আমি যেতিয়া তৰুণ হৈ থাকো, তেতিয়া বয়স বৃদ্ধিৰ অনিবার্য সত্যটো যেন অনেক দূৰৰ কোনো দিগন্তত লুকাই থাকে। সেই সময়ত ধাৰণা হয় যে এই দৌৰ-জাঁপ, শৰীৰৰ সতেজ ভাব আদিবোৰ যেন এইদৰেই চিৰকাল থাকিব। অথচ এক ৪৭বছৰীয়া গৱেষণাই দাবী কৰিছে যে বাস্তৱ কিন্তু একেবাৰেই তেনেকুৱা নহয়।
অধিকাংশ মানুহেই মধ্য বয়সত উপনীত হোৱাৰ পূৰ্বেই শৰীৰৰ শ্ৰেষ্ঠ সময়খিনি অতিক্রম কৰি আহে। শৰীৰে যেতিয়া সৰু-সুৰা আঘাত চম্ভালিব নোৱাৰে, ক্লান্তি জমা হ’বলৈ ধৰে; এই ‘পইন্ট অব ন’ ৰিটাৰ্ণ’ যে বৰ বেছি দূৰত নাই, সেই কথাই জনাইছে ছুইডিছ বিছাৰ্চ কাউন্সিলৰ এই অর্থপুষ্ট গরেষণাই।
গৱেষকৰ দলটোৱে প্রায় অর্ধ শতিকা ধৰি সমান সংখ্যক নাৰী-পুৰুষ মিলাই ৪২৭জন লোকৰ শাৰীৰিক সক্ষমতা পর্যবেক্ষণ কৰিছে। তেওঁলোকৰ পৰ্যবেক্ষণতে উঠি আহিছে যে অধিকাংশ মানুহৰ শাৰীৰিক ক্ষমতা সর্বোচ্চ অৱস্থাত থাকে ৩৫ বছৰ বয়স পর্যন্ত। তাৰ পাছৰ পৰাই লাহে লাহে পতন আৰম্ভ হয়।
ছুইডেনৰ গৱেষকৰ দলটোরে লগতে জনাইছে যে বয়স বৃদ্ধিৰ লগে লগে এই শাৰীৰিক অৱক্ষয় ক্রমশঃ দ্রুততৰ হয়। মূল কাৰণ হৈছে, স্কেলেটাল মাচল বা পেশীৰ ভৰ লাহে লাকে কমি যোৱা।
অৱশ্যে এই খবৰ শুনি এতিয়াই সম্পূর্ণৰূপে হতাশ হোৱাৰ কথা নাই। গৱেষণাত এনে এক অভ্যাসৰ কথাও উঠি আহিছে, যি এই প্ৰক্ৰিয়াক বহুখিনি মন্থৰ কৰিব পাৰে। যিসকলে নিয়মিতৰূপে শৰীৰচৰ্চা কৰে, তেওঁলোকৰ ক্ষেত্রতো ৩৫ বছৰ বয়সতে শাৰীৰিক সক্ষমতা শিখৰলৈ অহা বিষয়টো সলনি নহয়। তথাপি ভাল ফিটনেছ থাকিলে শাৰীৰিক সক্ষমতা কমাৰ গতি বহুখিনি হ্রাস পায়।
অর্থাৎ নিয়মিত ব্যায়াম কৰাটো শৰীৰৰ পক্ষে অত্যন্ত জৰুৰী, কিন্তু যিমানেই জিমত সময় অতিবাহিত কৰক বা দৌৰক; কিশোৰ বয়স বা ২০ৰ দশকৰ সেই ফিটনেছ আৰু ঘুৰাই পোৱাটো সম্ভৱ নহয়।
ইয়াৰ পূর্বেও শীর্ষস্থানীয় ক্রীড়াবিদসকলৰ ওপৰত হোৱা গবেষণাত একে ধৰণৰ তথ্য পোৱা গৈছিল বুলি জনাইছে ছায়েন্স এলার্ট পত্রিকাই। অধিকাংশ খেলুৱৈৰ ক্ষেত্ৰতেই ৩০ বছৰ বয়সৰ পাছৰ পৰা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পৰাই গৱেষকসকলে ধাৰণা কৰিছে যে শৰীৰত পেশী ক্ষয়ৰ প্ৰক্ৰিয়া হয়তো শাৰীৰিক প্ৰদৰ্শন কমাৰ বহু বছৰ আগৰ পৰাই আৰম্ভ হৈ যায় তথা এই প্রক্রিয়াত ব্যায়ামৰ প্রভাৱ সীমিত হয়।
