Netherland :✒️নেদাৰলেণ্ডবাসীয়ে সদায়ে পানীৰ স’তে বাস কৰি আহিছে। ইয়াৰ কাৰণ হৈছে দেশখনৰ এক বৃহৎ অংশ সাগৰৰ স্তৰতকৈ তলত অবস্থিত। ইয়ে সঘনে নদী, জান-জুৰি আৰু উপকূলবর্তী অঞ্চলসমূহৰ লোকৰ জীৱনত প্রভাব পেলাই আহিছে। সেয়েহে হেজাৰ হেজাৰ বছৰ ধৰি নেদাৰলেণ্ডৰ মানুহে পানীৰ পৰা ৰক্ষা পাবলৈ মথাউৰি, বান্ধ আৰু নলা-নর্দমা ব্যবস্থা উন্নতকৈ নির্মাণ কৰি আহিছে।
কিন্তু বিগত কিছু বছৰত দেশখনৰ বানৰ সমস্যা অধিক জটিল হৈ উঠিছে। কাৰণ সাগৰপৃষ্ঠৰ উত্থান ঘটি আছে। সাগৰ পৃষ্ঠৰ এই পৰিৱৰ্তনৰ ফলত সঘনে বৰষুণ হৈ দেশখনত বানৰ সৃষ্টি কৰে। ফলত দেশখনৰ মানুহৰ বাবে থাকিবলৈ ঘৰ নোহোৱা হৈছে। বানৰ পৰা হোৱা ক্ষতিৰ বাবে নেদাৰলেণ্ডৰ কোটি কোটি লোকে সস্তাত ঘৰ ক্ৰয় কৰিবলৈ বিচাৰে।
কিন্তু ঘৰ নিৰ্মাণৰ বাবেও দেশখনত বিশেষ ভূমি নাই। এনে অৱস্থাত পানীৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিৱৰ্তে বহু লোকে পানীৰ স’তে সহবাস কৰিবলৈ শিকিছে। এইসকলে পানীৰ ওপৰত ভাসমান ঘৰ নিৰ্মাণ কৰি তাত বাস কৰিবলৈ লৈছে। স্বাভাৱিকতে প্রথম অৱস্থাত একাংশৰ এনে কার্য আচহুৱা যেন বোধ হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে এই আচহুরা কাণ্ড আধুনিক নগৰ পৰিকল্পনাৰ অংশত পৰিণত হৈছে।
পানীৰ ওপৰত ভাসমান ঘৰ সাজি বাস কৰা মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এইসকলে আন বহুতকো এই পথ ল’বলৈ অনুপ্রাণিত কৰিছে। গতিকে প্রথম অৱস্থাত যি কার্য এক ক্ষুদ্র সম্পৰীক্ষাৰূপে চিহ্নিত হৈছিল সিয়ে সম্প্রতি স্পর্শকাতৰ উপকূলীয় অঞ্চলসমূহৰ গৃহ নির্মাণ প্রকল্পৰ মূল অংগত পৰিণত হৈছে। দেশখনৰ এনে অঞ্চলসমূহত বহু আন্তর্জাতিক প্রকল্পৰ অধীনতো পানীত ভাসমান গৃহ নির্মাণ হ’বলৈ ধৰিছে।
কেৱল বসবাসৰ বাবেই নহয়, এনেদৰে পানীত ভাসমান গৃহ নির্মাণ জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ এক উপায় হ’বও পাৰে বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে। এনে গৃহ নির্মাণ পদ্ধতিক বিশ্বৰ চৌদিশৰ মানুহে গ্রহণ কৰিব পাৰে বুলিও বিশেষজ্ঞসকলে মতপোষণ কৰিছে। বানৰ স’তে যুঁজ দিয়াৰ নেদাৰলেণ্ডৰ এই অভিনব গৃহ নির্মাণ পদ্ধতিয়ে শেহতীয়াভাবে বিশ্বজুবি চর্চা অর্জন কৰিবলৈ ধৰিছে।
