। ইয়ে সাগৰপৃষ্ঠ ওপৰলৈ তুলি ধৰিব পাৰে।
এনে অৱস্থাত সমগ্ৰ বিশ্বই জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। কাৰণ সাগৰপৃষ্ঠৰ উত্থানেও গোলকীয় উষ্ণতা বৃদ্ধি জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বৰঙণি আগবঢ়াইছে। গতিকে দক্ষিণ মেৰুৰ শুকুলা বৰফৰ তলত সুপ্ত হৈ থকা এই দুই শতাধিক আগ্নেয়গিৰিও বিজ্ঞানীসকলৰ বাবে সম্প্রতি আশংকাৰ কাৰণত পৰিণত হৈছে।
এই সম্পর্কত একাংশ বিজ্ঞানীয়ে কয় যে বহু কিলোমিটাৰ ডাঠ বৰফৰ তলত থকা এই আগ্নেয়গিৰিসমূহৰ উদ্দ্গীৰণ গতানুগতিক আগ্নেয়গিৰি উদগীৰণৰ দৰে নহ’ব। তাৰ পৰিৱৰ্তে এনে আগ্নেয়গিৰি উদ্দ্গীৰণে বৃহৎ হাৰত বৰফ গলাব পাৰে। গলি যোৱা বৰফৰ পানী সাগৰলৈ বৈ আহি সাগৰপৃষ্ঠ ওফন্দাই তুলিব পাৰে। ইয়ে চুনামি সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ আশংকা আছে।






























