শিশুৰ পৰা বৃদ্ধলৈ, অসুস্থৰ পৰা স্বাস্থ্যসচেতন ব্যক্তি ,দৈনন্দিন জীৱনত বহুতে নিঃসংকোচে ভৰসা কৰে পেকেটজাত গাখীৰৰ ওপৰত। কিন্তু শেহতীয়া এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই এই ভৰসাৰ ওপৰত উঠিছে গুৰুতৰ প্ৰশ্ন।
স্বাধীন অনলাইন অনুসন্ধান সংস্থা ‘ট্ৰাষ্টিফায়েড’ৰ দাবী অনুসৰি, আমুল, মাদাৰ ডেইৰি আৰু কান্ট্ৰী ডিলাইটৰ দৰে জনপ্ৰিয় কোম্পানিৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীত ক্ষতিকাৰক কলিফৰ্ম বেক্টেৰিয়া পোৱা গৈছে, যাৰ পৰিমাণ এফএছএছএআইৰ নিৰ্ধাৰিত সীমাতকৈ অধিক বুলি উল্লেখ কৰা হৈছে।
প্ৰতিবেদনত উল্লেখ কৰা মতে—
আমুল তাজাত কলিফৰ্ম কাউণ্ট প্ৰায় ৯৮০ CFU/ml আৰু আমুল গোল্ড দুধত প্ৰায় ২৫ CFU/ml ধৰা পৰিছে। মাদাৰ ডেইৰি গৰুৰ গাখীৰৰ টোটেল প্লেট কাউণ্ট প্ৰায় ২,৪০,০০০ CFU/ml, যি নিৰ্ধাৰিত সীমাতকৈ প্ৰায় আঠ গুণ অধিক বুলি দাবী কৰা হৈছে।
আনহাতে, কান্ট্ৰী ডিলাইট দুধত টিপিচি কাউণ্ট প্ৰায় ৬০,০০০ CFU/ml, যি সীমাতকৈ প্ৰায় দুগুণ বেছি বুলি কোৱা হৈছে।
এই দাবীৰ প্ৰতি সঁহাৰি জনাই আমুলে অভিযোগসমূহ সম্পূৰ্ণ অস্বীকাৰ কৰি এই তথ্যক ‘ভুল আৰু বিভ্ৰান্তিকৰ’ বুলি অভিহিত কৰিছে। সংস্থাটোৰ মতে, তেওঁলোকৰ উৎপাদন ইউনিটসমূহ আইএছঅ’ স্বীকৃত আৰু বজাৰত মুকলি কৰাৰ আগতে ৫০তকৈ অধিক গুণমান পৰীক্ষা সম্পন্ন কৰা হয়। মাদাৰ ডেইৰি আৰু কান্ট্ৰী ডিলাইটেও একেইভাৱে তেওঁলোকৰ সামগ্ৰী এফএসএসএআই মানদণ্ড অনুসৰি নিৰ্মাণ আৰু পৰীক্ষিত বুলি দাবী কৰিছে।
উল্লেখযোগ্য যে মাদাৰ ডেইৰি ১৯৭৪ চনত, কান্ট্ৰী ডিলাইট ২০১৫ চনত আৰু আমুল ১৯৪৮ চনত যাত্ৰা আৰম্ভ কৰিছিল। বিতৰ্কৰ মাজতে গ্ৰাহক মহলত বৃদ্ধি পাইছে উদ্বেগ।






