বিশ্বৰে সর্বাধিক বানপ্রবণ দেশসমূহৰ অন্যতম দেশখনে গৃহ নির্মাণৰ ক্ষেত্রত অবলম্বন কৰা এই পদ্ধতি সন্দৰ্ভত বহু পৰিৱেশ তথা জলবায়ু বিজ্ঞানীয়ে গুরুত্ব সহকাৰে অধ্যয়ন কৰিবলৈ লৈছে। কাৰণ জলবায়ু বিজ্ঞানীসকলে সতর্ক কৰি আহিছে যে আগন্তুক সময়ত বিশ্বত জলবায়ু পৰিৱর্তনে ভয়াবহ ৰূপ লোৱাৰ আশংকা আছে।
উল্লেখ্য যে নেদাৰলেণ্ডত বর্তমানে ঘৰ সাজি বাস কৰিবৰ বাবে মাটি নোহোৱাৰ অৱস্থাৰ সৃষ্টি হৈছে। এনে অবস্থাতে চৰকাৰীভাৱে অনুমান কৰা হৈছে যে মানুহে বাস কৰিবৰ বাবে পৰৱৰ্তী ১০ বছৰত দেশখনক নতুন ১০ লাখ গৃহৰ প্রয়োজন হ’ব। কিন্তু এই বৃহৎ সংখ্যক গৃহ নির্মাণৰ বাবে দেশখনত উপযুক্ত ভূমি নাই।
ইতিমধ্যে বহু অঞ্চল ঘন জনবসতিপূর্ণ স্থানত পৰিণত হৈছে। স্বাভাবিকতে কেতবোৰ অঞ্চল কৃষিকৰ্ম আৰু প্ৰকৃতিৰ বাবে সংৰক্ষণ কৰা আছে। এনে পৰিস্থিতিত পানীৰ ওপৰত ভাসমান গৃহ নির্মাণৰ বাহিৰে দেশখনৰ বাবে আন উপায় নোহোৱা হৈছে। সেই অনুসৰি, জান-জুৰি, হ্রদ, হাৰ্বাৰ আদি ওপঙা গৃহৰে ভৰি পৰিছে।
ফলত গৃহ নির্মাণে সেউজীয়া প্রকৃতি অথবা কৃষিভূমিৰ ক্ষতি কৰা নাই। অৱশ্যে ইয়াৰ আগলৈকে দেশখনত বহু বছৰ ধৰি পানীক প্রধান বিপদৰূপে গণ্য কৰা হৈছিল। পাছত পানীৰ ওপৰত ভাসমান গৃহ নির্মাণ হ’বলৈ ধৰাত পানীক বিপদরূপে গণ্য কৰা লোকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। পানীৰ ওপৰত ভাসমান গৃহ নিৰ্মাণৰ ফলত নির্মাণ ব্যয়ো হ্রাস পাইছে।
সম্প্রতি দেশখনৰ মহানগৰ পৰিকল্পকসকলে পানীৰ স’তে যুঁজ দিয়াৰ পৰিৱৰ্তে পানীৰ স’তে সহবাসৰ দৃষ্টিভংগী গঢ়ি তুলিছে। মহানগৰ পৰিকল্পকসকলৰ এনে চিন্তাধাৰাই দেশখনত ভাসমান জনসমষ্টিৰ সংখ্যা বৃদ্ধি কৰিছে। অর্থাৎ পানীৰ ওপৰত ভাসমান গৃহত বাস কৰা লোকৰ সংখ্যা ত্বৰিত গতিত বৃদ্ধি পাইছে।
স্বাভাৱিকতে এনে গৃহ নিৰ্মাণৰ বাবদ ওখ দেৱালৰ গাঁথনিৰ প্রয়োজন নোহোৱা হৈছে। দেশখনৰ কেতবোৰ মহানগৰত পানীৰ উত্থান আৰু অবনমনৰ স’তে খাপ খাই পৰা গৃহ নিৰ্মাণ কৰা হৈছে। লক্ষ্যণীয় যে নেদাৰলেণ্ডৰ এই ভাসমান গৃহসমূহ পৰম্পৰাগত নাৱত থকা ঘৰৰ দবে নহয়। তাৰ পৰিৱৰ্তে এই ভাসমান গৃহসমূহ আধুনিক নিৰ্মাণ সামগ্ৰীৰে সজা হৈছে।
