Illegal Petrol Pump in Lanka:
সদাব্যস্ত বজাৰৰ মাজত অবৈধ মিনি পেট্ৰল পাম্প ৷ প্ৰয়োজনীয় অনুজ্ঞা পত্ৰ অবিহনে বিক্ৰী অব্যাহত পেট্ৰল- ডিজেলৰ ৷ বজাৰৰ মাজত এখন দোকানত পেট্ৰল-‘ ডিজেলৰ দুটাকৈ মেচিনৰ জৰিয়তে শ, শ, লিটাৰ অতি দাহ্য পদার্থ বিক্ৰী কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ হোজাই জিলাৰ লংকাৰ নখুঁটি বজাৰৰ মাজত কোনো ধৰণৰ সাৱধানতা অৱলম্বন নকৰাকৈ চলাই থকা মিনি পেট্রল পাম্পটোৰ নাম হ’ল এম ফিউল’ ৷
উল্লেখ্য যে ,ডিজেল-পেট্রল বিপদজনকভাৱে মজুত কৰি চলোৱা এই মিনি তেল ডিপোৰ বাবে নাই কোনো পেট্রলজাত সামগ্ৰীৰ ব্যৱসায়ৰ বাবে প্রয়োজনীয় কোনো নথি-পত্র ৷ মাত্ৰ ট্ৰেড লাইচেঞ্চ লৈয়ে চলাই থকা মিনি পেট্ৰল পাম্পটোক বিভিন্ন প্ৰশ্ন উদ্থাপন হৈছে। স্থানীয় লোকে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে ৷






























