Pig farming:✒️আজিৰ দিনত মহিলাসকল কেৱল ঘৰ পৰিচালনাতেই সীমাবদ্ধ নহয়; তেওঁলোকে নিজৰ পৰিচয় গঢ়িবলৈ বিচাৰে। বিশেষকৈ গ্রামাঞ্চলত বহু মহিলাই ঘৰুৱা দায়িত্ব সামৰি আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ পথ বিচাৰে। এনে পৰিস্থিতিত গাহৰী পালন এক সম্ভাৱনাময়, সহজ আৰু লাভজনক উদ্যোগ হিচাপে উজলি উঠিছে। কম পুঁজি আৰু নিশ্চিত বজাৰ থকাত বহু মহিলাই এই ব্যৱসায়ৰ জৰিয়তে নিজৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে।
কিয় গাহৰি পালন মহিলাৰ বাবে উপযোগী?
গাহৰি পালনক ‘ঘৰতেই চলোৱা উদ্যোগ’ বুলি কব পাৰি। কৃষিকার্য বা বাহিৰত চাকৰি নকৰিলেও মহিলাসকলে ঘৰৰ কামৰ লগে লগে এই ব্যৱসায় চলাব পাৰে। গাহৰি দ্রুত বৃদ্ধি পায়, খাদ্য ব্যৱস্থা সহজ আৰু প্ৰজনন ক্ষমতা অধিক হোৱাৰ বাবে কম সময়তে লাভ দেখা যায়। গ্রাম্য পৰিয়ালত ৰাহি হোৱা খাদ্য, শাক-পাচলি বা কৃষিৰ অৱশিষ্ট সামগ্ৰী ব্যৱহাৰ কৰিব পৰা বাবে খৰচো কম হয়। ফলত সৰু পৰিসৰৰ উদ্যোগেও লাহে লাহে ডাঙৰ আয়ৰ উৎসলৈ ৰূপ লয়।
প্রথমে কি কৰিব?
গাহৰি পালন আৰম্ভ কৰাৰ আগতে সঠিক পৰিকল্পনা অতি প্রয়োজনীয়। যেনে
১। ঘৰৰ ওচৰত শুকান ঠাই নির্বাচন কৰক।
২। গাহৰিৰ বাবে মজবুত আৰু পৰিষ্কাৰ ঘৰ সাজক।
৩। বতাহ চলাচল ব্যৱস্থা নিশ্চিত কৰক।
৪। স্থানীয় পশু চিকিৎসকৰ পৰা পৰামৰ্শ লওক।
এই ব্যৱসায়ৰ বাবে উন্নত জাতৰ পোৱালি কিনাটো অতি গুৰুত্বপূৰ্ণ। আৰম্ভণিতে দুই-তিনিটা পোৱালি লৈ আৰম্ভ কৰাটো উত্তম। অভিজ্ঞতা বঢ়াৰ লগে লগে পশুৰ সংখ্যা বৃদ্ধি কৰিব পাৰি।
গাহৰিৰ যত্ন: সফলতাৰ মূল চাবিকাঠি:
গাহৰী পালন সহজ হ’লেও নিয়মীয়া যত্ন অত্যন্ত প্রয়োজনীয়। পৰিৱেশটো পৰিষ্কাৰ থাকিলে ৰোগ কম হয় আৰু বৃদ্ধি ভাল হয়।
যত্নৰ মূল নিয়ম:
১। প্রতিদিনে গাহৰিৰ ঘৰ পৰিষ্কাৰ কৰা।
২। বিশুদ্ধ পানী সদায় উপলব্ধ ৰখা।
৩। সময় মতে টিকা আৰু কৃমিনাশক ব্যৱস্থা।
৪। গৰম আৰু বৰষুণৰ পৰা সুৰক্ষা।
অলপ যত্নই উৎপাদন বহুগুণে বৃদ্ধি কৰিব পাৰে। গাহৰি খাদ্যৰ ক্ষেত্ৰত অধিক খৰচী নহয়। ঘৰতে পোৱা বহু উপাদান ব্যৱহাৰ কৰিব পাৰি।
ভাতৰ পানী আৰু ৰন্ধা অৱশিষ্ট খাদ্য। শাক-পাচলি, কচুপাত, বজাৰত পোৱা পুষ্টিকৰ খাদ্য মিশ্রণ। সন্তুলিত খাদ্য দিলে গাহৰিৰ ওজন দ্রুত বৃদ্ধি পায়।
পোৱালি উৎপাদন:
গাহৰিৰ প্ৰজনন ক্ষমতা এই ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ সুবিধা। সাধাৰণতে এটা মাইকী গাহৰিয়ে বছৰত দুবাৰ পোৱালি দিয়ে আৰু একেলগে বহু পোৱালি জন্ম দিয়ে। ফলত কম সময়তে আয় বৃদ্ধি কৰিব পাৰি। পোৱালি বিক্ৰী কৰিয়েই বহু মহিলাই নিয়মীয়া আয় লাভ কৰিছে। আনহাতে, ডাঙৰ কৰি মাংসৰ বাবে বিক্ৰী কৰিলে অধিক লাভ পোৱা যায়।
বজাৰ কেনেকৈ গঢ়িব?
