ব্যস্ত পথত হঠাতে ভাঙি পৰিল নিৰ্মীয়মাণ মেট্ৰ’ৰ পিলাৰ। শনিবাৰে পুৱাতে মুম্বাইৰ মুলুন্ড অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
ADVERTISEMENT
দুৰ্ঘটনাৰ ফলত ভাঙি পৰা পিলাৰৰ তলত এখন অটোসহ চাৰি জন লোক আবদ্ধ হৈ পৰে।তথ্য অনুসৰি আহতসকলৰ অৱস্থা সংকটজনক ।
ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু বৃহৎ সংখ্যক আৰক্ষী উপস্থিত হৈ পিলাৰ আঁতৰাই আহতসকলক উদ্ধাৰ কৰাৰ কাম চলাই আছে।






























