আমেৰিকাৰ কুখ্যাত যৌন অপৰাধী জেফ্রি এপষ্টিনৰ স’তে জড়িত নথিপত্র ফাদিল হোৱাৰ লগে লগে বিশ্বজুৰি ব্যাপক চাঞ্চল্য অব্যাহত আছে।
এপষ্টিনৰ বিতর্কিত ফাইলত বিশ্বৰ বহু দেশৰ খ্যাত-অখ্যাত ব্যক্তিৰ নাম আৰু নানা তথ্য ফাদিল হৈছে। অলপতে আমেৰিকাৰ ন্যায় বিভাগে এই গোপনীয় নথিপত্ৰ ৰাজহুৱা কৰিছিল।
হেজাৰ হেজাৰ ই-মেইল, ফটো আৰু ভিডিঅ’ত এপষ্টিনৰ স’তে ঘনিষ্ঠতা গঢ়ি তোলা ব্যক্তিৰ বিতর্কিত কাম-কাজৰ তথ্য পোহৰলৈ আহিল। এপষ্টিন ফাইলছৰ তথ্য ফাদিল হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশত বহু আগশাৰীৰ লোকে পদৰ পৰা ইস্তফা দিবলগা হৈছে।
ব্রিটেইন আৰু নৰৱেত কে’বাজনো শীর্ষ ব্যক্তিয়ে ইস্তফা দিলে। ব্রিটেইনৰ প্রধানমন্ত্রীৰ চীফ অব স্টাফ মার্গন মেকখিনিয়ে পদৰ পৰা ইস্তফা দিলে। নৰৱেত জ্যেষ্ঠ ৰাজনীতিক ম’না জ্বলে এপষ্টিন ফাইলছৰ কাৰণত পদত্যাগ কৰিলে।
৬৬ বছৰীয়া ম’নাই পূর্বে নৰৱেত মন্ত্রী হিচাপে কার্যনির্বাহ কৰিছিল। এপষ্টিন ফাইলছৰ কাৰণত আমেৰিকাত ব্রেড কার্পে এটা আইনী প্রতিষ্ঠানৰ অধ্যক্ষ পদ ত্যাগ কৰিলে। যোৱা নৱেম্বৰত একেটা কাৰণত লেৰী ছমর্চেও ব’ৰ্ডৰ পদ ত্যাগ কৰিছিল।
এপষ্টিনৰ বিতর্কিত ফাইলৰ তথ্যৰ কাৰণত ইউৰোপৰো কে’বাজনো প্রভাৱশালী ব্যক্তিয়ে পদ ত্যাগ কৰিবলগীয়া হৈছে। ফ্রান্সৰ প্ৰাক্তন মন্ত্রী জেক লেংগে সাংস্কৃতিক সংস্থাৰ মুৰব্বীৰ পদৰ পৰা ইতিমধ্যে ইস্তফা দিলে।
শ্ল’ভিকিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মিৰ’শ্লাভ লাজচাকেও ই-মেইল বিতৰ্কৰ পাছত নিজৰ পদ ত্যাগ কৰিলে। ছুইডেনতো এজন বিষয়াই এপষ্টিন ফাইলছত নাম সাঙোৰ খোৱাৰ কাৰণত ইস্তফা দিলে। উল্লেখ্য যে এপষ্টিনৰ বিতর্কিত ফাইলৰ তথ্য ফাদিল হোৱাৰ পাছত বিশ্বৰ ৮০ খন দেশত এই বিষয়ত নিজাববীয়া তদন্ত অব্যাহত আছে।






























