Nepal:✒️নেপালৰ লুম্বিনী ভগৱান বুদ্ধৰ জন্মস্থান ৰূপে চর্চালৈ আহে। শেহতীয়াভারে ক্ষুদ্র দেশখনৰ টিলঔৰাকটত উদ্ধাৰ হোৱা এটা প্রাচীন ভূগর্ভস্থ মঠে গৌতম বুদ্ধৰ শৈশৱৰ কালছোৱাত নতুনকৈ আলোকপাত কৰাৰ সুযোগ দিছে। এই স্থানতে বুদ্ধই ৰাজকুমাৰৰূপে শৈশৱ কালছোৱা পাৰ কৰাৰো আভাস পোৱা গৈছে।
এই সম্পর্কত হেছে এণ্টাকাঢকৰ হাতহাসৰ ভিতৰতে প্রথম উষ্ণ বতৰ। কাজেই বৰফৰ খাজ অভিলেখ সৃষ্টি কৰি গলিবলৈ ধৰে।কোৱা হয় যে তুষাৰে বৰষুণ নেপালত উদ্ধা হোৱা ভূগর্ভস্থ প্রাচীন মঠে মুক কৰিলে দুৱাৰ পুৰাতত্ত্ববিদসকলে মতপোষণ কৰিছে যে এই সদ্য আবিষ্কৃত ভূগর্ভস্থ মঠে প্রমাণ কৰিছে যে বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ বাবে একালত টিলঔৰাকটৰ অধিক গুৰুত্ব আছিল।
পাছফালে অর্ধবৃত্তাকাৰ দেৱাল থকা এই প্রাচীন মঠ তৃতীয় আৰু পঞ্চম শতিকাৰ সময়ছোৱাত নির্মাণ কৰা হয় বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।
গৱেষকসকলৰ মতে, নেপালত পুনৰুদ্ধাৰ হোৱা প্ৰাচীন মঠ-মন্দিৰসমূহৰ ভিতৰত ইয়ে আছিল প্রথমটো নির্মাণ। মাটিৰ তলত পোত গৈ থকা অৱস্থাত এই মঠৰ বিষয়ে অলপতে ঘোষণা কৰা হয়। গৱেষকসকলে ব্যাখ্যা কৰিছে যে একালত টিলাঔৰাকট কেৱল শাক্য ৰাজ্যৰ ৰাজনৈতিক কেন্দ্রই নাছিল।
লগতে এই অঞ্চল আছিল বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ উপাসনা আৰু পর্যটনস্থলীও আছিল। এই সম্পৰ্কত ইংলণ্ডৰ ডাৰহাম বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবীন কনিংহামে কয় যে এটা বিশাল অট্টালিকাৰ চৌহদত এই প্রাচীন মঠ নিৰ্মাণ কৰা হৈছিল।
অধ্যাপক কনিংহাম আৰু তেওঁৰ একাংশ সহযোগীয়ে পুৰাতাত্ত্বিক খননৰ জৰিয়তে এই প্রাচীন মঠ উদ্ধাৰ কৰে। এই খননত সহযোগ কৰে নেপালৰ পুৰাতত্ত্ব বিভাগ আৰু লুম্বিনী উন্নয়ন ন্যাসে।
এই পুৰাতাত্ত্বিক খননৰ জৰিয়তে দলটোৱে প্রাচীন মঠটোত ভগৱান বুদ্ধৰ স্তূপ, তেলৰ চাকি আৰু ভিক্ষা পাত্রও উদ্ধাৰ হয়। ইয়ে বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ উপাসনাস্থলীৰ স’তে টিলঔৰাকটৰ প্রত্যক্ষ সম্পর্ক স্থাপন কৰে। এই সম্পর্কত কনিংহামে কয়, ‘টিলঔৰাকটত বৌদ্ধ ধৰ্মৰ সাক্ষ্যৰ কথা মানুহে প্রায়ে সোধে। এতিয়া আমাৰ হাতত অখণ্ডনীয় প্রমাণ আছে যে অতীতত এই অঞ্চল বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ গুৰুত্বপূৰ্ণ তীর্থস্থান আছিল। আমি উদ্ধাৰ কৰা বুদ্ধৰ স্মৃতিচিহ্ন ইয়াৰ সাক্ষী।’
উল্লেখ্য যে অধ্যাপক কনিংহাম হৈছে দক্ষিণ এছিয়াৰ পুৰাতত্ত্ব বিশেষজ্ঞ। একাংশ বিশেষজ্ঞৰ মতে, টিলঔৰাকটৰ এই দুর্গ ক্ষেত্র হৈছে দক্ষিণ এছিয়াৰ অন্যতম সবাতোকৈ সুসংৰক্ষিত ধর্মীয় স্থলী। টিলঔৰাকটৰ এই ক্ষেত্র নেপালৰ লুম্বিনী প্ৰদেশৰ দক্ষিণ দিশত অৱস্থিত। এই স্থান ভগৱান বুদ্ধৰ ধৰ্মস্থান মায়াদেবী মন্দিৰৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত। পুৰাতত্ত্ববিদসকলে শেহতীয়াভাৱে উদ্ধাৰ কৰা টিলঔৰাকটৰ এই মঠে এটা দুর্গকো সামৰি লৈছে।
১৮৯৯৩ ভাৰতীয় পুৰাতত্ত্ববিদ পি চি মুখার্জীয়ে এই দুৰ্গ উদ্ধাৰ কৰে। এই দুর্গ প্রাচীন শাক্য ৰজাৰ ৰাজধানী বুলি ধাৰণা কৰা হয়। তেতিয়াৰে পৰা অব্যাহত থকা পুৰাতাত্ত্বিক খননৰ জৰিয়তে দুর্গটো সংযোগী প্রাচীন পথ, ধর্মীয় স্থান, মাটিৰ বাচন-বর্তন নির্মাণস্থলী, শিলৰ কীৰ্তিচিহ্ন, ৰূপ আৰু তামৰ মুদ্রা উদ্ধাৰ হৈছে।
এই সমূহ খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ বুলি ধাৰণা কৰা হয়। এই সম্পর্কত বৌদ্ধ দর্শনৰ পণ্ডিত দয়াৰাম গৌতমে কয়, ‘টিলঔৰাকট হৈছে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে এক বিশেষ স্থান। এই স্থানতে সিদ্ধার্থ গৌতমে জীৱনৰ ২৯ বছৰ পাৰ কৰে। তদুপৰি সিদ্ধার্থ বুদ্ধত পৰিণত হোৱাৰ এবছৰৰ পাছত তেওঁ এই স্থানলৈ ঘূৰি আহি বাণী বিলাবলৈ লয়।’
তৎসত্ত্বেও এই স্থানে মায়াদেবী মন্দিৰৰ লেখীয়াকৈ পর্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম নোহোৱাক লৈ তেওঁ আক্ষেপ প্রকাশ কৰে।






