উৎপাদন কৰাৰ পাছত বজাৰৰ কথা লৈ বহু লোকৰ বাবে চিন্তাৰ বিষয় হয়।
কিন্তু বাস্তৱতে গাহৰিৰ মাংসৰ চাহিদা সদায় স্থায়ী।
বজাৰ লাভৰ সহজ উপায়:
১। স্থানীয় বজাৰত জীৱন্ত গাহৰি বিক্ৰী।
২। মাংস ব্যৱসায়ী বা দোকানীৰ লগত আগতীয়াকৈ চুক্তি।
৩। বিবাহ, উৎসৱ আৰু অনুষ্ঠানৰ বাবে যোগান।
৪। আত্মসহায়ক গোটৰ সমূহীয়া বিপণন।
৫। সামাজিক মাধ্যম ব্যৱহাৰ কৰি গ্ৰাহক বৃদ্ধি।এনেদৰে স্থায়ী গ্রাহক গঢ়ি তুলিলে আয় স্থিৰ হয়।গাহৰি পালন আৰম্ভ কৰাৰ ছয়ৰ পৰা আঠ মাহৰ ভিতৰতে আয় আৰম্ভ হ’ব পাৰে। এটা সৰু পোৱালিয়েও মাহিলি নিয়মীয়া আয় দিব পাৰে। বহু মহিলা এই উদ্যোগৰ জৰিয়তে সন্তানৰ শিক্ষা ব্যয় বহন কৰিছে। ঘৰৰ উন্নয়ন কৰিছে, নিজা সঞ্চয় গঢ়িছে, আন মহিলাকো কর্মসংস্থাপন দিছে।অর্থাৎ গাহৰি পালন ব্যক্তিগত উদ্যোগৰ পৰা ক্ষুদ্র উদ্যোগলৈ ৰূপান্তৰিত হ’ব পাৰে।
চৰকাৰী সহায় আৰু মহিলাৰ সুযোগ:-বৰ্তমান বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে পশুপালন প্রশিক্ষণ, ঋণ সুবিধা আৰু আর্থিক সহায় দিয়া হয়। আত্মসহায়ক গোটৰ জৰিয়তে মহিলা সকলে সহজে এই সুবিধা লাভ কৰিব পাৰে। প্রশিক্ষণ গ্রহণ কৰিলে আধুনিক পদ্ধতিত পালন কৰি অধিক লাভ উপাৰ্জন কৰা সম্ভৱ। গ্রাম্য মহিলাসকলে গাহৰি পালনক জীৱিকাৰ ৰূপ দি নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰিছে। সঠিক পৰিকল্পনা, নিয়মিত যত্ন আৰু বজাৰৰ সংযোগ থাকিলে এই উদ্যোগ এগৰাকী মহিলাৰ বাবে স্থায়ী আর্থিক স্বাধীনতাৰ পথ হ’ব পাৰে।






