এনে বহু ঘৰ পকী মঞ্চত নির্মাণ কৰা হৈছে। এনে পকী মঞ্চসমূহে ভাসমান আধাৰৰূপে কাম কৰে। এই ভাসমান আধাৰসমূহ তীখাৰ খুঁটাৰ স’তে সংযুক্ত কৰা হয়। তীখাৰ খুঁটাসমূহ পানীত পুতি ৰখা হয়। পানীৰ স্তৰ বৃদ্ধি পালে এই খুঁটাবোৰে সংলগ্ন ঘৰটোক ওপৰলৈ আৰু পানীৰ স্তৰ হ্রাস পালে পুনৰ নিজব স্থানলৈ ঘূৰি অহাত সহায় কৰে।
গতিকে এই ভাসমান গৃহসমূহৰ স’তে সচৰাচৰ দেখা নাৱৰ ঘৰবোৰৰ পাৰ্থক্য আছে। তদুপৰি এই ভাসমান গৃহসমূহলৈ বিদ্যুৎ, পানী আৰু ইন্টাৰনেট সংযোগৰ ব্যবস্থাও আছে। আনকি আৱৰ্জনা নিষ্কাসনৰ নলীও এই গৃহসমূহৰ স’তে সংলগ্ন আছে। ঘৰবোৰৰ ভিতৰৰ অংশসমূহ মাটিত নির্মিত ঘৰসমূহৰ লেখীয়া। এই ভাসমান গৃহসমূহৰ তলপৃষ্ঠৰ বহিঃ আরবণী পকীকে নির্মিত। এই বহিঃ আৱৰণীয়ে এই গৃহসমূহক ভাসমান কৰি ৰখাত সহায় কৰে। প্রতিকূল পৰিৱেশত অর্থাৎ পানীৰ স্তৰ বৃদ্ধি পালেও ঘৰবোৰে বিশেষ লৰচৰ নকৰে।
এই সম্পৰ্কত এনে এটা ঘৰৰ বাসিন্দা ছিটি ব’রেলেন নামৰ এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ ধুমুহা-বৰষুণৰ সময়তো নিৰাপদ অনুভৱ কৰে, কাৰণ তেওঁৰ ঘৰে বৰ্ধিত জলস্তৰৰ চাপ প্রতিবোধ কৰাৰ পৰিৱৰ্তে ঘৰ ওপঙিহে উঠে। এনে কাৰণতে দেশখনৰ বহু লোকে ওপঙা ঘৰত বসবাসৰ বাবে অধিক পছন্দ কৰিবলৈ লৈছে। আমস্টারডামৰ ওচৰতো এনে ওপঙা ঘৰ আছে। চহৰখনৰ স্কুনস্কিপ চুবা এনে ওপত্তা ঘৰৰ বাবে বিখ্যাত।
এই অঞ্চলত ২০০৯ত ওপঙা ঘৰ নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ হয়। এই প্রকল্প আৰম্ভ কৰিছিল ডাচ্চ টেলিভিছনৰ সঞ্চালিকা মার্জান ডি ব্লকে। মহিলাগৰাকীৰ এই অভিনব ধাৰণাই পানীৰ ওপৰত ওপঙা গৃহত বাস কৰিবলৈ বহুতকে অনুপ্রাণিত কৰে। অৱশ্যে কে’বাবছৰ ধৰি চলোৱা চেষ্টাৰ অন্ততহে অঞ্চলটোত ওপঙা গৃহত বসবাস সম্ভৱ হৈ উঠে।
বর্তমানে এই অঞ্চলত এনে ৩০টা ওপঙা গৃহ আছে। এই গৃহসমূহৰ মাজত ডুপ্লেক্সো আছে। এই গৃহসমূহ উর্ববেক নর্দমাত অৱস্থিত।






























