পাৰাপাৰহীন বৰফে আৱৰি থকা দক্ষিণ মেৰু মহাদেশত ৬৬ বছৰ পূৰ্বে সন্ধানহীন হোৱা এজন ব্রিটিছ বিজ্ঞানী শেহতীয়াভারে উদ্ধাৰ হৈছে। এই ঘটনাই বহুতকে ভাবিবলৈ বাধ্য কৰাইছে যে বৰফে গ্রাস কৰা শৰীৰ পুনৰ ঘূৰাই পোৱা যায়।
এক জৰীপ চলাবলৈ জনশূন্য দক্ষিণ মেৰুত উপস্থিত হোৱাৰ পাছত বিজ্ঞানী বেল সন্ধানহীন হৈছিল। ঘটনাটো সংঘটিত হয় ১৯৫৯৩। শেহতীয়াভারে দক্ষিণ মেৰুৰ কিং জর্জ দ্বীপৰ এক হিমবাহৰ তলত মানুহৰ শৰীৰৰ অৱশিষ্ট অংশ উদ্ধাৰ হয়। এই অবশিষ্ট অংশসমূহৰ ডিএনএ পৰীক্ষাই প্রমাণ কৰে যে মানৱ শৰীৰৰ এই অংশসমূহ ৬৬ বছৰ পূৰ্বে দক্ষিণ মেৰুত সন্ধানহীন হোৱা বতৰ বিজ্ঞানী বেলৰ।
এই খবৰ মুহূৰ্তৰ ভিতৰতে চৌদিশে বিয়পি পৰে। ইতিমধ্যে বিজ্ঞানীজনৰ শৰীৰৰ অৱশিষ্ট অংশ জাহাজবে ব্রিটেইনলৈ অনা হৈছে। বিজ্ঞানীজনক চিনাক্তকৰণৰ বাবে ডিএনএ পৰীক্ষা সম্পন্ন কৰে লগুনৰ কিংছ কলেজৰ অধ্যাপক ডেনিছ ছীণ্ডাৰকম্বে।
এই পৰীক্ষাত দক্ষিণ মেৰুত উদ্ধাৰ হোৱা মানৱ শৰীৰৰ অৱশিষ্ট অংশসমূহৰ ডিএনএৰ স’তে বিজ্ঞানী বেলৰ ভ্ৰাতৃ ডেভিদ বেল আৰু ভগ্নী ভেলেৰী কেলীৰ ডিএনএৰ সাদৃশ্য পোৱা যায়। গতিকে এই অৱশিষ্টসমূহ যে বিজ্ঞানী বেলৰ আছিল সেয়া নিখুঁতভাবে প্রমাণিত হয়। ইয়াৰ লগে লগে বেলৰ পৰিয়ালে যুগ যুগ ধৰি পুহি ৰখা এক অনিশ্চয়তাও দূৰ হয়।
আনহাতে, বেলৰ শৰীৰৰ অৱশিষ্ট অংশ উদ্ধাৰ হোৱা স্থানৰ পৰা দুই শতাধিক ব্যক্তিগত সা-সামগ্রীও উদ্ধাৰ হয়। এই সা-সামগ্ৰীসমূহৰ মাজত ৰেডিঅ’ সঁজুলিৰ অংশ, এটা টছ, স্কিপুল, এটা খোদিত হাত ঘড়ী, এখন ছুইডিছ কটাৰী আৰু এডাল পাইপ আছে। হিমবাহৰ স্তৰ হ্ৰাস পোৱাৰ ফলত এই সা-সঁজুলিসমূহ দৃশ্যমান হয়। ইতিমধ্যে এই স্থানত ইউৰোপৰ এটা বিজ্ঞানীৰ দল উপস্থিত হৈ অধিক পুৰাতাত্ত্বিক অধ্যয়ন আৰম্ভ কৰিছে।
উল্লেখ্য যে দক্ষিণ মেৰুত চিৰদিনৰ বাবে সন্ধানহীন হোৱাৰ সময়ত বিজ্ঞানী বেলৰ বয়স আছিল ২৫ বছৰ। ১৯৫৯ৰ ২৬ জুলাইত তেওঁ এটা বৰফৰ গভীৰ খাদত পৰে। তেওঁ একাংশ বিজ্ঞানীৰ স’তে দক্ষিণ মেৰুত উপস্থিত হোৱাৰ সময়ত এই দুর্ভাগ্যজনক ঘটনা সংঘটিত হয়।






