‘জার্ণেল অৱ কেক্সেছিয়া, ছাপেনিয়া এণ্ড মাচল’ত প্রকাশিত এই গৱেষণাটো কৰা হৈছে প্ৰধানকৈ সাধাৰণ মানুহৰ ওপৰত ভিত্তি কৰি, কোনো পেছাদাৰী এথলীটক লৈ নহয়। তথাপি আশ্চৰ্যকৰ বিষয়টো হৈছে, ইয়াতো পেশী ক্ষয়ৰ ধৰণ প্ৰায় একে ধৰণৰেই দেখা গৈছে। এই পর্যন্ত এই বিষয়ত হোৱা অধিকাংশ গৱেষণাই আছিল নির্দিষ্ট সময়ৰ ছবি যে এটা বয়সত মানুহ কেনেকুৱা হৈ আছে, সেয়া চোৱা। অথচ এই গৱেষণাটো আছিল লংগিটিউদিনেল, অর্থাৎ একে ধৰণৰ মানুহৰ জীৱনৰ বিভিন্ন পর্যায় অনুসৰণ কৰা হৈছে।
১৯৭৪৩ গৱেষণা আৰম্ভ- হোৱাৰ সময়ত অংশগ্ৰহণকাৰী লোকসকলৰ বয়স আছিল ১৬ বছৰ। ইয়াৰ পাছত তেওঁলোকৰ শাৰীৰিক শক্তি আৰু ফিটনেছৰ পৰীক্ষা হয় ক্রমে ১৬, ২৭, ৩৪, ৫২ আৰু ৬৩ বছৰত। ফলাফলত দেখা গৈছে যে পুৰুষসকলৰ পেশীৰ ক্ষমতা সর্বোচ্চ হয় ২৭বছৰত আৰু নাৰীসকলৰ ক্ষেত্ৰত সেয়া আৰু আগত, ১৯ বছৰত।
ইয়াৰ পাছত প্ৰতি বছৰে পেশীৰ ভৰ ০.২ৰ পৰা ০.৫ শতাংশ হ্রাস পায় থাকে। ৬৩ বছৰত উপনীত হোৱাৰ পাছত দেখা গ’ল যে শাৰীৰিক সক্ষমতা ৩০ৰ পৰা ৪৮ শতাংশ পর্যন্ত হ্রাস পাইছে। অৱশ্যে যিসকলে ১৬ বছৰ বয়সৰ পৰাই শৰীৰচৰ্চা কৰিছে, তেওঁলোকৰ সকলো ক্ষেত্রতে তুলনামূলক ভাল ফল আছিল, যদিও তেওঁলোকৰ ক্ষেত্ৰতো ৩৫ৰ পাছত পতন আৰম্ভ হৈছে।
গৱেষণা পত্ৰৰ প্ৰধান লেখকে কয়, ‘ব্যায়াম আৰম্ভ কৰাৰ বাবে কোনো বয়সেই দেৰি হোৱাৰ কাৰণ হ’ব নোৱাৰে। আমাৰ গৱেষণাই দেখুৱাইছে যে শাৰীৰিক পৰিশ্রমে কর্মক্ষমতাৰ পতনক মন্থৰ কৰিব পাৰে, যদিও সম্পূৰ্ণৰূপে ৰুদ্ধ কৰিব নোৱাৰে।’ তেওঁ লগতে জনায়, ‘এতিয়া আমি বিচাৰি চাম যে কিয় সকলোৱে ৩৫ বছৰ বয়সতে শাৰীৰিক শিখৰত উপনীত হয় তথা কিয় শৰীৰচৰ্চাই এই পেশীৰ সক্ষমতাৰ পতনক সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰে।’






























