বৰ্তমানৰ অতি ব্যস্ত তথা খৰখেদাৰে ভৰা জীৱনত পুৱা চকু মেলাৰ পৰা নিশা নিদ্রাত ঢলি পৰাৰ সময়লৈকে যিটো বস্তু আমাৰ সবাতোকৈ কাষৰ সংগী হৈ থাকে, সেয়া হৈছে স্মার্টফোন। কেতিয়াবা বাৰু ভাবি চাইছেনে যে যিটো ডিভাইচ আপুনি নিজৰ সুবিধাৰ বাবে আনিছিল, সেইটোৱেই আপোনাৰ মানসিক শান্তি আৰু সুখৰ সবাতোকৈ ডাঙৰ শত্রু হৈ উঠিছে?
বিভিন্ন গৱেষণা আৰু সমীক্ষাত উঠি আহিছে যে গড়ে এজন মানুহে দিনটোত প্রায় চাৰিৰ পৰা ছঘণ্টা সময় ম’বাইলত অতিবাহিত কৰে। আপুনিও যদি এই তালিকাত পৰে, তেন্তে জানি লওক যে এতিয়াই ‘ডিজিটেল ডিটক্স’ কৰাৰ সময় আহি পৰিছে।
এই ‘ডিজিটেল ডিটক্স’ কি?
ডিজিটেল ডিটক্সৰ অৰ্থ হৈছে নির্দিষ্ট সময়ৰ বাবে স্মার্টফোন, লেপটপ তথা সামাজিক মাধ্যমৰ পৰা সম্পূৰ্ণৰূপে দূৰত থকা। বিশেষজ্ঞৰ মতে, সপ্তাহত মাত্র ২৪ ঘণ্টা, যেনে শনিবাৰে নিশাৰ পৰা দেওবাৰে নিশা পর্যন্ত স্ক্ৰীণৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰিলে ইয়াৰ ইতিবাচক প্রভাবে আপোনাক অবাক কৰিব। এতিয়া প্রশ্ন হয় যে ২৪ ঘণ্টাৰ বিৰতি কিয় জৰুৰী?
মানসিক চাপ কমেঃ গৱেষণাত দেখা গৈছে যে ম’বাইলত বাৰে বাৰে অহা নটিফিকেচনে আমাৰ মস্তিষ্কত ‘কটিঁচল’ নামৰ ষ্ট্ৰেছ হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে। ফোনৰ পৰা দূৰত থাকিলে মানসিক শান্তি দ্রুত অনুভূত হয়।
গভীৰ আৰু আৰামদায়ক নিদ্রা: স্ক্রীণৰ পৰা নিৰ্গত ‘ব্লু লাইট’ বা নীলা পোহৰে আমাৰ নিদ্ৰাৰ হৰম’ন ‘মেলাটোনিন’ৰ নিঃসৰণত বাধা দিয়ে। ২৪ ঘণ্টাৰ বিৰতিয়ে শৰীৰৰ ‘বায়োলজিকেল ক্ল’ক’ক নতুনকৈ সুস্থিৰ কৰাত সহায় কৰে।
একাগ্রতা বাঢ়েঃ বাৰে বাৰে ইনস্টাগ্রাম, ফেচবুক বা হোৱাটছএপ পৰীক্ষা কৰাৰ অভ্যাস কমিলে মস্তিষ্ক ‘ডীপ ৱৰ্ক’ৰ অৱস্থালৈ যাব পাৰে। যি কামৰ দক্ষতা আৰু মনোযোগ বৃদ্ধি কৰে।
ডিটক্সৰ ২৪ ঘণ্টাত কি কৰিব?
আপোনজনৰ স’তে সময় কটাওক: ফোন ড্ৰয়াৰত ভৰাই থৈ পৰিয়াল বা বন্ধু-বৰ্গৰ স’তে বহি কথা পাতক।
নিজৰ ৰুচিক সময় দিয়ক:যিখন গ্রন্থ বহুদিন ধৰি টেবুলত পৰি আছে, সেইখন পঢ়ক। অথবা ৰন্ধন, চিত্র অংকন, লিখা-মেলা, ফুৰিবলৈ যোৱা আদি যি বিষয়ত অধিক কচি আছে, সেইবোৰ কৰাত মন দিয়ক।
প্রকৃতিৰ মাজলৈ যাওক: পুৱা খোজকাঢ়িবলৈ যাওক। ফটো নোতোলাকৈ সূর্যোদয় চাওক। অনুভৱ কৰক যে কেমেৰা প্ৰাকৃতিক পৰিৱেশত সময় অবিহনেও মুহূৰ্তবোৰ কিমান সুন্দৰ হ’ব পাৰে। নদীৰ পাৰ বা কোনো কটাওক। ম’বাইল ফোনৰ পৰা দূৰত থাকিলে নিজৰ খিংখিণ্ডিয়া স্বভাৱ কমিব, চকুৰ ক্লান্তি লাহে লাহে দূৰ হ’ব, আপুনি বৰ্তমানৰ মুহূর্তত আৰু বেছিকৈ জীয়াই থাকিবলৈ শিকিব, সামাজিক মাধ্যমত আনৰ ‘পাৰফেক্ট লাইফ’ দেখি নিজক তুলনা কৰা বা ঈৰ্ষাৰ অনুভূতি হ্রাস পাব। ‘দ্য ইণ্টাৰনেচনেল জার্ণেল অৱ ইণ্ডিয়ান চাইক’লজি’ৰ এক সমীক্ষা অনুসৰি, যিসকলে প্রতিদিনে পাঁচ ঘণ্টাৰ অধিক ইণ্টাৰনেট ব্যৱহাৰ কৰে, তেওঁলোকৰ জীৱনত আনন্দ আৰু সুখ লাভৰ মাত্রা কমি যায়।
ডিজিটেল যুগত সামাজিক যোগাযোগ আৰু নতুন বিষয় শিকাৰ বাবে প্রযুক্তি জৰুৰী হ’লেও ইয়াৰ অতিৰিক্ত ব্যৱহাৰে মাৰাত্মক প্রভাৱ পেলাব পাৰে। ম’বাইল আৰু সামাজিক মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰ, বিশেষকৈ কিশোৰ-কিশোৰীৰ ক্ষেত্রত, মানসিক চাপ, নিজৰ ক্ষতি কৰাৰ প্ৰৱণতা আৰু আত্মহত্যাৰ আশংকা বৃদ্ধি কৰিব পাৰে। বিশেষজ্ঞৰ মতে, ডিজিটেল সাক্ষৰতাৰ অভাৱ আৰু ক্ষতিকৰ সামাজিক প্লেটফর্মে মানসিক স্বাস্থ্যত গভীৰ নেচিবাচক প্রভাব পেলাব পাৰে।






























